Dipshikha

2947 Posts
মুক্তিৰ দুদিনত ছবিখনে উপাৰ্জন কৰিছে ৫.৪০ কোটি টকা

মুক্তিৰ দুদিনত ছবিখনে উপাৰ্জন কৰিছে ৫.৪০ কোটি টকা

অসমৰ লগতে দেশৰ আন কেবাটাও প্ৰান্তৰ ছবিগৃহত সগৌৰৱেৰে চলি আছে যোৱা ৩১ অক্টোবৰত মুক্তিলাভ কৰা অসমীয়া ছবি ‘ৰৈ ৰৈ বিনালে’। জুবিন গাৰ্গৰ সপোনৰ ছবি এইখন।উপাৰ্জনৰ ক্ষেত্ৰত যেন অভিলেখ সৃষ্টি কৰিছে জুবিন গাৰ্গৰ অন্তিমখন ছবিয়ে। মুক্তিৰ দুদিনত ছবিখনে উপাৰ্জন কৰিছে ৫.৪০ কোটি টকা। অসমীয়া ছবিৰ ক্ষেত্ৰত ই অভূতপূৰ্ব সফলতা।একালত অসমতে অসমীয়া ছবি এলাগীৰ দৰে হোৱাৰ পাছতো অসমীয়া ছবিত কোটি টকাৰ বিনিয়োগ কৰি ছবি এখনক দৰ্শকৰ মাজলৈ লৈ অহাৰ সাহস গোটালে কেবাজনো নিৰ্মাতাই। শেহতীয়া সময়ছোৱাত কোটিৰো অধিক উপাৰ্জন কৰা কেইখনমান অসমীয়া ছবিৰ বিষয়ে জানো আহক- বিদুৰভাই- ১৭.৭৫ কোটিভাইমনদা- ১৪.৩১ কোটিশ্ৰীৰঘুপতি- ১৩.৮১ কোটিৰুদ্ৰ- ১০.৫৬ কোটিৰত্নাকৰ- ১০ কোটিকাঞ্চনজংঘা- ৭ কোটিডাক্তৰ বেজবৰুৱা২- ৭ কোটিমিছন চাইনা-…
Read More
“জুবিন গাৰ্গৰ জীৱনী অসমৰ বিদ্যালয়ৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰাৰ প্ৰস্তাৱ”

“জুবিন গাৰ্গৰ জীৱনী অসমৰ বিদ্যালয়ৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰাৰ প্ৰস্তাৱ”

জুবিন গাৰ্গৰ দেহাৱসানৰ পিছত তেওঁৰ জীৱনী বিদ্যালয়ৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা হ’ব বুলি ঘোষণা কৰিছিল শিক্ষা পৰিষদে। এই জীৱনীখন দেশৰ ১৪টা প্ৰধান আধুনিক ভাৰতীয় ভাষা (MIL)ৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হ’ব বুলিও অসম বিদ্যালয় শিক্ষা পৰিষদে সদৰী কৰিছিল।ৰাজ্যৰ শিক্ষামন্ত্ৰী ড০ ৰণোজ পেগুৱে কয় যে , "জুবিন গাৰ্গৰ জীৱনী অসমৰ বিদ্যালয়ৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰাৰ প্ৰস্তাৱ সক্ৰিয়ভাৱে বিবেচনাধীন হৈ আছে। পেগুৱে কয়, ‘মই ভাবো যে ব’ৰ্ডখনে এই সিদ্ধান্ত ল'ব।"তেওঁ কয়, "SCERT-এ ইয়াক পৰীক্ষা কৰি আছে কাৰণ ই ৰাষ্ট্ৰীয় পাঠ্যক্ৰমৰ কাঠামোৰ সৈতে সামঞ্জস্যপূৰ্ণ হ’ব লাগিব। কিবা এটা নিশ্চয় কৰা হ’ব। আমি কৰিম।"
Read More
BCCI ৰ এক ডাঙৰ ঘোষণা

