Dipshikha

2947 Posts
ৰাজধানী দিল্লীত সংঘটিত বিস্ফোৰণৰ ঘটনাই দেশত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে

ৰাজধানী দিল্লীত সংঘটিত বিস্ফোৰণৰ ঘটনাই দেশত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে

আজি সমগ্ৰ দেশত চাঞ্চল্যকৰ পৰিৱেশ। সোমবাৰে সন্ধিয়া ৰাজধানী দিল্লীত সংঘটিত বিস্ফোৰণৰ ঘটনাই দেশত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে। এই ঘটনাত এতিয়ালৈকে ৯ জন লোকৰ মৃত্যু হৈছে। আনহাতে প্ৰায় ২৮ লোক চিকিৎসাধীন হৈ আছে। ইয়াৰে কেইজনমানৰ অৱস্থা সংকটজনক। ইফালে প্ৰকাশ কৰা হৈছে আহত আৰু নিহতসকলৰ তালিকা। এই পৰ্যন্ত ২০ জন লোকক চিনাক্ত কৰা হৈছে। মৃত্যু হোৱা ৯ জন লোকৰ ভিতৰত এজন উত্তৰ প্ৰদেশৰ অশোক কুমাৰ আৰু আনজন দিল্লীৰ অমৰ কটাৰীয়া বুলি চিনাক্ত হৈছে। ইফালে এতিয়াও চিনাক্ত হোৱা নাই বাকীসকলৰ মৃতদেহ।
Read More
আইচিচিয়ে ল’লে সিদ্ধান্ত

আইচিচিয়ে ল’লে সিদ্ধান্ত

ছেমি ফাইনেলৰ বাবে ভাৰতৰ দুটা স্থানৰ বিপৰীতে শ্ৰীলংকাত এটা স্থান নিৰ্ধাৰণ কৰা হৈছে। লক্ষণীয়ভাৱে ছেমিৰ বাবে নিৰ্ধাৰিত স্থানৰ তালিকাত নাই মুম্বাই আৰু দিল্লী। ছেমিৰ বাবে এইদৰে তিনিটা স্থান নিৰ্ধাৰণৰ আঁৰতো আছে বিশেষ কাৰণ।মহিলা বিশ্বকাপ ২০২৫ৰ পিছত এতিয়া আইচিচিয়ে পৰৱর্তী প্রতিযোগিতাৰ বাবে প্রস্তুতি আৰম্ভ কৰিছে৷ আগন্তুক এই প্ৰতিযোগিতাখন ভাৰত আৰু শ্ৰীলংকাত অনুষ্ঠিত হ’ব। অহা বৰ্ষৰ ফেব্ৰুৱাৰী-মাৰ্চ মাহত অনুষ্ঠিত হ’বলগীয়া পুৰুষৰ এই টি-২০ বিশ্বকাপ ২০২৬ৰ বাবে এতিয়া আইচিচিয়ে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। প্ৰতিযোগিতাখনৰ বাবে আইচিচিয়ে নিৰ্দিষ্ট স্থানসমূহৰ চৰ্টলিষ্ট কৰিছে। সেই অনুসৰি ভাৰতৰ পাঁচখন চহৰক এই বিশ্বকাপৰ স্থান হিচাপে নিৰ্ধাৰণ কৰাৰ বিপৰীতে শ্ৰীলংকাৰ তিনিখন ষ্টেডিয়াম চূড়ান্ত কৰা হৈছে।এক প্ৰতিবেদন অনুসৰি এই টি-২০ বিশ্বকাপৰ…
Read More
ভোট জলকীয়া স্বাস্থ্যৰ বাবে কিমান উপকাৰী

