Dipshikha

2388 Posts

আজাদী কা অমৃত মহোৎসৱৰ অংশ হিচাপে বিজনী আৰক্ষীৰ উদ্যোগত হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচীৰ সজাগতা মুলক সমদল

ভাৰতবৰ্ষৰ স্বাধীনতাৰ ৭৫ বৰ্ষ উপলক্ষে আজাদী কা অমৃত মহোৎসৱ"ৰ লগত সংগতি ৰাখি হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচীৰ সফল ৰূপায়ণৰ বাবে আজি বিজনীত বিজনী আৰক্ষীৰ উদ্যোগত এক সজাগতামুলক সমদল উলিওৱা হয়।বিজনী থানাৰ পৰা আৰম্ভ হোৱা সমদলটোৱে বিজনী চহৰ পৰিভ্ৰমণ কৰি পুনৰ বিজনী থানাত সামৰণি মাৰে। উক্ত কাৰ্যসূচীত বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায়, বিজনীৰ মহকুমাধিপতী ৰাহুল কুমাৰ গুপ্তা, মহকুমা আৰক্ষী বিষয়া শেখৰজ্যোতি ৰয় উপস্থিত থকাৰ লগতে বিজনীৰ আৰক্ষী, চিআৰপিএফ, গাঁওৰক্ষী বাহিনীৰ লোক অংশগ্ৰহণ কৰে।
Read More

সৰভোগ পৌৰসভাৰ আজাদী কা অমৃত মহোৎসৱৰ পদযাত্ৰা

সৰভোগ পৌৰসভাৰ আজাদী কা অমৃত মহোৎসৱৰ পদযাত্ৰা ভাৰতৰ প্ৰধানমন্ত্ৰী অসমৰ মুখ্য মন্ত্ৰী নিৰ্দেশমৰ্মে হৰ ঘৰে ঘৰে তিৰংগা পতকা লগোৱাবলৈ আজি সৰভোগ পৌৰসভাৰ পৰা পদযাত্ৰা কৰে । পৌৰসভাৰ সভানেত্ৰী মালবিকা দাস উপ পৌৰপতি সম্পদ দাস আৰু সদস্য - সদস্যাসকলৰ নেতৃত্বত অহা ১৩-১৫ আগষ্টলৈ প্ৰতিজন ব্যক্তিয়ে নিজৰ ঘৰে ঘৰে পতকা লগোৱাই তাৰে উদ্দোগ লৈ সৰভোগ নগৰৰ চাৰিওফালে পদযাত্ৰা কৰে । এই পদযাত্ৰাত ৰাইজে সজাগ হবলৈ আহ্বান জনায়।
Read More

গোৰেশ্বৰত গোৰেশ্বৰ আৰক্ষী মৃদুল হাজৰিকাৰ গাঞ্জাৰ বিৰুদ্ধে অভিযান।

গোৰেশ্বৰত গোৰেশ্বৰ আৰক্ষী মৃদুল হাজৰিকাৰ গাঞ্জাৰ বিৰুদ্ধে অভিযান। গোপন সুত্রৰ পম খেদি বৃহস্পতিবাৰে লোক্ৰা বড় নগৰত এক অভিযান চলাই। অভিযান কালত আৰক্ষীৰ দলটোৱে ১ কিলো গাঞ্জাৰ লগতে ব্যবসায় লগত ব্যবহাৰ কৰা সামগ্রী জব্দ কৰে। গাওঁখনত দীর্ঘদিন ধৰি ব্যৱসায় চলাই থকা দেবেন নাথ নামৰ লোক এজনক আটক কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে। ইয়াৰ পিছতে গোৰেশ্বৰ আৰক্ষীয়ে ব্যৱসায় চলাই থকা ব্যক্তি গৰাকীক আটক কৰি এক গোচৰ ৰুজু কৰে।যদিহে সেই অঞ্চলত কোনে লোকে এনেদৰে ব্যৱসায় চলাই থাকে আৰক্ষীক খৱৰ দি সহায় কৰিৱলৈ আহ্বান কৰে আৰক্ষী বিষয়া গৰাকীয়ে।
Read More

