Dipshikha

2388 Posts

গোলাঘাটত স্বাধীনতা দিৱস সম্পৰ্কে খেলি মেলি

আজি ৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে সমগ্ৰ দেশৰ লগতে গোলাঘাট সম্মন্বয় ক্ষেত্ৰতো সমূহীয়াকৈ উক্ত দিৱস উৎযাপন কৰা হয়৷সেই অনুসৰি গোলাঘাটৰ অভিভাৱক মন্ত্ৰী কেশৱ মহন্তই পতাকা উত্তোলন কৰে৷উক্ত দিৱসত গোলাঘাট কমাৰ্চ কলেজ ছোৱালী এনচিচি আৰু দেৱৰাজ ৰয় কলেজ ছাত্ৰীএনচিচি কেডেট সকলে প্ৰথম আৰু দ্বিতীয় স্থান আৰু চেক্ৰেটহাৰ্ট বিদ্যালয়ে তৃতীয় স্থান লাভ কৰে৷উক্ত দিৱসত মন্ত্ৰী কেশৱ মহন্তৰ লগতে সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন ,জিলাধিপতি মৃগেশ নাৰায়ণ বৰুৱাৰ লগতে ,আৰক্ষী অধীক্ষক আৰু বিভিন্ন বিষয়াসকল আৰু যথেষ্ট সংখ্যক জনতা উপস্থিত থাকে৷পিচে এইখিনিতেই এক খেলি মেলিৰ বিষয় যে গোলাঘাট সম্মন্বয় ক্ষেত্ৰৰ বেনাৰত আৰু স্বয়ং গোলাঘাটৰ অভিভাৱক মন্ত্ৰীয়ে ৭৬ বছৰ বুলি ভাষণ সংক্ৰান্তত ঘোষণা কৰে৷ আনহাতে…
Read More

বিজনীত দেশৰ ৭৬ সংখ্যক স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰিলে বিজনীৰ মহকুমাধিপতী ৰাহুল কুমাৰ গুপ্তাই

আজি দেশৰ ৭৬ সংখ্যক স্বাধীনতা দিৱস। সমগ্ৰ দেশৰ লগতে চিৰাং জিলাৰ বিজনী মহকুমা প্ৰশাসনৰ উদ্যোগত উদযাপন কৰা হয় দেশৰ ৭৬ সংখ্যক স্বাধীনতা দিৱস। বিজনী জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত বিজনীৰ মহকুমাধিপতী ৰাহুল কুমাৰ গুপ্তাই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে।ইয়াৰ পৰৱৰ্তী বিজনী বসীক উদ্দেশ্যি ভাষণ প্ৰদান কৰাৰ পিছত বিজনীৰ আৰক্ষী আৰু বিজনীৰ বিভিন্ন বিদ্যালয়ৰ ছাত্র-ছাত্ৰীয়ে প্ৰদৰ্শন কৰা সামৰিক কুচকাৱাজৰ অভিবাদন গ্ৰহণ কৰে মহকুমাধিপতী ৰাহুল কুমাৰ গুপ্তাই।ইফালে স্বাধীনতা দিৱসৰ কুচকাৱাজত অংশগ্ৰহণ কৰিবলৈ অহা কেবাগৰাকীও ছাত্র-ছাত্ৰী প্ৰখৰ ৰ'ড সহিব নোৱাৰি ঢলি পৰা পৰিলক্ষিত হয়।পৰৱৰ্তী বিভিন্ন বিদ্যালয়ৰ ছাত্র-ছাত্ৰী সকলে নৃত্য প্ৰদৰ্শন কৰে।
Read More

মৰিগাঁওত ৭৬ সংখ্যক স্বাধীনতা দিৱস উদযাপন

সমগ্ৰ দেশতে স্বাধীনতা ৭৫বছৰ পূৰ্ণ হোৱা উপলক্ষে স্বাধীনতা অমৃত মহোৎসৱ পালন কৰা হৈছে । আজিৰ মৰিগাঁও তৰুণৰাম ফুকন খেলপথাৰত জিলা উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়াই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। লগতে মৰিগাঁও জিলা আৰক্ষী প্ৰশাসন আৰু বিদ্যালয় মহাবিদ্যালয় ছাত্ৰ-ছাত্ৰী সকলে কুছ কাৱাছ প্ৰদৰ্শন কৰে।
Read More

