Dipshikha

2388 Posts

পাঠশালাত শিক্ষামন্ত্ৰী ড° ৰণোজ পেগু উপস্থিত হয়

পাঠশালাত শিক্ষামন্ত্ৰী ড° ৰণোজ পেগু উপস্থিত হয়।পাৰস্পৰিক বদলি বিচাৰি আহি শিক্ষামন্ত্ৰীক সাক্ষাৎ কৰা শিক্ষয়ত্ৰীক ধমক দিয়ে শিক্ষামন্ত্ৰী গৰাকীয়ে।বদলিৰ বাবে বাৰে বাৰে অনুৰোধ কৰি শিক্ষামন্ত্ৰীক কৰিছিল আবেদন কিন্তু তাৰ পিছতো শিক্ষামন্ত্ৰী গৰাকীয়ে ধমক দিয়া পৰিলক্ষিত হয়।চাকৰি কৰা মন নহলে চাকৰি এৰাৰ আহ্বান কৰে শিক্ষামন্ত্ৰী গৰাকীয়ে। আৰু মুখ্যমন্ত্ৰী বা মন্ত্ৰীৰ মতে নহয় এতিয়া কাম হব আইনৰ মতে হব বুলিও উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে।জানিব পৰা মতে শিক্ষা মন্ত্ৰীৰ পৰা কোনো সহাঁৰি নাপাই আবেগিক হৈ পৰিছে তিনি গৰাকী শিক্ষয়িত্ৰীয়ে।
Read More

মাৰ্ঘেৰিটাত সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ উদ্যোগত তিনিদিনীয়াকৈ আৰম্ভ অগ্নিপথ আঁচনিৰ বিভিন্ন কাৰ্যসূচী, প্ৰশিক্ষণ আৰু কৰ্মশালা আৰম্ভ

মাৰ্ঘেৰিটাত সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ উদ্যোগত তিনিদিনীয়াকৈ আৰম্ভ অগ্নিপথ আঁচনিৰ বিভিন্ন কাৰ্যসূচী, প্ৰশিক্ষণ আৰু কৰ্মশালা আৰম্ভ। সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ উদ্যোগত আজিৰে পৰা তিনিদিনীয়াকৈ মাৰ্ঘেৰিটা টাউন হাইস্কুল প্ৰাঙ্গণত অগ্নিপথ আঁচনিৰ আধাৰ প্রাগ নিযুক্তি প্ৰশিক্ষণ কাৰ্যক্ৰম আৰম্ভ হৈছে । ভাৰত মাতাৰ প্ৰতিচ্ছবিত ফোঁট আৰু বন্তি প্ৰজলনেৰে মহকুমাধিপতি পলাশ ৰাজকুমাৰ আহোমে আৰম্ভ কৰা অনুষ্ঠানত কাৰ্যকৰী সভাপতি সাৰদা কান্ত ৰায়ৰ সঞ্চালনাত এক সভা অনুষ্ঠিত হয়।সাধাৰণ সম্পাদক নৱ বৰাই আতঁ ধৰা সভাখনত বহু বিশিষ্ট ব্যক্তি সেনা বিষয়াই ভাষণ দিয়ে।ইয়াৰ পিছতেই আৰম্ভ হয় পাঁচ শতাধিক যুৱক যুৱতীৰ বিভিন্ন প্ৰশিক্ষণ আৰু কৰ্মশালাৰ কাৰ্যসূচী ।
Read More

নাওবৈচাৰ তিনিখনকৈ চাহ বাগানত বিজেপিৰ বিজয় উৎসৱ পালন

নাওবৈচাৰ তিনিখনকৈ চাহ বাগানত বিজেপিৰ বিজয় উৎসৱ পালন । হাজাৰ হাজাৰ চাহ শ্ৰমিকৰ অংশ গ্ৰহণৰে ঝুমুৰ নৃত্যৰ লগতে বাহিৰ কৰে শোভাযাত্ৰা।আদিবাসী বিশিষ্টা মহিলা দ্ৰৌপদী মুৰ্মুক এনডিএ তৰফৰ পৰা ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীৰূপে পদক্ষেপ কৰি জয়ী কৰোৱাৰ আনন্দত নাওবৈচাৰ তিনিখনকৈ চাহ বাগিচাত ভাৰতীয় জনতা পাৰ্টীয়ে বিজয় উৎসৱ পালন কৰে। ডিজু, চিলনীবাৰী আৰু দলহাট চাহ বাগিচাৰ চাহ শ্ৰমিক সকলৰ অংশগ্ৰহনেৰে দ্ৰৌপদী মুৰ্মুক ৰাষ্ট্ৰপতিৰূপে আদৰণি জনোৱাৰ লগতে পিছপৰা আদিবাসী জনগোষ্ঠীৰ মহিলাগৰাকীক দেশৰ সৰ্বোচ্চ পদত অধিষ্ঠিত কৰোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জ্ঞাপন কৰে।
Read More

লখিমপুৰ জিলা কংগ্ৰেছ কমিটিৰ তীব্ৰ প্ৰতিবাদ

কংগ্ৰেছ হাই কামাণ্ড ছোনীয়া গান্ধীৰ ওপৰত অন্যায়ভাৱে RD য়ে জাপি দিয়া গোচৰৰ বিৰুদ্ধে লখিমপুৰ জিলা কংগ্ৰেছ কমিটিৰ তীব্ৰ প্ৰতিবাদ।বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশত কিছু চৰকাৰী সংস্হাই কংগ্ৰেছৰ নেত্ৰী, নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সভানেত্ৰী শ্ৰীযুতা ছোনীয়া গান্ধীৰ ওপৰত অন্যায়ভাৱে গোচৰ জাপি দি উক্ত গোচৰৰ তদন্তৰ অধীনত সোধা পুছাৰ নামত অযথা হাৰা-শাস্তি কৰাৰ কাৰণে বিজেপিৰ চৰকাৰৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন ঠাইত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে কংগ্ৰেছী কৰ্মী সকলে।সমান্তৰাল কৈ লখিমপুৰ জিলাৰ কংগ্ৰেছ কমিটিয়ে জিলা উপায়ুক্তৰ কাৰ্যায়লৰ সন্মুখত এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে।"নৰেন্দ্ৰ মোদী গো বেক"।"বিজেপি চৰকাৰ হাই হাই"।"অসম চৰকাৰ গো বেক,"আদি শ্লোগান দি পৰিবেশ উত্তাল কৰি তোলাৰ লগতে জিলা উপায়ুক্ত মহোদয়ৰ জৰিয়তে ৰাষ্ট্ৰপতিলৈ এখনি…
Read More

চিৰাঙত চুমা বিতৰ্কত এজন বিজেপি নেতা

চিৰাঙত চুমা বিতৰ্কত এজন বিজেপি নেতাৰ । মোবাইলে মোবাইলে বিয়পি পৰিছে এখন চুমাৰ ফটো ।বিজেপিয়ে নাৰীক দেৱী জ্ঞান কৰা আজি নাৰীক দেৱী জ্ঞান কৰা ফটো এতিয়া সকলোৰে মোবাইলে মোবাইলে বিয়পিছে এখন বিশেষ ফটো যিখন ফটো তোলাপাৰ লগাইছে সমগ্ৰ চিৰাং জিলাত । বিজেপিৰ চিৰাং জিলা সভাপতি ৰিন্টু কুমাৰ দাসে এগৰাকী মহিলাৰ গালত চুমা আকি দিয়া ফটোয়ে লগাইছে তোলপাৰ। বিজেপিৰ উপ-সভানেত্ৰীৰ গালত চুমা দিয়া ফটো এতিয়া সকলোৰে মোবাইলত। এয়াই নেকি বিজেপিৰ নাৰীক দেৱী জ্ঞানৰ নমুনা ।
Read More

ধন নিদিলে আচামী নধৰে এজন আৰক্ষী বিষয়াই

ধন নিদিলে আচামী নধৰে এজন আৰক্ষী বিষয়াই। উল্লেখযোগ্য যে বঙাইগাঁৱৰ কোকিলা আৰক্ষী নিৰীক্ষণ চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে।বঙাইগাঁও জিলাৰ কোকিলা আৰক্ষী নিৰীক্ষণ চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আব্দুছ ছামাদৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ এগৰাকী অপহৃত কিশোৰীৰ পিতৃৰ। অপহৃত কিশোৰীক উদ্ধাৰ কৰাৰ লগতে অপহৰনকাৰীক গ্ৰেপ্তাৰ কৰাৰ নামত ভুক্তভোগী পৰিয়ালৰ পৰা ১২ হাজাৰ টকা লোৱাৰ অভিযোগ আৰক্ষী বিষয়াৰ বিৰুদ্ধে। কোকিলা মৌলবীপাৰাৰ শ্বফি ভূঞাৰ দশম শ্ৰেণীত অধ্যয়নৰত ১৬ বছৰীয়া কিশোৰীক গাওঁখনৰে শ্বাহ কামালৰ বিবাহিত পুত্ৰ আনোৱাৰ হুছেইনে যোৱা এমাহ আগত অপহৰন কৰি লৈ যায় ।ঘটনা সংক্ৰান্তত ভুক্তভোগী পৰিয়ালে কোকিলা আৰক্ষী নিৰীক্ষণ চকীত এজাহাৰ দাখিল কৰিছে যদিও আজিলৈকে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই। কোকিলাৰ ভাৰপ্ৰাপ্ত…
Read More

দেশৰ পৰৱৰ্তী ৰাষ্ট্ৰপতিৰূপে দৌপদী মুৰ্মু নিৰ্বাচিত হোৱাত উৎফুল্লিত বিজেপি

দেশৰ পৰৱৰ্তী ৰাষ্ট্ৰপতিৰূপে দৌপদী মুৰ্মু নিৰ্বাচিত হোৱাত উৎফুল্লতা বিজেপিৰ । বিজনী চহৰখনত বিজয় ৰেলিৰে আনন্দ–উল্লাস দলটোৰ স্থানীয় নেতা–কৰ্মীৰবিজেপি নেতৃত্বাধীন শাসকীয় এনডিএ দলৰ প্ৰক্ষেপিত প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মু দেশৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি হোৱাটো নিশ্চিত হৈ পৰাৰ পিছত আজি বিয়লিৰ ফালে বিজনী স্থিত বিজেপিৰ জিলা কাৰ্য্যালয়ত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়। আনকি আনন্দত উৎফুল্লিত বিজেপিৰ স্থানীয় কাৰ্য্যকৰ্তা আৰু সমৰ্থকসকলে ‘বন্দে মাতৰম’, ‘ভাৰত মাতা কী জয়’, ‘‘দ্ৰৌপদী মুৰ্মূ জিন্দাবাদ আদি ধ্বনিৰে বিজনী ৰাজপথত এক বিশাল সমদলো উলিয়ায় আজিৰ সেই সমদলটোত বিজেপিৰ স্থানীয় বিভিন্ন বিষয়ববীয়াকৈ ধৰি বিজনীৰ বিধায়ক অজয় কুমাৰ ৰয় , উপস্থিত থাকে ।
Read More

বিজনীৰ পাণবাৰীস্থিত বন বিভাগৰ পাণবাৰী ৰেঞ্জ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ

চিৰাঙৰ পাণবাৰীত মানাস ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যঘ্ৰ প্ৰকল্পত প্ৰৱেশ মাচুল বৃদ্ধিৰ প্ৰতিবাদত গ্ৰেটাৰ মানাস কনজাৰভেছন এণ্ড টুৰি'জম্ ডেভল'পমেণ্ট ছছাইটিৰ প্ৰতিবাদ। উল্লেখযোগ্য যে মানাস ৰাষ্ট্ৰীয় উদ্যানৰ সংৰক্ষণ আৰু পৰ্যটনৰ উন্নয়নৰ বাবে চৈধ্যটা সংগঠনৰ উমৈহতীয়া মঞ্চ গ্ৰেটাৰ মানাস কনজাৰভেছন এণ্ড টুৰি'জম ডেভলপ'মেণ্ট ছছাইটিৰ উদ্যোগত বিজনীৰ পাণবাৰীস্থিত বন বিভাগৰ পাণবাৰী ৰেঞ্জ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ। বিটিচি প্ৰশাসনে মানাস ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্পত অত্যধিক হাৰত প্ৰৱেশ মাচুল বৃদ্ধি কৰাৰ প্ৰতিবাদত তিনি ঘণ্টীয়া গণ প্ৰতিবাদ সাব্যস্ত কৰে। বিটিচি প্ৰশাসনে পৰ্যটকৰ বাবে জাৰি কৰা নিৰ্দেশনা প্ৰত্যাহাৰ কৰাৰ দাবী উত্থাপন কৰে এই প্ৰতিবাদী কাৰ্যসূচীৰ জড়িয়তে।বিটিচি প্ৰশাসনৰ এই বৰ্ধিত মাচুলৰ বাবে মানাস ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্পত পৰ্যটকৰ…
Read More

অবৈধ সম্পৰ্কত লিপ্ত মহিলাক মাৰপিট কৰি যৌনাংগত জলকীয়াৰ গুৰি সানি দিয়াৰ অভিযোগ

কলগাছিয়াত পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতি। অবৈধ সম্পৰ্কত লিপ্ত মহিলাক মাৰপিট কৰি যৌনাংগত জলকীয়াৰ গুৰি সানি দিয়াৰ অভিযোগ। কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বিলৰটাৰীত আজি সংঘটিত হোৱা নাভূত নাশ্ৰুত ঘটনাই অঞ্চলব্যাপী চাঞ্চল্যৰ সৃষ্টি কৰিছে। বিলৰটাৰী গাঁৱৰ তিনি সন্তানৰ মাতৃ আৰু একে গাঁৱৰে এটা সন্তানৰ পিতৃ মহম্মদ আলীৰ লগত আছিল দীৰ্ঘ দিনীয়া পৰকীয়া প্ৰেম। আজি মহম্মদৰ পত্নী ঘৰত নথকাৰ সুযোগত মহম্মদ আলীৰ ঘৰত প্ৰৱেশ কৰি লিপ্ত হয় অবৈধ শাৰীৰিক সম্পৰ্কত। খবৰ পাই মহম্মদৰ পত্নী ঘৰত উপস্থিত হৈ ওচৰ চুবুৰীয়াৰ সহযোগত পৰকীয়া প্ৰেমত লিপ্ত হোৱা মহিলা গৰাকীক মাৰপিট কৰাৰ লগতে যৌনাংগত জলকীয়াৰ গুৰি সানি দিয়াৰ অভিযোগ উত্থাপন হৈছে। ঘটনাৰ খবৰ পাই কলগাছিয়া আৰক্ষীয়ে পৰকীয়া…
Read More

লাহৰীঘাটত ছাত্ৰমুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ

লাহৰীঘাটত ছাত্ৰমুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ বান গঢ়াখহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ দাবীত লাহৰীঘাটত মৰিগাওঁ জিলা ছাত্ৰমুক্তি সংগ্ৰাম সমিতিৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখযোগ্য যে লাহৰীঘাট ৰাজহ চক্ৰ কাৰ্যালয়ৰ সন্মোখত ছাত্ৰমুক্তি সংগ্ৰাম সমিতিৰ কৰ্মীসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । তেওঁলোকে চৰকাৰ বিৰোধী বিভিন্ন শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে । প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত তেওঁলোকৰ ছয়দফীয়া দাবীসম্বলিত এখন স্মাৰক পত্ৰ স্থানীয় চক্ৰবিষয়াৰ জৰিয়তে মৰিগাওঁ জিলা উপায়ুক্তলৈ প্ৰেৰন কৰে ।
Read More