বজালীৰ ভট্টদেব বিশ্ববিদ্যালয়ত পুনৰ দুৰ্নীতি নিবাৰক শাখাৰ অভিযান

যোৱা ৬ আগষ্টত বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক গুৰু প্ৰসাদ খাটনীয়াৰক ঠিকাদাৰৰ পৰা উৎকোচ লোৱা অৱস্থাত গুৱাহাটীত গ্ৰেপ্তাৰ কৰিছিল দুৰ্নীতি নিবাৰক শাখাই।প্ৰায় দুই ঘণ্টা সময় ধৰি বিশ্ববিদ্যালয়খনত অভিযান চলাই আছে দুৰ্নীতি নিবাৰক শাখাই।বিশ্ববিদ্যালয়খনত সাংবাদিকৰ প্ৰবেশত বাধা প্ৰদান কৰিছিল।জানিব পৰা মতে ভট্টদেব বিশ্ববিদ্যালৰ পঞ্জীয়কৰ কাৰ্যালয়ৰ পৰা বহু নথি পত্ৰ জব্দ কৰে অভিযানকাৰী দলে।উল্লেখযোগ্য যে সাংবাদিকৰ প্ৰবেশ নিষিদ্ধ কৰাৰ পিছত একাংশ সাংবাদিকৰ প্ৰবেশ ভট্টদেব বিশ্ববিদ্যালয়ত ।সাংবাদিকৰ প্ৰবেশৰ উমান পাই বিশ্ববিদ্যালয়ৰ মূল তোৰন এৰি অইন তোৰনৰে অভিযানকাৰী দল ওলাই যায় বুলি জানিব পৰা গৈছে।
Read More

পাঠশালাত কংগ্ৰেছক আক্ৰমণৰ লক্ষ্য মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

কংগ্ৰেছৰ গৌৰৱ যাত্ৰাক লৈ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ কটাক্ষ কৰা পৰিলক্ষিত হৈছে।কংগ্ৰেছৰ এই যাত্ৰা গান্ধী নেহেৰু পৰিয়ালৰ গৌৰৱ গাঁথা নে অসমৰ বংশবাদ ৰক্ষা কৰা তৰুণ গগৈৰ পুতেকৰ গৌৰৱ যাত্ৰা সেয়া আমি বুজি পোৱা নাই বুলিও উল্লেখ কৰে।যদি বংশবাদ বাদ দি গৌৰৱ গগৈৰ স্হানৰ বাবে এই যাত্ৰা তেন্তে তাত মূল্য আছে ।যদি গান্ধী নেহেৰু পৰিয়ালৰ কিবা গৌৰৱ গাঁথা লৈ যদি কিবা কৰিছে সেয়া ভাৰতৰ মানুহে গ্ৰহণ নকৰে বুলি উল্লেখ কৰে।আমি বিৰোধী দল শক্তিশালী হোৱাটো বিচাৰো বুলি মন্তব্য কৰে জয়ন্ত মল্ল বৰুৱাই।ভূপেন বৰাই কবিতা লিখাত কৈ সংগঠনৰ কাম কৰিলে আমি ভাল পাম বুলি মত পোষণ কৰে মন্ত্ৰী গৰাকীয়ে।ভূপেন বৰা, ৰিপুণ বৰা আদিৰ…
Read More

