Dipshikha

2388 Posts

বৰনগৰ বাসীৰ বাবে এক গৌৰৱ বিষয়। পুনৰ ৰাষ্ট্ৰীয় পৰ্য্যায়ত উজ্জ্বলিল বৰনগৰ মহাবিদ্যালয় ।

পুনৰ ৰাষ্ট্ৰীয় পৰ্য্যায়ত উজ্জ্বলিল বৰনগৰ মহাবিদ্যালয় ।বৰনগৰ বাসীৰ বাবে এক গৌৰৱৰ বিষয়। বৰনগৰ মহাবিদ্যালয়ত আনন্দ উল্লাখৰ পৰিবেশ দেখিবলৈ পোৱা গৈছে। ছাত্ৰ-ছাত্ৰীসকলকে আতচ বাদীৰে বৰনগৰ মহাবিদ্যালয়ৰ পৰিবেশ উৎসৱমুখী গঢ়ি তোলে । ভাৰতবৰ্ষৰ জনপ্ৰিয় আলোচনী India today ৰ সমীক্ষাত একেৰাহে তিনিবাৰকৈ শ্ৰেষ্ঠ মহাবিদ্যালয় স্থান দখল কৰে । বৰনগৰ মহাবিদ্যালয় পুনৰ ৰাষ্ট্ৰীয় পৰ্য্যায়ত লাভ কৰিলে এই সফলতা । ভাৰতীয় জনপ্ৰিয় Open আলোচনীৰ সমীক্ষাত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হল বৰনগৰ মহাবিদ্যালয়। Open আলোচনী সমীক্ষাত সৰভোগৰ বৰনগৰ মহাবিদ্যালয় State Wise Ranking ৰ চতুৰ্থ স্থান আৰু East Zone Ranking ত বাৰ নম্বৰ স্থান দখল কৰিবলৈ সক্ষম হৈছে । বৰনগৰ মহাবিদ্যালয়ৰ অধ্যক্ষ বীৰেণ কুমাৰ চক্ৰৱৰ্তী নেতৃত্বত মহাবিদ্যালয়…
Read More

কলিতা জাতিক অপমানিত কৰা টাই আহোম ছাত্ৰ সন্থাৰ মুখপাত্ৰ জনৈক যাধৱ কোৱৰক ৰাজহুৱা ক্ষমা খোজাৰ দাবী

কলিতা জাতিক অপমানিত কৰা টাই আহোম ছাত্ৰ সন্থাৰ মুখপাত্ৰ জনৈক যাধৱ কোৱৰক ৰাজহুৱা ক্ষমা খোজাৰ দাবী কলিতা জনগোষ্ঠী সন্মিলন অসমৰ।টাই আহোম ছাত্ৰ সন্থাৰ বিৰুদ্ধে এইবাৰ কলিতা জনগোষ্ঠীক অপমান কৰাৰ অভিযোগ তুলিছে কলিতা জনগোষ্ঠী অসমে।কলিতা জাতিৰ কোনো ইতিবৃত্ত নাই বুৰঞ্জী নাই বুলি তীৰ্যক মন্তব্য কৰা বুলি অভিযোগ। অসমৰ দুই খিলঞ্জীয়া জনগোষ্ঠীৰ মাজত মতভেদ।অসমৰ বৃহত্তম আৰু প্ৰাচীতম কলিতা জনগোষ্ঠীক লৈ তীৰ্যক মন্তব্য টাই আহোম ছাত্ৰ সন্থাৰ মুখপাত্ৰৰ।বিজেপিৰ মহিলা মৰ্চাৰ সভাপতি আঙুৰলতা ডেকাক সমালোচনা কৰিবলৈ গৈ সংবাদ মেল যোগে কলিতা জনগোষ্ঠীক টাই আহোম ছাত্ৰ সন্থাৰ মুখপাত্ৰ যাদব কোঁৱৰে অপমান কৰাৰ অভিযোগ উত্থাপন হৈছে।কলিতা জনগোষ্ঠী অসমক লৈ তীৰ্যক মন্তব্য কৰা যাদব কোঁৱৰক গৰিহণা দি…
Read More

