Dipshikha

2388 Posts

প্ৰধানমন্ত্ৰী আৱাস যোজনাক লৈ বৃহৎ কেলেংকাৰী

লখিমপুৰৰ ঘুনাসূতিত প্ৰধানমন্ত্ৰী আৱাস যোজনাক লৈ বৃহৎ কেলেংকাৰী ।উল্লেখযোগ্য যে দৰিদ্ৰ লোকৰ বাবে আৱন্টিত চৰকাৰী গৃহ বক্ৰপথেৰে আৱন্টন পাইছে চৰকাৰী চাকৰিয়ালে ।জানিব পৰা মতে বিদ্যালয়ৰ প্ৰধান শিক্ষক চৰকাৰী কৰ্মচাৰীয়েও লাভ কৰিছে চৰকাৰী গৃহ । তাৰ বিপৰীতে কিন্তু প্ৰকৃত দৰিদ্ৰ লোকে পোৱা নাই PMAY গৃহ।ইতিমধ্যে জিলা উপায়ুক্তক অভিযোগ দিয়াৰ পিছতো তদন্ত নোহোৱাত ক্ষোভিত হৈ পৰিছে এতিয়া ৰাইজ।ইয়াকে লৈ ঘুনাসুঁতি তিনিআলিত ক্ষুব্ধ ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিলে।
Read More

নাওবৈচাৰ ৰামপুৰ গুৰুনিত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে

নাওবৈচাৰ ৰামপুৰ গুৰুনিত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। গুৰুনি বজাৰত থকা তেল ডিপোৰ কৰ্মচাৰী থকা ঘৰত অগ্নিকাণ্ডৰ ঘটনাটো হোৱা বুলি জানিব পৰা গৈছে।চিলিণ্ডৰ বিস্ফোৰণ হৈ এই অগ্নিকাণ্ডৰ সূত্ৰপাত হৈছে বুলি সন্দেহ কৰিছে ৰাইজে। কাষতে পেট্ৰল ডিপো থকাত বেচি আতংকিত হৈ পৰিছে স্থানীয় ৰাইজ ।স্থানীয় ৰাইজে অগ্নিনিৰ্বাপক বাহিনীৰ সহযোগত জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয়।জুইত সম্পুৰ্ণ ঘৰটো জাহ যায় ক্ষয়ক্ষতিৰ পৰিমান বৰ্তমান সময়লৈ জানিব পৰা নাই।সৌভাগ্য ক্ৰমে এই জুইত কোনো লোক হতাহত হোৱা নাই।
Read More

পত্নী দাৰ ঘাপত মৃত্যু স্বামী

ডিব্ৰুগড়ত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা । নিজ পত্নীয়ে দা'ৰে ঘপিয়াই হত্যা কৰিলে স্বামীক । বৰবৰুৱা আৰক্ষী থানাৰ অন্তৰ্গত কলাখোৱা বাহবাৰি গাঁৱ নিবাসী খগেশ্বৰ ওৰফে মইনা দিহিঙীয়াক দা'ৰে ঘপিয়াই হত্যা কৰে পত্নী দেৱযানী দিহিঙ্গীয়াই । বিশেষ কাৰণত বাক বিতণ্ডা হৈছিল স্বামী - পত্নীৰ মাজত । আৰু ইয়াৰ পাছতেই সংঘটিত হয় এই ঘটনা । কাজিয়া আৰম্ভ হোৱাৰ সময়ত সৰু পুত্ৰও আছিল ঘৰতে । পিতৃ- মাতৃৰ কাজিয়া দেখি ওচৰ চুবুৰীয়াক মাতিবলৈ গৈ ঘূৰি অহাৰ আগতে মাতৃ দেৱযানি দিহিঙ্গীয়াৰ দাৰ ঘাপত গুৰুত্ব ভাবে আঘাট প্ৰাপ্ত হয় পিতৃ মইনা দিহিঙীয়া । ইয়াৰ পিছতে গুৰুত্বৰভাৱে আহত খগেশ্বৰ দিহিঙীয়া ওৰফে মইনা দিহিঙীয়াক অসম চিকিৎসা মহাবিদ্যালয়লৈ লৈ…
Read More

বেঁকী নদীৰ তীব্ৰ গৰাখহনীয়াৰ কবলত পৰিছে বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত দক্ষিণ বলাইপাথাৰ প্ৰাথমিক বিদ্যালয়

