17
Jun
আজি মদিনাৰ পৰা অসমৰ তৃতীয়টো হজ্জযাত্ৰীৰ দল (৪৫০ কি: মি : পথ ) বাছেৰে মক্কা অভিমুখে ৰওনা হয়। মদিনাত ৪০ ওৱাক্ত নামাজ আদায় কৰাৰ লগতে আজি জুল হুলাইফা মছজিদত এহৰামৰ কাপোৰ পিন্ধি হজৰ নীতি নিয়ম পালন কৰি হজ যাত্ৰী সকলে পোনে পোনে মক্কাত উপস্তিত হয় । ১৪৭ জনীয়া হজ্জ যাত্ৰীৰ দলটোত অসম চৰকাৰে খাদিমুল হজ্বা হিচাবে নিযুক্তি প্ৰদান কৰা আলহাজ আব্দুল হাই উপস্থিত থাকে । আব্দুল হাইৰ নেতৃত্বত হাজী সকলে শান্তিপুৰ্নভাৱে মক্কাত উপস্তিত হৈ ওমৰাহ হজ পালন কৰে । অসমৰ হজযাত্ৰী সকলে অসমৰ বান পৰিস্থিতি আৰু প্ৰতিটো জাতি জনগোষ্ঠীৰ মাজত ভ্ৰাতৃত্ববোধ আৰু শান্তি সম্প্ৰীতিৰ কাৰণে আল্লাৰ ওচৰত দোৱা-প্ৰাৰ্থনা কৰে৷ইপিনে খাদিমুল…