02
May
উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম আগশাৰীৰ চিমেণ্ট প্ৰস্তুতকাৰী প্ৰতিষ্ঠান অমৃত চিমেণ্টে আজি গুৱাহাটীৰ আটাইতকৈ পুৰণি মছজিদ বুঢ়া জামে মছজিদৰ উদ্যোগত ৩য় বুঢ়া (জামে) মছজিদ শান্তি বঁটা, ২০২২ প্ৰদান কৰে। বুঢ়া (জামে) মছজিদ শান্তি বঁটা, আগশাৰীৰ ডিজিটেল মিডিয়া আউটলেট টাইম ৮-ৰ সহযোগত 2019 চনতে আৰম্ভ কৰা হৈছিল। প্ৰতিবছৰে এই বঁটা সমাজৰ উন্নতি আৰু ইতিবাচক পৰিৱৰ্তনত অৰিহণা যোগোৱা বিভিন্ন ক্ষেত্ৰৰ দহজন যোগ্য ব্যক্তিক প্ৰদান কৰা হয়। প্ৰতি বছৰে পবিত্ৰ ৰমজান মাহত বিভিন্ন সম্প্ৰদায় আৰু ধৰ্মৰ ব্যক্তিসকলৰ উপস্থিতিত এই বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন কৰা হয়। বুঢ়া (জামে) মছজিদৰ প্ৰাক্তন সভাপতি আনোৱাৰ হুছেইন, বুঢ়া (জামে) মছজিদৰ সভাপতি ৰেকিবুদ্দিন আহমেদ, বুঢ়া (জামে) মছজিদৰ সাধাৰণ সম্পাদক নিজামুল হক, টাইম৮ৰ…