বেঁকী নদীৰ তীব্ৰ গৰাখহনীয়াৰ কবলত পৰিছেবৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত দক্ষিণ বলাইপাথাৰ প্ৰাথমিক বিদ্যালয় আৰু বেকি নদীৰ গৰাখহনীয়াত প্রায় দুই শ টা পৰিয়ালৰ ঘৰ দুৱাৰ জাঁহ গৈছে, বিদ্যালয় খনৰ শৌচাগাৰ, প্ৰেচাবগাৰ বেঁকীৰ নদীৰ গৰাখহনীয়াৰ কবলত পৰিলে ছাত্ৰ-ছাত্ৰীক শিক্ষাদানৰ ক্ষেত্ৰত ব্যাঘাত জন্মাৰ আশংকাত পৰিব।অতি সোনকালে গৰাখহনীয়াৰ প্ৰতিৰোধৰকাম নকৰিলে বহু পৰিয়ালৰগৰাখহনীয়াৰ কবলতপৰিব।এতিয়ালৈকে কোনো প্ৰতিনিধিয়ে খবৰ নোলোৱাৰ বাবে দুখ প্ৰকাশ কৰিছে ৰাইজে।অতি শীঘ্ৰেই গৰাখহনীয়াৰ প্ৰতিৰোধৰ বাবে চৰকাৰক বিহীত ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে স্থানীয় ৰাইজে৷
Read More

হাৰমতী বান্দৰদেৱাত ৰঙা মাটিসহ নম্বৰ প্লেটবিহীন ডাম্পাৰ জব্দ বন বিভাগৰ

লখিমপুৰ জিলাৰ হাৰমতী আঞ্চলিক বন বিষয়া কাৰ্যালয়ত অধীনৰ বিভিন্ন প্ৰান্তত অসাধু লোকে নীতি বৰ্হিভূত ভাৱে চালান নোহোৱাকৈয়ে শিল বালি কঢ়িয়াই চৰকাৰক ৰাজহ ফাঁকি দি অহাৰ সমান্তৰালকৈ নম্বৰ প্লেটবিহীন ডাম্পাৰত নিশা নিশা পাহাৰৰ ৰঙা মাটি অবৈধভাৱে কঢ়িওৱা ডাম্পাৰ জব্দ কৰিবলৈ সক্ষম হয় হাৰমতী আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ খণ্ড বন বিষয়া ৰাতুল মহন্তৰ নেতৃত্বত এটি দলে। জানিব পৰা মতে , নিশা ভাগত অসম অৰুণাচল সীমান্ত বান্দৰদেৱাত কাটি থকা পাহাৰৰ ৰঙা মাটি নম্বৰপ্লেট নোহোৱা ডাম্পাৰৰ জৰিয়তে কঢ়িয়াই থকা হয়। আৰু ঘটনাৰ পম খেদি যোৱা দুটা দিনত খণ্ড বন বিষয়া ৰাতুল মহন্তৰ নেতৃত্বত এটি দলে চাৰিখনকৈ ৰঙা মাটি ভৰ্তি ডাম্পাৰ জব্দ কৰিবলৈ সক্ষম হয়।…
Read More

ডিগবৈ সমষ্টিবাসীৰ বাবে সুখবৰ

অসম চৰকাৰৰ অভিলাষী আঁচনি জল জীৱন মিচন প্ৰকল্পৰ অসমত মুঠ চৌব্বিশ হাজাৰ জল জীৱন আঁচনিৰ প্ৰকল্পৰ কাম আৱন্তিত দিয়ে চৰকাৰে,ইয়াৰে অসমৰ ভিতৰত ১৮ টা পানীৰ প্ৰকল্পৰ কাম সম্পূৰ্ণ কৰাৰ ভিতৰত দহ টা পানীৰ প্ৰকল্পই আনুষ্ঠানিক ভাৱে মুকলি হ'ল ডিগবৈ সমষ্টিত ।অসমৰ প্ৰথমটো প্ৰকল্প শুভ উদ্বধন ডিগবৈৰ হাপজান পঞ্চায়তৰ অন্তৰ্গত বেতজান চাহ বাগিছাত আৰু তাৰ পাছতে ধাৰাবাহিক ভাৱে ডিগবৈ বিধায়ক সুৰেন ফুকনৰ তৎপৰতাত অসমৰ ভিতৰতে তিনিচুকীয়া জিলা খনৰ ডিগবৈত ধাৰাবাহিক ভাৱে জল জীৱন মিছন অধীনৰ আজি দশম টো পানীৰ প্ৰকল্পৰ আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰে ডিগবৈৰ সমষ্টিৰ অন্তগৰ্ত চামডাং পঞ্চায়তৰ চামডাং চাহ বাগিছা অঞ্চলৰ ১০ নং লাইনত আৰু ২৫ নং লাইনত।…
Read More

বিনীত বাগাৰীয়াৰ বাসগৃহত উপস্থিত হৈছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

আৰক্ষীৰ ওচৰত ন্যায় নাপাই আত্মহত্যা কৰা ডিব্ৰুগড়ৰ শনি মন্দিৰ পথৰ নিবাসী বিনীত বাগাৰীয়াৰ বাসগৃহত উপস্থিত হৈছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীগৰাকীয়ে শোকসন্তপ্ত পৰিয়ালক সমবেদনা জনোৱাৰ লগতে পৰিয়াল বৰ্গৰ লগত প্ৰায় আধা ঘন্টা ধৰি পৰিয়ালৰ অভিযোগ শুনাৰ পিছত মুখ্যমন্ত্ৰীয়ে ডিব্ৰুগড় জিলা প্ৰশাসন সম্পুৰ্ণৰূপে ব্যৰ্থ হোৱা বুলি প্ৰকাশ কৰিছিল আৰু আৰক্ষীৰ ওপৰত বিহিত ব্যৱস্থা লোৱা হব বুলিও কৈছিল আৰুডিব্ৰুগড় সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বোলাৰাম টেৰাংক ততকালিন ভাবে শাস্তিমূলক বদলি কৰাৰ বিপৰীতে ডিব্ৰুগড় সদৰৰ নতুন ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হিচাপে নিযুক্তি দিয়ে যোৰহাটৰ ৰাজু ছেত্ৰীক। কিন্তু সচেতন ৰাইজে এতা কথা কব খোজে যি হেতু কেৱল মাত্ৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৰাকীক গাত…
Read More