ভোট জলকীয়া স্বাস্থ্যৰ বাবে কিমান উপকাৰী

অসমৰ ভোট জলকীয়াই নিজৰ সোৱাদৰ বাবে সমগ্ৰ বিশ্বতে বিশেষ স্থান লাভ কৰিছে, কিন্তু আপুনি জানেনে যে সোৱাদৰ লগতে এই জলকীয়া আপোনাৰ স্বাস্থ্যৰ বাবেও কিমান উপকাৰী-ভোট জলকীয়া স্বাস্থ্যৰ বাবে বহু উপকাৰী, যি বন্ধ নাক খোলাত সহায় কৰে, গাঁঠিৰ বিষ কমায়, আৰু জৈৱিক কীটনাশক তৈয়াৰ কৰাত ব্যৱহাৰ হয়। ইয়াৰ উপকাৰিতাৰ লগতে ইয়াৰ অনন্য জ্বলা সোৱাদৰ বাবে বিভিন্ন ৰন্ধন প্ৰণালীত ইয়াৰ ব্যৱহাৰ হয়। ভোট জলকীয়াৰ উপকাৰিতাশ্বাস-প্ৰশ্বাসৰ সমস্যা: ই বন্ধ নাক খোলাত সহায় কৰে।ব্যথা উপশম: ইয়াত থকা কেপচাইচিন নামৰ উপাদানৰ বাবে ইয়াক ছালত প্ৰয়োগ কৰিলে গাঁঠিৰ বিষ উপশম হয়।জৈৱিক কীটনাশক: জৈৱিক খেতিৰ বাবে কীটনাশক ঔষধ তৈয়াৰ কৰিবলৈও ভোট জলকীয়া ব্যৱহাৰ কৰা হয়, বিশেষকৈ জৈৱিক…
Read More
খালী পেটত বেলৰ পাত চোবাই খোৱাৰ উপকাৰিতা

খালী পেটত বেলৰ পাত চোবাই খোৱাৰ উপকাৰিতা

আয়ুৰ্বেদত বেলপাতক ঔষধি গুণেৰে সমৃদ্ধ বুলি কোৱা হয়। কেৱল ধৰ্মীয়ভাৱে ভগৱান শিৱৰ ওচৰত অৰ্পণ কৰাই নহয়, ইয়াত থকা ঔষধি গুণ শৰীৰৰ বাবে অলৌকিক হিচাপে পৰিচিত। খালী পেটত বিশেষকৈ ৰাতিপুৱা বেলপাত চোবাই খোৱাটো অতি উপকাৰী হ’ব পাৰে ।বেলপাতৰ বিভিন্ন উপকাৰিতা আছে, যেনে চকুৰ সমস্যা, হৃদৰোগ, আৰু অৰ্শ ৰোগ নিৰাময়ত সহায় কৰে। ইয়াৰ উপৰিও, জ্বৰ, মূৰৰ বিষ, আৰু বাৰ্দ্ধক্যৰ লক্ষণসমূহ কমাবলৈও বেলপাত ব্যৱহাৰ কৰা হয়।খালী পেটত বেলৰ পাত চোবাই খোৱাৰ উপকাৰিতা.....বেল পাতত থকা আঁহ আৰু প্ৰদাহ নিবাৰণকাৰী গুণে হজম শক্তি উন্নত কৰে। ইয়াৰ দ্বাৰা গেছ, কোষ্ঠকাঠিন্য, বদহজম, পেটৰ বিষ আদি সমস্যাৰ পৰা সকাহ পোৱা যায়। ইয়াৰ উপৰিও লিভাৰ সক্ৰিয় কৰে, যাৰ ফলত…
Read More
মৰিকলঙত সংঘটিত হৈছে এক ভয়ংকৰ ডকাইটিৰ ঘটনা

মৰিকলঙত সংঘটিত হৈছে এক ভয়ংকৰ ডকাইটিৰ ঘটনা

নগাঁও জিলাৰ মৰিকলঙত সংঘটিত হৈছে এক ভয়ংকৰ ডকাইটিৰ ঘটনা। সূত্ৰৰ খবৰ অনুসৰি, শিক্ষা বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী দম্পতীক ছুৰীৰে আক্ৰমণ কৰি লুটি নিয়ে ধন।জানিব পৰা মতে,নগাঁও চহৰৰ সমীপৰ মৰিকলঙৰ হৰেন্দ্ৰ নাথ বৰা আৰু দিপ্তী বৰা ঘৰত সংঘটিত হৈছে এই জঘন্য ঘটনা।লোকজনৰ ছুৰীৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় হৰেন্দ্ৰ নাথ বৰা আৰু দিপ্তী বৰা। বৰ্তমান দুয়োগৰাকী চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে।উল্লেখ্য যে,অকলশৰীয়া দম্পতীৰ ঘৰত কেয়াৰটেকাৰ হিচাপে থকা প্ৰভাত হাজৰিকা নামৰ এজন লোকে এই ডকাইতিৰ ঘটনা সংঘটিত কৰি পলায়ন কৰাৰ অভিযোগ উত্থাপন হৈছে। প্ৰভাত হাজৰিকা পূৰ্বে দম্পতীৰ কেয়াৰটেকাৰ হিচাপে আছিল।
Read More
জম্মু-কাশ্মীৰত অব্যাহত আছে নিৰাপত্তাৰক্ষীৰ সন্ত্ৰাসবাদ বিৰোধী অভিযান