মাৰ্ঘেৰিটা ৩নং মাকুম পথাৰত চিলিণ্ডাৰ বিস্ফোৰণ

৭৫ তম স্বাধীনতা দিৱসৰ প্ৰাক সন্ধিয়া মাৰ্ঘেৰিটাত চিলিণ্ডাৰ বিস্ফোৰণে আতংকৰ সৃষ্টি কৰে। মাৰ্ঘেৰিটা ৩নং মাকুম পথাৰত চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত বাসগৃহ সম্পূন্ন ভস্মীভূত। দেওবাৰে সন্ধিয়া প্ৰায় ৯ঃ৩০ বজাত মাৰ্ঘেৰিটা আৰক্ষী থানাৰ অন্তৰ্গত মুনি হালৈ নামৰ মহিলাগৰাকী বাসগৃহ প্ৰথমে অগ্নিকাণ্ড সূত্ৰপাত হোৱাৰ পাছতে পাকঘৰত থকা এটা চিলিণ্ডাৰ বিস্ফোৰণ হয় ফলত সম্পূন্ন বাসগৃহ জ্বলি যায়। বিধৱা মুনি হালৈৱে তথা স্থানীয় ৰাইজে সন্দেহ কৰা অনুসৰি কোনো দুস্কৃতিকাৰিয়ে বাসগৃহটো জ্বলাই দিয়ে। ঘটনাস্থলীত মাৰ্ঘেৰিটা আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। অৱশ্য এই বিস্ফোৰণৰ ফলত কোনো লোক হতাহত হোৱা নাই।
Read More

প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰাৰ বহু বছৰ পূৰ্বৰে পৰা হৰ ঘৰ ত্ৰিৰংগা পালন কৰি আহিছে এখন গাওঁৰ লোকে

ৰাজ্যখনৰ প্ৰতিটো পৰিয়ালে জাতীয় পতাকা উত্তোলনেৰে পালন কৰিছে দেশৰ গৌৰৱোজ্বল স্বাধীনতা দিৱসৰ অমৃত মহোৎসৱ ৷ পিচে বাক্সা জিলাৰ এখন গাঁওৰ ৰাইজে বিগত বহু বছৰ ধৰি পালন কৰি আহিছে স্বাধীনতা দিৱস ৷ পালন কৰি আহিছে হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচী। বাক্সা জিলাৰ মুছলপুৰ মহকুমাৰ অন্তৰ্গত এই গাঁওখন হৈছে ২ নং কাটলিগাঁও ৷ ৰাভা জনগোষ্ঠীৰ লোকে বসবাস কৰা এই গাঁওখনত আছে প্ৰায় শতাধিক পৰিয়াল ৷ জিলাখনৰ ভিতৰতে এখনি স্বচ্ছ গাঁও হিচাপে পৰিচিত এইখন গাঁওৰ ৰাইজে বিগত বছৰ বছৰ ধৰি দেশৰ স্বাধীনতা দিৱস পালন কৰাৰ লগতে হৰ ঘৰ ত্ৰিৰংগাও উদযাপন কৰি আহিছে ৷ প্ৰতি বছৰে গাঁওখনৰ প্ৰতিটো পৰিয়ালৰ পদুলিত জাতীয় পতাকা উত্তোলন কৰি আহিছে…
Read More

নাওবৈচা শিক্ষা খণ্ডৰ অন্তৰ্গত সোণাপুৰ মিলন জ্যোতি প্ৰাথমিক বিদ্যালয়ত প্ৰভাত ফেৰী অনুষ্ঠান সম্পণ্ণ

নাওবৈচা শিক্ষা খণ্ডৰ অন্তৰ্গত সোণাপুৰ মিলন জ্যোতি প্ৰাথমিক বিদ্যালয়ত প্ৰভাত ফেৰী অনুষ্ঠান সম্পণ্ণ । লখিমপুৰ জিলাৰ অন্তৰ্গত চৰকাৰী মাধ্যমৰ অগ্ৰণী শৈক্ষিক প্ৰতিষ্ঠান সোণাপুৰ মিলন জ্যোতি প্ৰাথমিক বিদ্যালয়ত স্বাধীনতা দিৱসৰ লগতে আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি "প্ৰভাত ফেৰী" সফল কৰাৰ উদ্দেশ্যে এক বিশাল ত্ৰিৰংগা পদযাত্ৰা উলিওৱা হ'য়। ছাত্ৰ ছাত্ৰীৰ মাজত স্বদেশপ্ৰেমৰ এক নৱজাগৰন সৃষ্টিৰ মানসৰে আজিৰ " প্ৰভাত ফেৰী" অনুষ্ঠানটি আয়োজন কৰা হয় । ৰাষ্ট্ৰীয় সংগীতৰে বিদ্যাল়য় খনৰ কণ কণ শিশু সকলে হাতত ত্ৰিৰংগা লৈ উলিওৱা প্ৰভাত ফেৰী অনুষ্ঠানটিত ৬৬ জন ছাত্ৰ ছাত্ৰীৰ লগতে বিদ্যালয় খনৰ গতে লাগি থকা অংগনবাদি বিদ্যালয় খনৰৰ ছাত্ৰ ছাত্ৰী সকলেও এই ত্ৰিৰংগা প্ৰভাত ফেৰী…
Read More