ঈদৰ দিনাই লাহৰিঘাটৰ বটতলাত সংঘটিত হৈছে এক ভয়ংকৰ পথ দূৰ্ঘটনা

ঈদৰ দিনাই লাহৰিঘাটৰ বটতলাত সংঘটিত হৈছে এক ভয়ংকৰ পথ দূৰ্ঘটনা । বাইক আৰু ই ৰিক্সাৰ মুখামুখী সংঘৰ্ষৰ ফলত সংঘটিত হয় এই পথ দুৰ্ঘটনা দুৰ্ঘটনাত পতিত হোৱা বাইক আৰোহী জনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে ।ক্ষন্তেক সময় পূৰ্বে ভেলৌগুৰি থানাৰ অন্তৰ্গত হাঁহচৰাবৰী গাঁৱৰ বটতলাত সংঘটিত হয় উক্ত পথ দুৰ্ঘটনাটো।গুৰুতৰ বাবে আহত হোৱা বাইক আৰোহী জনৰ পৰিচয় এতিয়ালৈকে জানিব পৰা হোৱা নাই। উল্লেখযোগ্য যে বাইক খনৰ নম্বৰ AS21H 7684 বুলি জানিব পৰা গৈছে।
Read More

ডিব্ৰুগড়ত সুলভ মূল্যৰ ব্যৱসায়ী সন্থাৰ প্ৰতিবাদ

ডিব্ৰুগড়ত সুলভ মূল্যৰ ব্যৱসায়ী সন্থাৰ প্ৰতিবাদ ।ডিব্ৰুগড়ত সুলভ মূল্যৰ ব্যৱসায়ী সন্থাৰ প্ৰতিবাদ । সদৌ অসম ব্যৱসায়ী সন্থাৰ আহ্বান মৰ্মে জিলাখনৰ বিভিন্ন প্ৰান্তৰৰ পৰা অহা সুলভ মূল্যৰ ব্যৱসায়ী সকলে নিজৰ পাপ্য,আৰু অধিকাৰ বিচাৰি জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মূখত বিভিন্ন শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতি কুইণ্টল চাউল বিতৰনৰ বাবে ৪৪০ টকালৈ বৃদ্ধি কৰা, আকাশলংঘী কেৰাচিন তেলৰ মূল্য হ্ৰাস কৰাৰ পৰিৱৰ্তে প্ৰতি গৰাকী গ্ৰাহকক ৫ লিটাৰ কৈ কেৰাচিন তেল সুলভ মূল্যত যোগান ধৰা, অন্যান্য ৰাজ্যৰ দৰে অসমতো সুলভ মূল্যত চেনি যোগান ধৰা আদি শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে । আনহাতে ১২ টাকৈ দাবী সম্বলিত এখনি স্মাৰকপত্ৰ জিলা উপায়ুক্তৰ যোগেদি প্ৰধান মন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰে।
Read More

২৪ ঘণ্টাৰ ভিতৰত চাৰি ঘণ্টাও বিদ্যুৎ নথকাৰ ফলত যমৰ যন্ত্ৰণা ৰাইজৰ

বিহপুৰীয়াত অনিয়মীয়া বিদ্যুৎ যোগানৰ ফলত আজি কেইবাদিন ধৰি ৰাইজে উৎকট গৰমত ভোগ কৰি আহিছে যমৰ যাতনা। সমান্তৰালকৈ নাই বিদ্যুতৰ নিয়মীয়া যোগান। দিনটোৰ ২৪ ঘণ্টাৰ ভিতৰত চাৰি ঘণ্টাও বিদ্যুৎ নথকাৰ ফলত দিন নিশা একাকাৰ কৰি যন্ত্ৰণা ভোগ কৰি অহাৰ ফলত অতিষ্ঠ হৈছে বিহপুৰীয়া তথা লখিমপুৰৰ জনতা। উৎকট গৰমত অতিষ্ঠ জনতাই বিদ্যুৎ পাব কেতিয়া? কি কি'লে বিহপুৰীয়া বিদ্যুৎ উপ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তাই?সেয়া পৰৱৰ্তী সময়ত লক্ষ্যনীয় বিষয় হব।লখিমপুৰ জিলাৰ লগতে ধেমাজি জিলাতো অনিয়মীয়া বিদ্যুৎ যোগান বুলি জানিব পৰা গৈছে।
Read More