বটদ্ৰৱা থানাৰ অন্তৰ্গত ভোমোৰাগুৰিত মহিলাৰ মত্যুক লৈ তীব্ৰ চাঞ্চল্যৰ

বটদ্ৰৱা থানাৰ অন্তৰ্গত ভোমোৰাগুৰিত মহিলাৰ মত্যুক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। নগাওঁ জিলাৰ বটদ্ৰৱা থানাৰ অন্তৰ্গত ভোমোৰাগুৰি গাঁৱত এজনী মহিলাৰ মৃত্যুক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। জানিব পৰা মতে গাঁও খনৰ আব্দুল হাইৰ জীয়ৰী অফিয়া খাতুনক জুৰিয়া থানাৰ অন্তৰ্গত মাহগুৰি গাঁৱৰ আৰফান আলীৰ পুত্ৰ নাছিৰ উদ্দীনৰ লগত আজিৰ পৰা প্ৰায় ২২ বছৰ পূৰ্বে বিবাহ দিয়া হয় যদিওঁ বিয়াৰ পিছৰে পৰাই স্বামীগৃহৰ পৰা চলাই আহিছিল অকথ্য নিৰ্যাতন। যাক লৈ কেইবাবাৰো সম্পন্ন হয় ৰাইজ মেলৰ। কিন্তু বিয়াৰ ইমান দিনৰ পিছতো নিৰ্যাতন চলাই থকাত উপায়হীন হৈ বৰপুত্ৰৰ লগত গুছি আহে মাতৃ গৃহলৈ। ইতিমধ্যে স্বামীগৃহৰ অত্যাচাৰত শয্যাশায়ী হৈ অৱশেষত আজি অকাল মৃত্যুক আঁকোৱালি লয়। এই…
Read More

সৰ্থেবাৰীত প্লাষ্টিকৰ বিৰুদ্ধে সৰ্থেবাৰী পৌৰসভাৰ অভিযান।

সৰ্থেবাৰীত প্লাষ্টিকৰ বিৰুদ্ধে সৰ্থেবাৰী পৌৰসভাৰ অভিযান। সৰ্থেবাৰী পৌৰসভাই একক ব্যৱহাৰযোগ্য প্লাষ্টিকৰ ব্যৱহাৰ,বিক্ৰী আৰু মজুতকৰণৰ বিৰুদ্ধে অভিযান চলায় ।এই অভিযানত কেবাখনো ব্যৱসায়িক প্ৰতিষ্ঠানতৰ পৰা জব্দ প্লাষ্টিকৰ সামগ্ৰী।কেবাখনো ব্যৱসায়িক প্ৰতিষ্ঠানৰ গৰাকীক জৰিমনা।এই অভিযানত সৰ্থেবাৰী পৌৰসভাৰ সভানেত্ৰী স্বৰ্ণলতা বৰ্মন, পৌৰসভাৰ কেবাগৰাকীও পাৰিষদ উপস্থিত আছিল।
Read More

গোসাইগাওঁ উকীল সন্থাৰ কাৰ্যালয়ত চৰম অৰাজকতাৰ

গোসাইগাওঁ উকীল সন্থাৰ কাৰ্যালয়ত চৰম অৰাজকতাৰ অভিযোগঃএফিডেফিট কৰিব যোৱা যুৱকক সুৰামত্ত অধিবক্তাৰ আক্ৰমন।গোসাইগাঁও সদৰ চহৰৰ সংলগ্ন হাব্ৰুবিল স্থিত মহকুমা দন্ডাধিশৰ কাৰ্যালয়ৰ সমিপত স্থিত উকীল সন্থাৰ কাৰ্যালয়ত চৰম অৰাজকতাৰ অভিযোগ উত্থাপন হৈছে ৷ সন্থাৰ কাৰ্যালয়তে মদ্যপান কৰি অধিবক্তাই যুৱকক আক্ৰমন কৰাৰ গুৰুতৰ অভিযোগ কৰিছে ভুক্তভোগী যুৱকে ৷ ঘটনাক লৈ গোসাইগাঁৱত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ অভিযোগ মতে গোসাইগাঁও মহকুমাৰ কচুগাঁও থানাৰ অন্তৰ্গত দুই নম্বৰ ডেমডেমা গাঁৱৰ বাসিন্দা প্ৰমেশ্বৰ হাচদা নামৰ যুৱক গৰাকীয়ে জাতিৰ প্ৰমান পত্ৰৰ বাবে অধিবক্তাৰ জৰিয়তে এফিডেফিটৰ আবেদন কৰিছিল ৷ যুৱক গৰাকীয়ে এফিডেফিট টো আনিবলৈ কালি বিয়লি উকীল সন্থাৰ কাৰ্যালায়ত উপস্থিত হয় ৷ তেনে সময়ত উকীল সন্থাৰ কাৰ্যালয় কক্ষত…
Read More