BCCI ৰ এক ডাঙৰ ঘোষণা

অৱশেষত বিশ্বকাপৰ খিতাপ দখল কৰিলে মহিলা ক্ৰিকেট দলটোয়ে। প্ৰথমবাৰৰ বাবে ভাৰতীয় মহিলা ক্ৰিকেট দলটো চেম্পিয়ন হয়। ইয়াৰ মাজতে দলটোৰ বাবে BCCI য়ে এক ডাঙৰ ঘোষণা কৰিছে।ভাৰতীয় মহিলা দল আৰু প্ৰশিক্ষক-কৰ্মচাৰীসকলৰ বাবে পুৰস্কাৰৰ ঘোষণা কৰা হৈছে। বিচিচিআইৰ সম্পাদক দেৱজিৎ শইকীয়াই এই ঘোষণা কৰে।মহিলা দলটোক জয়ৰ বাবে অভিনন্দন জনাই BCCI য়ে কয় যে, বিচিচিআইয়ে খেলুৱৈ, প্ৰশিক্ষক, সহায়ক-কৰ্মচাৰী তথা সমগ্ৰ দলটোৰ বাবে ৫১ কোটি টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে। ইয়াৰোপৰি দলটোৱে আৰু বহু সুবিধা লাভ কৰিব।
Read More
২০২৫-২৬ পৰ্যটন বৰ্ষৰ বাবে মুকলি কৰা হ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

২০২৫-২৬ পৰ্যটন বৰ্ষৰ বাবে মুকলি কৰা হ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

২০২৫-২৬ পৰ্যটন বৰ্ষৰ বাবে মুকলি কৰা হ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কেন্দ্ৰীয় বনাঞ্চল কঁহৰা ৷ বনাঞ্চলখনৰ প্ৰৱেশদ্বাৰ মিহিমুখত দেওবাৰে পৰ্যটক, স্থানীয় ৰাইজ, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষেত্ৰ সঞ্চালক ড৹ সোণালী ঘোষৰ লগতে বনবিভাগৰ বিষয়া-কৰ্মী, পৰ্যটন ব্যৱসায়ী আদিৰ উপস্থিতিত ৰাজ্যৰ বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে নাৰিকল ভাঙি, ফিটা কাটি কঁহৰা বনাঞ্চল আনুষ্ঠানিকভাৱে পৰ্যটকৰ বাবে মুকলি কৰে ৷ইয়াৰ লগে লগে কঁহৰা বনাঞ্চলত পৰ্যটকৰ বাবে জীপ ছাফাৰী আৰু হাতী ছাফাৰী মুকলি কৰা হয় ৷ মুঠৰ ওপৰত সৰ্বতোপ্ৰকাৰে পৰ্যটকক আদৰিবলৈ সাজু হৈছে কাজিৰঙা ৷
Read More
অৱশেষত মুক্তি লাভ কৰিলে জুবিন গাৰ্গৰ জীৱনৰ শেষৰখন ছবি ৰৈ ৰৈ বিনালে

অৱশেষত মুক্তি লাভ কৰিলে জুবিন গাৰ্গৰ জীৱনৰ শেষৰখন ছবি ৰৈ ৰৈ বিনালে

অৱশেষত মুক্তি লাভ কৰিলে জুবিন গাৰ্গৰ জীৱনৰ শেষৰখন ছবি ৰৈ ৰৈ বিনালে। আজি পুৱা গুৱাহাটীৰ এটা চিনেমা হলত পুৱা ৪.২৫ বজাত প্ৰথম দৰ্শনী হয়।অৱশেষত মুক্তি লাভ কৰিলে জুবিন গাৰ্গৰ জীৱনৰ শেষৰখন ছবি ৰৈ ৰৈ বিনালে। আজি পুৱা গুৱাহাটীৰ এটা চিনেমা হলত পুৱা ৪.২৫ বজাত প্ৰথম দৰ্শনী হয়।তথ্য অনুসৰি, আজি দেশৰ ১৪৩ টা ছবি গৃহত ৰৈ ৰৈ বিনালেৰ ৬৬৪ দৰ্শনী হ’ব। অসমৰ ৫৩টা চিত্ৰগৃহত দৈনিক ৪৩৩টা দৰ্শনী অনুষ্ঠিত হ’ব। অসমৰ বাহিৰে ৯০ টা ছবি গৃহত দৈনিক ২৩৪ টা দৰ্শনী। মুঠতে আগন্তুক কেইটামান দিনৰ বাবে লাখ লাখ মানুহে চাব হেঁপাহৰ শিল্পীগৰাকীৰ শেষৰখন ছবি। উল্লেখ্য যে, ৰাজেশ ভূঞাৰ পৰিচালনাৰে জুবিন গাৰ্গৰ জীৱনৰ শেষৰখন…
Read More
প্ৰাক্তন ক্ৰিকেটাৰ মহম্মদ আজহাৰুদ্দিন মন্ত্ৰী হ’ল