জম্মু-কাশ্মীৰত অব্যাহত আছে নিৰাপত্তাৰক্ষীৰ সন্ত্ৰাসবাদ বিৰোধী অভিযান

জম্মু-কাশ্মীৰত অব্যাহত আছে নিৰাপত্তাৰক্ষীৰ সন্ত্ৰাসবাদ বিৰোধী অভিযান। সন্ত্ৰাসমুক্ত কৰি তোলাৰ লক্ষ্যৰে উপত্যকাটোত ধাৰাবাহিকভাৱে অভিযান চলাই আহিছে নিৰাপত্তা বাহিনীয়ে। আজি পুনৰ নিৰাপত্তা বাহিনীয়ে উপত্যকাটোত সন্ত্ৰাসবাদ বিৰোধী অভিযানৰ সময়ত এক বৃহৎ সাফল্য লাভ কৰিছে। জম্মু-কাশ্মীৰৰ কুপৱাৰাৰ কেৰাণ খণ্ডত আজি নিৰাপত্তা বাহিনীৰ গুলীত প্ৰাণ হেৰুৱাইছে দুই সন্ত্ৰাসবাদীয়ে। এক যৌথ অভিযানত নিৰাপত্তা বাহিনীয়ে অনুপ্ৰৱেশৰ চেষ্টা বিফল কৰি প্ৰাণ লয় সন্ত্ৰাসবাদী দুজনৰ।
Read More
তাঁতশালত প্ৰাণৱন্ত হৈ উঠিল প্ৰাণৰ শিল্পী জুবিন গাৰ্গ

তাঁতশালত প্ৰাণৱন্ত হৈ উঠিল প্ৰাণৰ শিল্পী জুবিন গাৰ্গ

তামুলপুৰৰ শিপিনী বিজয় দাসৰ তাঁতশালত প্ৰাণৱন্ত হৈ উঠিল প্ৰাণৰ শিল্পী জুবিন গাৰ্গ । তাঁতশালত বুটা বাচি গামোচাত হুবহু সৃষ্টি কৰিলে জুবিন গাৰ্গক।৩ দিনত শিল্পী গৰাকীক গামোচাত প্ৰাণৱন্ত ৰূপ দিবলৈ সক্ষম হয় বিজয় দাসে। এইগৰাকী তামুলপুৰৰ প্ৰতিভাৱান যুৱকে সৰুৰে পৰাই পঢ়া শুনাৰ লগতে তাঁতশালত কাম কৰিবলৈ শিকিছিল।
Read More
আঠ বছৰীয়া কিশোৰীক ৰাজ্যৰ বাহিৰত ডেৰ লাখ টকাত বিক্ৰী

আঠ বছৰীয়া কিশোৰীক ৰাজ্যৰ বাহিৰত ডেৰ লাখ টকাত বিক্ৰী

উজনি অসমৰ তিনিচুকীয়া জিলাৰ ফিল’বাৰী অঞ্চলত পোহৰলৈ আহিছে গোপনে মানৱ সৰবৰাহ চলি থকাৰ এক চাঞ্চল্যকৰ তথ্য। চাহ শ্ৰমিক পৰিয়ালৰ এগৰাকী প্ৰায় আঠ বছৰীয়া কিশোৰীক ৰাজ্যৰ বাহিৰত ডেৰ লাখ টকাত বিক্ৰী কৰাৰ অভিযোগ উত্থাপন হৈছে। এই গোচৰটোৱে আৰ্থিকভাৱে দুৰ্বল চাহ বাগিচাৰ শ্ৰমিকৰ নাবালক-নাবালিকাক লক্ষ্য কৰি এটা চক্ৰই মানৱ সৰবৰাহৰ নেটৱৰ্ক চলাই থকাৰ ঘটনাক উন্মোচন কৰিছে।আদিবাসী ছাত্ৰ সন্থাৰ স্থানীয় সদস্যই প্ৰদান কৰা তথ্যৰ ভিত্তিত গাঁওবাসীয়ে যোৱা ৪ নৱেম্বৰত কিশোৰীকেইগৰাকীক নিবলৈ অহা এখন ৱেগনআৰ বাহন ঘেৰাও কৰে। ডুমডুমা তপোবানৰ দিপক ফুকন নামৰ চালকজনক আটক কৰি পেঙেৰী আৰক্ষীক গতাই দিয়ে স্থানীয় লোকে।
Read More
বেদখলৰ বিৰুদ্ধে অভিযান অব্যাহত আছে বিজেপি নেতৃত্বাধীন অসম চৰকাৰৰ