বটদ্ৰৱা বৰভেটি প্ৰাথমিক বিদ্যালয়ত মধ্যাহ্ন ভোজনত চূড়ান্ত অনিয়ম

নগাঁও জিলাৰ বটদ্ৰৱা প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত বটদ্ৰৱা বৰভেটি প্ৰাথমিক বিদ্যালয়ত মধ্যাহ্ন ভোজন আঁচনিত ব্যাপক দুৰ্নীতি আৰু অনিয়ম সংঘটিত হোৱাৰ গুৰুত্বৰ অভিযোগ উঠিছে ৷ প্ৰাপ্ত অভিযোগ মতে, বিদ্যালয়খনৰ প্ৰধান শিক্ষকজনে চৰম দুৰ্নীতিৰ আশ্ৰয় লৈ আঁচনিখন এক প্ৰকাৰে ভেকো ভাওনাত পৰিণত কৰি তুলিছে ৷ কিয়নো, চৰকাৰে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক দুপৰীয়াৰ আহাৰ খোৱাবৰ বাবে যি নীতি-নিয়ম আৰোপ কৰি দিছে সেয়া বিদ্যালয়খনৰ প্ৰধান শিক্ষকজনে সম্পূৰ্ণৰূপে অৱজ্ঞা কৰি আহিছে ৷ অভিযোগ অনুসৰি, চৰম মইমতালিৰে প্ৰধান শিক্ষকজনে ছাত্ৰ-ছাত্ৰীসকলক দুপৰীয়া আহাৰৰ নামত কেৱল ভাতৰ লগতে দাইলৰ নামত পানী আৰু কেইডোখৰমান আলুু দিয়েই আভুৱা ভাৰি আহিছে ৷ আচলতে, চৰকাৰী নিৰ্দেশনা অনুসৰি ছাত্ৰ-ছাত্ৰীক দুপৰীয়া আহাৰ হিচাপে নিৰ্দিষ্ট দিনত ভাতৰ…
Read More

সৰভোগত মটৰ চাইকেলৰ বৃহৎ সমদল

ব্ৰিটিছ সকলৰ শাসনৰ পৰা আমাৰ দেশখন ৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে আজি সৰভোগ থানাৰ উদ্যোগত এক পদযাত্ৰা মটৰ চাইকেল সমদল উলিয়াই । সৰভোগ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী সঞ্জীৱ কুমাৰ দাসে কয় হৰ ঘৰ তিৰংগা ’ কাৰ্যসূচী সফল কৰি তুলিবলৈ সৰভোগবাসী ৰাইজে সহায়-সহযোগিতা আগবঢ়াই বুলি জানিব দিয়ে। অসমৰ মুখ্যমন্ত্ৰী নিৰ্দেশমৰ্মে বৰপেটা জিলা আৰক্ষী অধীক্ষক অমিতাভ সিনহাৰ নেতৃত্বত বৰপেটাৰ পৰা একশতকৈ অধিক বাইকৰে সৰভোগ থানাৰ বাইক ৰেলীত অংশগ্ৰহণ কৰি ঘৰে ঘৰে তিৰংগা লগোৱা সম্পকে সজাগতা অভিযান চলাই । এই ৰেলী ৬-৭ কিলোমিটাৰ পদযাত্ৰা মটৰ চাইকেলৰে অমৃত কা মহোৎসৱ আৰু ১৫ আগষ্ট উপলক্ষে হৰে ঘৰে ঘৰে তিৰংগা পতাকা লগোৱা লগাবলৈ আহ্বান জনায় । প্ৰতিজন…
Read More

বৰপেটা উন্নয়ন প্ৰাধিকাৰীৰ কাৰ্যালয় ভৱন উদ্বোধন মন্ত্ৰী ৰণজিৎ দাসৰ

বৰপেটা উন্নয়ন প্ৰাধিকাৰীৰ কাৰ্যালয় ভৱন উদ্বোধন মন্ত্ৰী ৰণজিৎ দাসৰ CIDF আঁচনিৰ ১০০ কোটিৰে বৰপেটাৰ উন্নয়নৰ পৰিকল্পনা মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ ৷ উল্লেখযোগ্য যে বৰপেটাত আজি মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে বৰপেটা উন্নয়ন প্ৰাধিকাৰীৰ নৱনিৰ্মিত কাৰ্যালয় ভৱনটো মুকলি কৰে ৷ নৱনিৰ্মিত কাৰ্যালয় ভৱনতো মুকলি কৰি বৰপেটা চহৰৰ উন্নয়ন সম্পৰ্কতো মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷আনকি পূৰ্বৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কাৰ্যকালত CIDF আচনিৰ জৰিয়তে বৰপেটা চহৰৰ উন্নয়নৰ বাবে আৱন্টন দিয়া ১০০ কোটি টকা কিদৰে মোকলাই আনিব পাৰি সেইসম্পৰ্কে জিলা উপায়ুক্তক ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৷ ইপিনে শতিকাপ্ৰাচীন বৰপেটা চহৰৰ উন্নয়নৰ বাবে বৰপেটা উন্নয়ন প্ৰাধিকাৰী, পৌৰসভা আৰু জিলা উপায়ুক্তক লৈ এখন যৌথসভা…
Read More