প্ৰাক্তন ক্ৰিকেটাৰ মহম্মদ আজহাৰুদ্দিন মন্ত্ৰী হ’ল

প্ৰাক্তন ক্ৰিকেটাৰ মহম্মদ আজহাৰুদ্দিন মন্ত্ৰী হ'ল ৷ তেলেংগানাত শাসনাধিষ্ঠ কংগ্ৰেছ চৰকাৰৰ এগৰাকী কেবিনেট মন্ত্ৰীৰূপে আজি অৰ্থাৎ শুকুৰবাৰে শপত ল'লে প্ৰাক্তন ক্ৰিকেটাৰ, ধাৰাভাষ্যকাৰ মহম্মদ আজহাৰুদ্দিনে ৷তেলেংগানা প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি তথা প্ৰাক্তন ক্ৰিকেটাৰ মহম্মদ আজহাৰুদ্দিনক মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰিবলৈ ৰাজ্যৰ কংগ্ৰেছ চৰকাৰখনে লোৱা সিদ্ধান্তই তেলেংগানাৰ ৰাজনীতিত ব্যাপক চৰ্চা লাভ কৰিছে ৷
Read More
ধনিয়াৰ স্বাস্থ্যৰ উপকাৰিতা

ধনিয়াৰ স্বাস্থ্যৰ উপকাৰিতা

ধনিয়া স্বাস্থ্য আৰু ছালৰ বাবে যথেষ্ট উপকাৰী, যাৰ গুণাগুণৰ ভিতৰত আছে ডায়েবেটিছ নিয়ন্ত্ৰণ, হজম শক্তি বৃদ্ধি, প্ৰদাহ হ্ৰাস, ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি, আৰু হৃদযন্ত্ৰৰ স্বাস্থ্যৰ উন্নতি। এইবোৰৰ উপৰিও, ধনিয়াৰ ডিটক্সিফাইং আৰু এণ্টিমাইক্ৰোবাইল গুণ আছে, যিয়ে দেহক বিভিন্ন সংক্ৰমণৰ পৰা ৰক্ষা কৰে আৰু ছালকো সুস্থ ৰাখে। ধনিয়া, প্ৰতিটো ভাৰতীয় পাকঘৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ মছলা বুলি কব পাৰি ৷ ধনিয়া'য়ে সকলো ব্যঞ্জনৰ স্বাদ বর্ধক হিচাপে কাম কৰে আৰু ইয়াৰ ৰং আৰু ফ্লেভাৰৰ বাবে অধিক সোৱাদ পূর্ণ হয় ৷ গৱেষণা অনুসৰি, ধনিয়া হৈছে আহাৰৰ ফাইবাৰ, মেংগানিজ, লো আৰু মেগনেছিয়ামৰ উৎস ৷ আনকি ইয়াৰ পাতবোৰ ভিটামিন চি, ভিটামিন কে, আৰু প্ৰ'টিনেৰে সমৃদ্ধ যিবোৰৰ বিষয়ে বহুলোকে…
Read More
বঙাইগাঁৱৰ ছবিগৃহত দৰ্শনী বাতিল হয়, যাৰ পাছতে উত্তেজিত হৈ পৰে জনতা

বঙাইগাঁৱৰ ছবিগৃহত দৰ্শনী বাতিল হয়, যাৰ পাছতে উত্তেজিত হৈ পৰে জনতা

আজি মুক্তি লাভ কৰিলে জুবিন গাৰ্গৰ অন্তিমখন ছবি ৰৈ ৰৈ বিনালে। কিন্তু বঙাইগাঁৱৰ ছবিগৃহত দৰ্শনী বাতিল হয়, যাৰ পাছতে উত্তেজিত হৈ পৰে জনতা।জানিব পৰা মতে, বঙাইগাঁৱৰ জলী মেক্সৰ অডি-২ৰ দৰ্শনীত যান্ত্ৰিক বিজুতি হয়। যাৰ বাবে পুৱা ৭ টা বজাৰ দৰ্শনী বাতিল কৰিবলগীয়া হয়। শেষবাৰৰ বাবে জুবিন গাৰ্গৰ অন্তিমখন ছবি চাবলৈ বৰপেটা, চাপৰ আদিৰ পৰা ছবিগৃহটোলৈ মানুহ আহিছিল। পুৱা ৩ বজাৰ পৰা লাইনত থিয় দি আছিল যদিও চাবলৈ নাপালে ছবিখন। যাৰ বাবে উত্তেজিত হৈ পৰে জনতা।
Read More
জুবিন গাৰ্গৰ কথা ৰাখি মহাবাহু ব্ৰহ্মপুত্ৰত উটুৱাই দিয়া হ’ল জুবিনৰ চিতাভস্ম

