04
Apr
"ইণ্ডিয়া" মহাজোঁটৰ অংশীদাৰ আৰু জম্মু আৰু কাশ্মীৰৰ দুটা ৰাজনৈতিক দল পিডিপি আৰু নেচনেল কনফাৰেন্সে উপত্যকাৰ তিনিখন লোকসভা আসনত দুয়োটা দলে ইজনে আনজনৰ বিৰুদ্ধে প্ৰাৰ্থী প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে। পূৰ্বে দুয়োটা দলে কেন্দ্ৰীয় শাসিত অঞ্চলত একেলগে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব পাৰে বুলি আলোচনা চলি আছিল। কিন্তু বাস্তৱ ক্ষেত্ৰত সেইটো সম্ভৱ হৈ নুঠিল। এতিয়া দুয়োটা দলৰ মাজত অভিযোগ - প্ৰতি অভিযোগহে আৰম্ভ হৈছে। এই সন্দৰ্ভত মেহবুবা মুফতীয়ে কয় যে নেচনেল কনফাৰেন্সৰ উপ-সভাপতি ওমৰ আব্দুল্লাই তেওঁৰ বাবে কোনো বিকল্প এৰি দিয়া নাই। তেওঁৰ বক্তব্যৰ ওপৰত ওমৰ আব্দুল্লাই প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে যেতিয়া ২০২০ চনত জিলা পৰিষদৰ নিৰ্বাচনৰ সময়ত গুপকাৰ এলায়েন্স গঠন কৰা হৈছিল,…