গোলাঘাটত খাদ্যত বিষক্ৰিয়া হৈ ১৫ গৰাকী চিকিৎসাধীন

গোলাঘাটৰ চেলেঙীত আজি খাদ্যত বিষক্ৰিয়া হৈ চিকিৎসাধীন হব লগীয়া হয় ১৪ গৰাকী লোক । অঞ্চলটোৰ দীপক ফুকনৰ ঘৰত গ্ৰহদোষ খণ্ডনৰ বাবে নাম-কীৰ্তন অনুষ্ঠানত মাহ প্ৰসাদ ; চিৰা-দৈ খাই এই বিষক্ৰিয়া হয় বুলি জানিব পৰা গৈছে । এই বিষক্ৰিয়াত শিশুৰ পৰা বৃদ্ধলৈকে ১৪ জন লোকক গোলাঘাটৰ কুশল কোৱৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে । কেইবাজনো সংকট মুক্ত বুলি চিকিৎসক ডাঃ বিপুল দাসে জানিবলৈ দিছে । আক্ৰান্ত লোকসকল মূলত পেটৰ বিষ,বমি আৰু ডিচেন্ট্ৰিত আক্ৰান্ত হৈছে । গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা লোক সকল হৈছে উৎপল ফুকন ( ১০), অনুপ্ৰভা ফুকন (৫৫),বিউটি ফুকন (৬০),মুখেশ্বৰ শইকীয়া (৪৫), নিত্যা ফুকন(৫২),ৰঞ্জিত ফুকন…
Read More

গোৰেশ্বৰত চিপিআই(এম) তামুলপুৰ জিলাৰ অন্তৰ্গত ৬টা আঞ্চলিক কমিটিৰ বিভিন্ন দাবীত অসমৰ মু্খ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ

গোৰেশ্বৰত চিপিআই(এম) তামুলপুৰ জিলাৰ অন্তৰ্গত ৬টা আঞ্চলিক কমিটিৰ বিভিন্ন দাবীত অসমৰ মু্খ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে।উল্লেখযোগ্য যে আজি গোৰেশ্বৰস্থিত চিপিআই(এম) কাৰ্য্যালয়ৰ পৰা গোৰেশ্বৰ ৰাজহ চক্ৰৰ কাৰ্য্যালয়লৈ এক ৰেলীৰে গৈ একাংশ চিপিআই(এম) দলৰ পুৰুষ মহিলাই হাতে হাতে প্লে কাৰ্ড লৈ বান-গৰাখহনীয়াত ক্ষতিগ্ৰস্ত লোকক পৰ্য্যাপ্ত পৰিমানে সাহায্য আৰু ক্ষতিপুৰণ দিয়া, অত্যাৱশ্যকীয় সামগ্ৰীৰ মুল্যবৃদ্ধি ৰোধ কৰা, ভোগ দখল কৰি থকা কৃষকৰ মাটিৰ পট্টা দিয়া, শ্ৰমিক সকলৰ অধিকাৰ সুনিশ্চিত কৰা, এন পি এচ বাতিল কৰি পুৰণা পেঞ্চল বাহাল ৰখা, সমৱায় সমূহৰ আনাদায় পৰিবহন খৰচ শীঘ্ৰে অদায় দি বিনামূলীয়া চাউল বিনামূলীয়াকৈ যোগান ধৰি স্থায়ী সমস্যাসমূহ শীঘ্ৰে সমাধান কৰাৰ লগতে বিভিন্ন দাবীত মূখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ…
Read More

কাৰ নেতৃত্বত চলিছে গোৰেশ্বৰৰ ৰাজ পথত অবৈধ ডাম্পাৰ

কাৰ নেতৃত্বত চলিছে গোৰেশ্বৰৰ ৰাজ পথত অবৈধ ডাম্পাৰ। অবৈধ ডাম্পাৰ পাৰ কৰাৰ বাবে বিভিন্ন লোক জড়িত হৈ থকাৰ সন্দেহ আৰক্ষীৰ। উল্লেখযোগ্য যে বুধবাৰে গোৰেশ্বৰৰ আৰক্ষীৰ নিশা অভিযান চলাইছিল ।আৰু তাৰ পিছতেই চালান বিহিন লগতে বৈধ নথিপত্ৰ অবিহনে শিল বালি সৰবৰাহ কৰি থকা তিনিখনকৈ অবৈধ ডাম্পাৰ জব্দ কৰিবলৈ সক্ষম হয়।জব্দ কৰা ডাম্পাৰ কেইখন হল AS25FC1137, AS25EC7835, ASEC4750ডাম্পাৰৰ লগতে ড্ৰাইভাৰ হেন্দিমেন সহ ৫জন লোকক আটক গোৰেশ্বৰ আৰক্ষীয়ে।উলেখ্য যে বৰনদীৰ বুকুৰ পৰা প্ৰতিদিনে অবৈধভাৱে শিল বালি সৰবৰাহ হৈ আহিছে। এই অবৈধ সৰবৰাহৰ বিৰুদ্ধে বহু দল সংগঠনে প্ৰতিবাদ কৰে যদিও বনবিভাগে কোনো গুৰুত্ব দিয়া দেখা নাযায়। ইয়াৰ পিছতে আজি নিশা গোৰেশ্বৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া…
Read More

বহিঃ ৰাজ্যলৈ যাব বিচৰা সকলৰ বাবে সুখবৰ

বহিঃৰাজ্যত যাতায়তকাৰী সকলৰ বাবে ৰাজ্যৰ বিভিন্ন ঠাইত গঢ়ি উঠিছে বৈধ অবৈধ বহু বাছ আস্থান।কিন্তু আপুনি কেতিয়াবা ভাবিছেনে ,আপোনাৰ কোন বোৰ বাছ আস্থানৰ পৰা বহিঃৰাজ্যলৈ যাতায়ত কৰিলে আপোনাৰ বাবে নিৰাপদ আৰু সুবিধাজনক হব।কেতিয়াবা আপুনি অনুভব কৰিছেনে কোন বোৰ বাছত আপুনি যাত্রা কৰিলে আপুনি কম খৰচ আৰু সম্পূৰ্ণ নিৰাপদে চকু মুদি যাত্রা কৰিব পৰিব । হয় আমি পুনৰ বাৰ বহিঃৰাজ্যৰ যাতায়ত কাৰী সকলক জনাব বিছাৰিছো যে, আপুনি বহিঃৰাজ্যত থাকে নেকি বা বহিঃৰাজ্যৰ পৰা অসমত আহিব বিচাৰিছে নেকি ।মধ্য অসম আৰু নগাওঁৰ পৰা বহিঃৰাজ্যলৈ কাম বিচাৰি যোৱা সকলৰ বাবে নির্ভযোগ্য বাছ সেবা আগবঢ়াইছে GK BROZZ holidays বাছ আস্থানে ।GK BROZZ holidays ৰ স্বত্তাধিকাৰী…
Read More

সোণৰ বিটিআৰ গঢ়াৰ পৰিকল্পনা প্ৰমোদ বড়োৰ -কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্ম

সোণৰ বিটিআৰ গঢ়াৰ পৰিকল্পনা আছে বিবিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ। এক নতুন পৰিকল্পনাৰে আগবাঢ়িছে বিটিআৰ। আজি এই মন্তব্য কৰে বিটিআৰৰ পশুপালন আৰু মীন বিভাগৰ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মই। আজি বাক্সা জিলাৰ মুছলপুৰত ইউপিপিএলৰ সপ্তম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উপলক্ষে গছপুলি ৰোপণ কৰি কাৰ্যবাহী সদস্য গৰাকীয়ে কয় যে পৰিবৰ্তনৰ লক্ষ্য কৰি প্ৰমোদ বড়ো নেতৃত্বাধীন বিটিচি চৰকাৰ গঠন হৈছে। গতিকে শিক্ষাৰ ক্ষেত্ৰত অধিক গুৰুত্ব প্ৰদান কৰাৰ লগতে প্ৰতিটো পৰিয়ালে যাতে আৰ্থিকভাৱে স্বাৱলম্বী হ'ব পাৰে তাৰ বাবে কম কৰা বুলি মন্তব্য কৰে। উল্লেখ্য যে আজি দলৰ সপ্তম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উপলক্ষে বাক্সা জিলাৰ মুছলপুৰৰ জিলা কেন্দ্ৰৰ প্ৰাংগণত বিভিন্ন প্ৰজাতিৰ গছপুলি ৰোপণ কৰে কাৰ্যবাহী…
Read More