জুবিন গাৰ্গৰ কথা ৰাখি মহাবাহু ব্ৰহ্মপুত্ৰত উটুৱাই দিয়া হ’ল জুবিনৰ চিতাভস্ম

জুবিন গাৰ্গৰ কথা ৰাখি মহাবাহু ব্ৰহ্মপুত্ৰত উটুৱাই দিয়া হ'ল জুবিনৰ চিতাভস্ম । ধৰ্মীয় ৰীতি-নীতিৰ মাজেৰে বুধবাৰে এই কাৰ্য সম্পন্ন কৰা হয় । ব্ৰহ্মপুত্ৰত জুবিন গাৰ্গৰ অস্থি বিসৰ্জন দি চকুলো টুকিছে পত্নী গৰিমা শইকীয়া গাৰ্গে ।গুৱাহাটীৰ লাচিত ঘাটত নাৱেৰে ব্ৰহ্মপুত্ৰৰ বক্ষত চিতাভস্ম বিসৰ্জন দিয়া হয় । পত্নী গৰিমা শইকীয়া গাৰ্গ, ভগ্নী পামী বৰঠাকুৰৰ লগতে জুবলী বৰুৱা, পাৰ্থসাৰথি মহন্ত, জুবিনৰ বাদ্যযন্ত্ৰীৰ লগতে আত্মীয়সকল উপস্থিত থাকে । সমান্তৰালকৈ যোৰহাটতো মহাবাহু ব্ৰহ্মপুত্ৰত জুবিন গাৰ্গৰ ছিটা ভস্ম বিসৰ্জন। গুৱাহাটীৰ লগতে আজি যোৰহাটতো জুবিন গাৰ্গৰ ছিটা ভস্ম ব্ৰহ্মপুত্ৰ নদীত বিসৰ্জন দিয়া হয়। জিলা প্ৰশাসনৰ উদ্যোগত আৰু জুবিনৰ আত্মীয় আৰু শুভাকাংক্ষী সকলে ভাগ লয়। জুবিন গাৰ্গৰ লগত…
Read More
টাই আহোমৰ জনজাতিকৰণৰ দাবীত মৰাণত বিশাল জোঁৰ সমদল

টাই আহোমৰ জনজাতিকৰণৰ দাবীত মৰাণত বিশাল জোঁৰ সমদল

৬০০ বছৰ ৰাজ শাসন কৰা টাই আহোম সকলে নিজৰ জাতীয় অস্তিত্ব ৰক্ষাৰ বাবে ধাৰাবাহিকভাৱে ৰাজপথত নামিবলগা হৈছে । জনগোষ্ঠীটোৰ ৰাইজে জনজাতিকৰণৰ দাবীত ধাৰাবাহিক প্ৰতিবাদ সাব্যস্ত কৰিছে আহিছে । প্ৰতিখন চৰকাৰে অসমৰ টাই আহোমকে ধৰি ছয় জনগোষ্ঠীক জনজাতিৰ স্বীকৃতি প্ৰদানৰ প্ৰতিশ্ৰুতি দি আহিছে যদিও সেই প্ৰতিশ্ৰুতি আজিও কাৰ্যকৰী কৰিব নোৱৰাত ক্ষোভিত হৈ পৰিছে ৰাজ্যৰ ছয় জনগোষ্ঠীৰ দল-সংগঠনসমূহ ।মঙলবাৰে নিশা টাই আহোমৰ জনজাতিকৰণৰ দাবীত মৰাণত বিশাল জোঁৰ সমদল উলিওৱা হয় । বৃহত্তৰ টাই আহোম সমাজৰ উদ্যোগত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় মৰাণৰ ৰাজপথত । উজনিৰ কেইবাখনো জিলাৰ দল-মত নিৰ্বিশেষে হাজাৰ হাজাৰ টাই আহোম জনগোষ্ঠীৰ লোকে জনজাতিকৰণৰ দাবীত কঁপাই তোলে মৰাণৰ ৰাজপথ…
Read More