02
May
কেন্দ্ৰীয় চৰকাৰে বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ক কয় যে কেন্দ্ৰীয় অনুসন্ধান ব্যুৰো (চিবিআই) তেঁওলোকৰ নিয়ন্ত্ৰণৰ অধীনত নহয়। কেন্দ্ৰীয় চৰকাৰে পশ্চিম বংগ চৰকাৰৰ দ্বাৰা দাখিল কৰা গোচৰটোৰ প্ৰাথমিক আপত্তিত এই কথা কয়। দৰাচলতে, পশ্চিম বংগ চৰকাৰে নিজৰ গোচৰত কয় যে চিবিআইয়ে ৰাজ্যখনৰ আগতীয়া অনুমতি অবিহনে বহুক্ষেত্ৰত তেঁওলোকৰ তদন্ত আগবঢ়াই আছে। পশ্চিম বংগ চৰকাৰে সংবিধানৰ ১৩১ নং অনুচ্ছেদৰ অধীনত কেন্দ্ৰৰ বিৰুদ্ধে শীৰ্ষ আদালতত এটা মূল গোচৰ ৰুজু কৰিছে, চিবিআইয়ে এজাহাৰ পঞ্জীয়ন কৰি তেওঁলোকৰ তদন্ত আগবঢ়াইছে বুলি অভিযোগ উত্থাপন কৰিছে। আনহাতে ৰাজ্যখনে গোচৰসমূহৰ তদন্তৰ বাবে তেঁওলোকৰ অধিকাৰ ক্ষেত্ৰৰ অধীনত থকা ফেডাৰেল সংস্থাটোক দিয়া সাধাৰণ সন্মতি প্ৰত্যাহাৰ কৰিছে। অনুচ্ছেদ ১৩১ কেন্দ্ৰ আৰু এক বা একাধিক ৰাজ্যৰ…