এইবাৰ চোৰে চুৰি কৰি নিলে ৰাষ্ট্ৰীয় পতাকা

এইবাৰ চোৰে চুৰি কৰি নিলে ৰাষ্ট্ৰীয় পতাকা ।ধিং পৌৰসভাই স্বাধীনতা দিৱস উপলক্ষে সজাই পৰাই তুলিছে ধিং চহৰ খন ।কিন্তু নিশা চোৰে অধিকাংশ পতাকা চুৰি কৰি লৈ যায়।চোৰৰ এনে কাণ্ডত চাঞ্চল্যৰ সৃষ্টি হৈছে ধিঙত ।ধিং থানাৰ কাষতে এই ঘটনা সংঘটিত হোৱাত জাঙুৰ খাই উঠিছে স্থানীয় ৰাইজ । আজাদি কা অমৃত মহোৎসৱক আদৰনি জনাই সমগ্ৰ দেশে পালন কৰিছে হৰ ঘৰ ত্ৰিৰঙ্গা। তাৰ মাজতে দেখা গ'ল এক নিন্দনীয় দৃশ্য ধিঙৰ মাজমজিয়াত। উল্লেখ্য যে ধিং পৌৰসভাই গড়কপ্তানি পথৰ ওপৰত অৱস্হিত দিভাইদাৰ সমূহৰ লগতে বিভিন্ন স্হানত শাৰি শাৰিকৈ সজাই তুলিছিল জাতীয় পতাকাৰে। ত্ৰিৰঙ্গাৰে শুৱনি হৈ পৰিছিল ধিঙৰ মাজমজিয়া। তাৰ মাজতে আজি পুৱাই দেখা গ'ল এক…
Read More

স্বাধীনতাৰ অমৃত মহোৎসৱ উপলক্ষে বাক্সাৰ বৰমাত মুছলপুৰ জিলা ইউপিপিএলৰ সজাগতামূলক শোভাযাত্ৰা

দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে সমগ্ৰ দেশত চলি আছে স্বাধীনতাৰ অমৃত মহোৎসৱ। স্বাধীনতাৰ অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি ঘৰে ঘৰে ত্ৰিৰংগা কাৰ্যসূচী সফল কৰাৰ উদ্দেশ্যে ‌‌ ‌‌আ‌‍‌‌জি বাক্সা জিলাৰ বৰমাত উলিওৱা হয় এক বিশাল শোভাযাত্ৰা। বৰমাৰ আৰ্মী কেম্পৰ পৰা উলিওৱা এই শোভাযাত্ৰাত অংশ গ্ৰহণ কৰি বিটিচিৰ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মই হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচী সফলভাৱে পালন কৰাৰ আহ্বান জনায়, লগতে স্বাধীনতা দিৱসৰ পিছতেই সকলোৱে পতাকা খনৰ প্ৰতি অসন্মান নকৰে তাৰ বাবে সকলোৰে প্ৰতি আহ্বান জনায়। লগতে প্ৰতি বছৰে স্বাধীনতা দিৱস পালন কৰাৰ বাবে এই পতাকাখন সযতনে আৰু সন্মান সহকাৰে ৰাখি থবলৈ পৰামৰ্শ আগবঢ়ায় কাৰ্যবাহী সদস্য গৰাকীয়ে। আনহাতে মুছলপুৰ জিলা…
Read More

গোসাঁইগাওঁ হাৰফুটাত মহিলাৰ লোমহৰ্ষক হত্যাকাণ্ড

গোসাঁইগাওঁ হাৰফুটাত মহিলাৰ লোমহৰ্ষক হত্যাকাণ্ড ৷ শৌচালয়ৰ টেংকিত মৃতদেহ উদ্ধাৰক লৈ অঞ্চল জুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে।উল্লেখযোগ্য যে গোসাঁইগাওঁ মহকুমাৰ হাৰাফুটা গাৱঁৰ এগৰাকী মহিলাৰ লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ জানিব পৰা মতে হাৰাফুটা গাৱঁৰ বছেৰ আলীৰ পত্নী মনোৱাৰা বিবি নামৰ মহিলা গৰাকীৰ মৃতদেহ শনিবাৰে বিয়লি প্ৰায় ৮ বজাত নিজ গৃহৰ শৌচালয়ৰ টেংকিত উদ্ধাৰ হয় ৷ ইপিনে বাছেৰ আলীৰ ঘৰৰ ৰান্ধনী গৃহত তেজেৰ চেকুৰা প্ৰত্যক্ষ কৰি মহিলা গৰাকীক উক্ত স্থানতে হত্যা কৰি হত্যাকাৰীয়ে মৃতদেহটো শৌচালয়ৰ টেংকি পেলাই দিয়ে ৷ আনহাতে ঘটনাