Dipshikha

2388 Posts

বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ সোনাপুৰ গাঁৱত বেঁকী নদীৰ তীব্ৰ গৰাখহনীয়া

বেকী নদীৰ তীব্ৰ খহনীয়াৰ কবলত পৰিছে বৰপেটা জিলাৰ মন্দিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত সোণাপুৰ গাঁওৰ হাজি কৈফট আলী এম ই মাদ্ৰাছা, মজজিদ, দুটাকৈ প্ৰাথমিক বিদ্যালয়। ইতিমধ্যই নদীৰ গৰাখহনীয়াত প্রায় বিশ টা পৰিয়ালৰ ঘৰ দুৱাৰ আদি জাঁহ গৈছে, গৰাখহনীয়াৰ কবলত পৰা লোক সকল ৰাস্তাৰ কাষত থাকিব লগীয়া হৈছে।বিদ্যালয়খন বেঁকীৰ নদীৰ গৰাখহনীয়াৰ কবলত পৰিলে ছাত্ৰ-ছাত্ৰীক শিক্ষাদানৰ ক্ষেত্ৰত ব্যাঘাত জন্মাৰ আশংকাত ভূগিছে, এই অঞ্চলৰ ৰাইজ। অতি সোনকালে গৰাখহনীয়াৰ প্ৰতিৰোধৰ কাম নকৰিলে আৰু ১০০ ঘৰ পৰিয়াল গৰাখহনীয়াৰ কবলত পৰিব।এতিয়ালৈকে কোনো প্ৰতিনিধিয়ে সেয়া বৰপেটাৰ সাংসদ, সমষ্টিৰ বিধায়ক, জিলা পৰিষদৰ সদস্যা, পঞ্চায়তৰ সভানেত্ৰী কোনোৱেও খবৰ নোলোৱাৰ বাবে দুখ প্ৰকাশ কৰিছে ৰাইজে। অতি শীঘ্ৰেই গৰাখহনীয়াৰ প্ৰতিৰোধৰ বাবে চৰকাৰক…
Read More

ৰাজ্যৰ স্বাস্থ্য বিভাগৰ অধীনস্থ মৰিগাঁৱৰ বঘৰা ৰাজ্যিক চিকিৎসালয়ে জিলাৰ লগতে ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে

ৰাজ্যৰ স্বাস্থ্য বিভাগৰ অধীনস্থ মৰিগাঁৱৰ বঘৰা ৰাজ্যিক চিকিৎসালয়ে জিলাৰ লগতে ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে । ভাৰতীয় ডাক টিকেটতৰ মানচিত্ৰত সন্নিবিষ্ট হৈছে চিকিৎসালয় খনৰ ছবি। ১৯৩৮ চনতেই স্থাপন হোৱা বঘৰা ৰাজ্যিক চিকিৎসালয় খনৰ ছৱি সন্নিবিষ্ট হৈছে ভাৰতীয় ডাক টিকটৰ মানচিত্ৰত । চিকিৎসক ডাঃ অমৰজ্যোতি ডেকাৰ প্ৰচেষ্টাত এই সন্মান লভিছে চিকিৎসালয় খনে। উল্লেখ যে যি সময়ত চৰকাৰী চিকিৎসক আৰু স্বাস্থ্য খণ্ডৰ প্ৰতি ৰাইজৰ বিৰাগ সৃষ্টি হৈছে সেই সময়তে যুৱ চিকিৎসক অমৰজ্যোতি ডেকাই জহিখহি যোৱা চিকিৎসা লয় খনক নিজৰ ঘৰৰ দৰেই সজাই তুলিছে। তৰোপৰি ৰোগী আৰু ৰাইজৰ লগত গঢ়ি তুলিছে আত্মিক সম্পক। দিনৰাতি একাকাৰ কৰি আগবঢ়াইছে চিকিৎসা সেৱা। যাৰবাবে এতিয়া মানুহৰ মুখে মুখে…
Read More

বটদ্ৰৱাৰ হাইডুবীত একে নিশাই তিনিঘৰত চুৰি কাণ্ড

বটদ্ৰৱাৰ হাইডুবীত একে নিশাই তিনিঘৰত চুৰি কাণ্ডৰ ঘটনা সংঘটিত হৈছে।উল্লেখযোগ্য যে ড্ৰাগছ আসক্ত আৰু জোৱাৰীয়ে চুৰি কাণ্ড সংঘটিত কৰাৰ সন্দেহ স্থানীয় ৰাইজৰ।সোমবাৰে নিশা বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত হাইডুবী গাঁৱত একে নিশাই তিনিঘৰত চোৰে চলালে চাফাই অভিযান।হাইডুবি গাঁওৰ কাজিম উদ্দীনৰ ঘৰত নিশা সিন্ধি খান্দি ঘৰত প্ৰৱেশ কৰি মবাইল এটা,টকা ৬হাজাৰ,আৰু এছ,বি,আই এটিএম এটা,একে গাঁৱৰে ইন্নছ আলীৰ ঘৰৰ বৈদ্যুতিক মটৰ এটা ,একে গাঁৱৰে আন এটা ঘৰৰ পৰা গেছ ছিলিণ্ডাৰ লৈ যায়।উক্ত চুৰিকাণ্ড ড্ৰাগছ আসক্ত আৰু জুৱাৰীয়ে সংঘটিত কৰা বুলি সন্দেহ প্ৰকাশ কৰে ভুক্তভোগী লোক সকলে।এই সন্দৰ্ভত ইতিমধ্যেই ভুক্তভোগী সকলে বটদ্ৰৱা আৰক্ষীক লিখিত অভিযোগ দাখিল কৰিছে বুলি জানিব দিয়ে।এই ক্ষেত্ৰত বটদ্ৰৱা আৰক্ষীয়ে কেনে…
Read More

সৰভোগৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ জৰাজীৰ্ণ অৱস্থা

সৰভোগৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ জৰাজীৰ্ণ অৱস্থা ।কাণহাৰ নাই নেশ্বনেল হাইওৱেৰ বিভাগীয় কতৃপক্ষৰ।উল্লেখযোগ্য যে বিজনীৰ দহলাপাৰা টোলগেটৰ পৰা গুৱাহাটী অভিমুখে ভৱানীপুৰ গলিয়া টোলগেটলৈ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথছোৱা জৰাজীৰ্ণ অৱস্থা। ৰাস্তাৰ মাজ ভাগসমূহত মৰণফান্দলৈ পৰিণত হৈছে ।৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সৰভোগৰ বেকী নদীৰ দলং, শিমলাগুৰী হাউলি আদি কেইবাখন ঠাইত প্ৰকাণ্ড প্ৰকাণ্ড গাতত পৰিণত হৈছে । বিশেষকৈ সৰভোগৰ ঐতিহ্যমণ্ডিত মইনবড়ী সত্ৰৰ নিজ কাষতে ৰাষ্ট্ৰীয় ঘাইপথ মৰণফান্দলৈ পৰিণত হৈছে। যানবাহন যাতায়তৰ ক্ষেত্ৰত অসুবিধা সম্মুখীন হব লগা হৈছে । দিনে নিশাই বৃদ্ধি পাইছে যানবাহন দুৰ্ঘটনা। সৰভোগৰ পশ্চিম আৰু পূবত ৩০ কিলোমিটাৰ নিলগত দুখনকৈ টোলগেট থকা সত্বেও ঘাইপথৰ মেৰামতি কৰা ক্ষেত্ৰত কোনো গুৰুত্ব দিয়া পৰিলক্ষ্য…
Read More

পানীখাইতি ৰে’লগেটত চন্দ্ৰপুৰ আঞ্চলিক ছাত্র সন্থাৰ বিক্ষোভ কাৰ্যসূচী

পানীখাইতি ৰে'লগেটত চন্দ্ৰপুৰ আঞ্চলিক ছাত্র সন্থাৰ বিক্ষোভ কাৰ্যসূচী। মহানগৰীৰ নাৰেংগী-চন্দ্ৰপুৰ-মৰিগাঁও সংযোগী ৩নং ৰাজ্যিক ঘাইপথৰ পানীখাইতিৰ দ্বৈত ৰে'লৱে লেভেল ক্ৰছিংত উৰণীয়া সেঁতু নিৰ্মাণৰ আধাৰশিলা স্থাপন ইতিমধ্যে হয়ছে যদিও আজিকোপতি কোনো ধৰণৰ কাম আগবঢ়া নাই। বিগত বৰ্ষৰ অক্টোবৰ মাহত স্থানীয় বিধায়ক অতুল বৰাই লোক নিৰ্মান বিভাগৰ আয়ুক্ত ৰাজেশ কেম্প্ৰাইৰ উপস্থিতিত উৰণীয়া সেতু খনৰ নিৰ্মানৰ আধাৰশিলা স্থাপন কৰিছিল। কিন্তু আজিলৈ ১ শতাংশও কাম আৰম্ভ নকৰিলে ফলত ৰে'ল লাইনটোৰে ৰে'ল পাৰ হোৱা সময়ত বহু সময় ধৰি যানজটত দুৰ্ভোগ ভুগিব লগীয়া হয় পথটোৰে অহাযোৱা কৰা আটাইবোৰ যান-বাহন। ফলত অতিশীঘ্ৰে পানীখাইতি ৰে'লৱে দ্বৈত লেভেল ক্ৰছিংত উৰণীয়া সেঁতু নিৰ্মাণৰ দাবীত চন্দ্ৰপুৰ আঞ্চলিক ছাত্ৰ সন্থাই বিক্ষোভ কাৰ্যসূচী ৰূপায়ন…
Read More

আহোম জাতিৰ সন্মান হানি হোৱাৰ লগতে আহোম জাতিক হেয় প্ৰতিপন্ন কৰা কথাত ক্ষুন্ন হৈ এজাহাৰ দাখিল কৰিলে লক্ষীমপুৰ জিলা যুৱ কংগ্ৰেছে

সমগ্ৰ আহোম জাতিৰ সন্মান হানি হোৱাৰ লগতে আহোম জাতিক হেয় প্ৰতিপন্ন কৰা কথাত ক্ষুন্ন হৈ এজাহাৰ দাখিল কৰিলে লক্ষীমপুৰ জিলা যুৱ কংগ্ৰেছে। ভাৰতীয় জনতা মহিলা মৰ্চা অসম প্ৰদেশৰ সভানেত্ৰী আংগুৰ লতা ডেকা আৰু সংখ্যালঘু মৰ্চাৰ নেতৃত্বত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মক কোনো ব্যক্তিয়ে সন্মানসুচক মন্তব্য কৰাৰ প্ৰতিবাদত এক শোভাযাত্ৰা বাহিৰ কৰিছিল যোৱা ২৯ জুলাইত। কিন্তুু সেই প্ৰতিবাদী শোভাযাত্ৰাত আহোম জাতিক উদ্দেশ্য আহোম জাতি মুৰ্দাবাদ বুলি আপত্তিজনক মন্তব্য কৰি আহোম জাতিৰ সন্মান হানি হোৱাৰ লগতে আহোম জাতিক হেয় প্ৰতিপন্ন কৰাৰ এক ষড়যন্ত্ৰৰ প্ৰতিবাদত লখিমপুৰ জিলা যুৱ কংগ্ৰেছীয়ে শোভাযাত্ৰাত নেতৃত্ব দিয়া আংগুৰ লতা ডেকাৰ বিৰুদ্ধে লখিমপুৰ সদৰ আৰক্ষী থানাত এক গোছৰ ৰোজো কৰে। লগতে…
Read More

অৱসৰী শিক্ষকৰ সমস্যা সমাধান হোৱাৰ পথত!

অৱসৰী শিক্ষকৰ সমস্যা সমাধান হোৱাৰ পথত। ৰাজ্যৰ সাতাইশ খন জিলাত মুকলি হল পেন্সন সেৱা কেন্দ্র। দীৰ্ঘদিন ধৰি অৱসৰৰ পাছত পেন্সন লাভৰ ক্ষেত্রত শিক্ষক সকলে ভোগ কৰি অহা সমস্যা দুৰ কৰাৰ বাবে ৰাজ্যৰ ২৭ খন জিলাত পেন্সন সেৱা কেন্দ্র মুকলি কৰা হয়। লখিমপুৰৰ জিলাৰ বিদ্যালয় সমুহৰ পৰিদৰ্শকৰ কাৰ্য্যালয়ত সংলগ্ন কৰি নিৰ্মাণ কৰা এই সেৱা কেন্দ্রটো উদ্বোধন কৰে অভিভাবক মন্ত্রী সঞ্জয় কিষানে। উপায়ুক্ত, বিদ্যালয় সমুহৰ পৰিদৰ্শকৰ উপস্থিতিত সেৱা কেন্দ্রটো আনুষ্ঠানিকভাবে উদ্বোধন কৰি মন্ত্রী সঞ্জয় কিষানে শিক্ষা বিভাগত বিষয়া কৰ্মচাৰীৰ অভাৱৰ কথা প্ৰকাশ কৰি অচিৰেই চৰকাৰে এই সমস্যা দুৰ কৰাৰ ব্যবস্থা কৰিব বুলি কয়। অসম অৰুণাচলৰ সীমা সমস্যাৰ প্ৰসংত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দি…
Read More

ধনশিৰি জীয়াৰী ৰিয়াই আকৌ এবাৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে

ধনশিৰি মহকুমাৰ অন্যান্য প্ৰতিভাৰ লগতে ক্ৰিয়া জগতটো বিভিন্ন শিতানত খিতাপ অৰ্জন কৰি মহকুমালৈ গৌৰৱ কঢ়িয়াই আনিছে ৷ধনশিৰি মহকুমাৰ বৰপথাৰৰ বৰপাভজান গাওঁৰ ৰিয়া মণি বঢ়োৱে অসম যুৱ অলিম্পিকত ভাৰ উত্তোলনৰ ৪৫ কেজি শাখাত ব্ৰঞ্জ পদক লৈ গৌৰৱ কঢ়িয়াই আনে ৷ ৰিয়া এগৰাকী অতি দৰিদ্ৰ পৰিয়ালৰ দশম শ্ৰেণীৰ ছাত্ৰী ৷ ৰিয়াৰ মাক দেউতাকে দিন হাজিৰা কৰি পৰিয়ালটো পোহপাল দিয়াৰ লগতে ৰিয়াৰ ক্ৰিয়া জগততো আগবঢ়াই নিয়াৰ চেষ্টা কৰিছে ৷ ৰিয়া ভাৰ উত্তোলনৰ উপৰিও সংগীততো ৰাপ আছে ৷ ৰিয়াই যাতে ৰাষ্ট্ৰীয় পয্যায়টো খেলি অসমৰ লগতে ধনশিৰি মহকুমালৈয়ো সুনাম কঢ়িয়াই আনিব পাৰে তাৰে কামনা কৰিছোঁ ৷
Read More

টকা নিদিলে PMAY ৰ গৃহৰ ধন নাপায় হিতাধিকাৰীয়ে

বঙাইগাঁৱৰ গোলাপাৰা বাংলাপাৰ গাওঁ পঞ্চায়তত GPC আৰু GRS ৰ লুন্ঠনৰাজ। টকা নিদিলে PMAY ৰ গৃহৰ ধন নাপায় হিতাধিকাৰীয়ে। জিলা উপায়ুক্তক ইতিমধ্যে অভিযোগ দাখিল কৰিছে ভুক্তভোগী ৰাইজে।বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম উন্নয়ন খণ্ডৰ অন্তৰ্গত গোলাপাৰা - বাংলাপাৰ গাওঁ পঞ্চায়তত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহৰ ধন মোকলাই দিয়াৰ নামত GRS আৰু GPC য়ে লুন্ঠন চলোৱাৰ অভিযোগ উত্থাপন হৈছে। GRS শ্বাহিদুল ইছলাম আৰু GPC ৰুহুল আমিনে গোলাপাৰা ১ম খণ্ডৰ হিতাধিকাৰীৰ ধন মোকলাই দিয়াৰ নামত 1/2 হাজাৰ কৈ টকা উৎকোচ বিচৰা বুলি অভিযোগ উত্থাপন হৈছে। যিসকল হিতাধিকাৰীয়ে উৎকোচৰ ধন আদায় নিদিয়ে সেইসকলৰ ধন মোকলাই নিদিয়ে GPC আৰু GRS য়ে। ফলত হিতাধিকাৰী সকলে দুয়োজন পঞ্চায়ত কৰ্মচাৰীৰ বিৰুদ্ধে বঙাইগাঁও…
Read More

বাক্সাত “হৰ ঘৰ তিৰংগ” কাৰ্য্যসূচী পালন

বাক্সাত "হৰ ঘৰ তিৰংগ" কাৰ্য্যসূচী পালন। বাক্সাৰ ভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহন কৰে "আজাদীৰ অমৃত মহোৎসৱত"।বাক্সাৰ ভাৰত ভুটান সীমান্তত দিনে নিশাই পহৰা দি অহা ২৭ নং বাহিনী সশস্ত্ৰ সীমা বল চমুকৈ এছ এছ বিৰ "এ" সমবায় মইনাগুৰিৰ উদ্যোগত আজি বাক্সা জিলাৰ সদৰ মুছলপুৰৰ অন্তৰ্গত অৰ্নেবিলৰ বাহাদুৰ সিং ব্ৰহ্ম এম্ ভি স্কুলত পালন কৰা হয় "হৰ ঘৰ তিৰংগ" কাৰ্য্যসূচী । সীমান্ত অঞ্চলত সাধাৰণ ৰাইজৰ লগতে প্ৰাথমিক, মাধ্যমিক বিদ্যালয়সমূহৰ ছাত্ৰ ছাত্ৰীক এক গোট কৰি এছ এছ বিৰ জোৱান সকলে দেশভক্তি মূলক কাৰ্যক্ৰমৰ আয়োজন কৰে । উক্ত কাৰ্যক্ৰমৰ জৰিয়তে জোৱানসকলে ছাত্ৰ ছাত্ৰীৰ আৰু স্থানীয় ৰাইজৰ মাজত সজাগতা বৃদ্ধি কৰাৰ চেষ্টা কৰে। ২৭ নং…
Read More