লাহৰীঘাটত চাইবাৰ অপৰাধী গ্ৰেপ্তাৰ

চাইবাৰ অপৰাধীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান । মৰিগাওঁ আৰক্ষী আৰু লাহৰীঘাট আৰক্ষীয়ে যৌথ অভিযান চলাই দুটা চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।ধৃত লোক দুটা হল আব্দুল ৰেকিব আৰু ৱাচিম আক্ৰাম । অঞ্চলটোৰ বোৱালগুৰি আৰু নগাবন্ধাত আৰক্ষীয়ে আজি অভিযান চলাই ধৃত লোক দুজনক গ্ৰপ্তাৰ কৰে । লোক দুজনৰ পৰা ৮৫ টা চিম কাৰ্ড , পান কাৰ্ড , আধাৰ কাৰ্ড , দুটা মবাইল , তিনিখন বাইক আৰু এখন চাৰিচকীয়া বাহন আৰক্ষীয়ে জদ্ধ কৰে ।অঞ্চলটোত দীৰ্ঘদিন ধৰি চাইবাৰ অপৰাধৰ লগত জড়িত আছিল ধৃত লোকদুজন । আৰক্ষীয়ে 311/22 নম্বৰত U/S 120(B)420/379/406 IPC ত গোচৰ ৰুজু কৰি মৰিগাওঁ জেল হাজোতলৈ প্ৰেৰণ কৰে।
Read More

লাহৰীঘাটত প্ৰধান শিক্ষকক হাৰাশাস্তিৰ অভিযোগ

লাহৰীঘাটত এগৰাকী প্ৰধান শিক্ষকৰ বিৰুদ্ধে এটা দুষ্টচক্ৰই বিভিন্ন সময়ত হাৰাশাস্তি কৰি অপপ্ৰচাৰ চলাই অহাৰ অভিযোগ উঠিছে । লাহৰীঘাট প্ৰাথমিক শিক্ষাখণ্ডৰ অন্তৰ্গত বোৱালগুৰি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আব্দুল মালিকৰ বিৰুদ্ধে এজন ছাত্ৰক প্ৰহাৰ কৰা বুলি মিছা অভিযোগ তুলি শিক্ষকজনক ৰাজহুৱাকৈ অপদস্থ কৰাৰ গুৰুতৰ অভিযোগ উঠিছে । যাৰ ফলত এতিয়া উক্ত বিদ্যালয়খনৰ কৰ্মৰত আন আন মহিলা শিক্ষয়িতীসকল তীব্ৰ শংকাত পাঠদান কৰিবলগা পৰিস্থিতিৰ সৃষ্টি হৈছে । উল্লেখ্য যে , দুষ্টচক্ৰটোৱে যোৱা ৫ আগষ্টৰ পুৱা বিদ্যালয়খনত অনাধিকাৰ প্ৰৱেশ কৰি প্ৰধান শিক্ষকগৰাকীক অভব্য আচৰণ কৰাত এতিয়া জাঙুৰ খাই উঠিছে বিদ্যালয় পৰিচালনা সমিতি । বিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশ বিনষ্ট কৰা উক্ত চক্ৰটোৰ বিৰুদ্ধে মৰিগাওঁ জিলা প্ৰশাসনে শীঘ্ৰে…
Read More