বেদখলৰ বিৰুদ্ধে অভিযান অব্যাহত আছে বিজেপি নেতৃত্বাধীন অসম চৰকাৰৰ

বেদখলৰ বিৰুদ্ধে অভিযান অব্যাহত আছে বিজেপি নেতৃত্বাধীন অসম চৰকাৰৰ। এইবাৰ অসম চৰকাৰ সাজু হৈছে গোৱালপাৰাত বৃহৎ উচ্ছেদ অভিযান চলোৱাৰ বাবে। দহিকটা সংৰক্ষিত বনাঞ্চলৰ ১১৪৩ বিঘা ভূমি বেদখলমুক্ত কৰাৰ লক্ষ্যৰে চলোৱা হ’ব উচ্ছেদ অভিযান। অহা ৯ আৰু ১০ নৱেম্বৰত এই বিশাল ভূমিত উচ্ছেদ অভিযান চলাব প্ৰশাসনে।উল্লেখ্য যে যোৱা জুন মাহত গোৱালপাৰা জিলা প্ৰশাসনে জিলাখনৰ হাছিলা বিলত প্ৰায় ১৫০০ বিঘা ভূমিত উচ্ছেদ অভিযান চলাইছিল। সেইসময়ত অৱশ্যে কেতবোৰ অপ্ৰীতিকৰ পৰিস্থিতিৰো উদ্ভৱ হৈছিল উচ্ছেদস্থলীত। এইবাৰ যাতে উচ্ছেদৰ সময়ত কোনো ধৰণৰ তেনে ঘটনাৰ সৃষ্টি নহয়, তাৰ বাবে সতৰ্ক হৈছে প্ৰশাসন।বিভাগীয় সূত্ৰৰ মতে, উচ্ছদে অভিযানৰ বাবে যাৱতীয় সকলো ব্যৱস্থা সম্পূৰ্ণ কৰা হৈছে। উচ্ছেদ অভিযানৰ পূৰ্বেই বেদখলকাৰীলৈ…
Read More
মহিলা বিশ্বকাপ বিজয়ী দলত স্থান লাভ কৰি সমাদৃত উমা আহি পালে জন্মভূমি অসম

মহিলা বিশ্বকাপ বিজয়ী দলত স্থান লাভ কৰি সমাদৃত উমা আহি পালে জন্মভূমি অসম

মহিলা বিশ্বকাপ বিজয়ী দলত স্থান লাভ কৰি সমাদৃত উমা আহি পালে জন্মভূমি অসম । বৰঝাৰত আদৰিবলৈ নগ'ল ৰজাঘৰীয়া ।বিমান বন্দৰত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাই আদৰণি জনাই যদিও বিশ্ব জয় কৰি উভতি অহা উমা ছেত্ৰীক আদৰণি জনাবলৈ আহৰি নাপালে চৰকাৰী পক্ষৰ কোনো লোকে । আনকি অসম ক্ৰিকেট সন্থাৰ মাত্ৰ এজন লোক উপস্থিত হৈ ডিঙিত গামোচা দিয়েই সামৰিলে দায়িত্ব ।সকলোকে ধন্যবাদ জ্ঞাপন কৰি উমাই কয়, "খুবেই ভাল লাগিছে, ইমান ধুনীয়াকৈ আদৰণি জনোৱাৰ বাবে । অসম ক্ৰিকেট সন্থা আৰু গোৰ্খা ছাত্ৰ সন্থাক ধন্যবাদ । প্ৰথমবাৰ মই এনেকে লগ পাইছোঁ তেওঁলোকক । মোৰ প্ৰশিক্ষণৰ সময়ত সহায় কৰা সকলোৰে নাম ল'লে বহুত দীঘল হৈ…
Read More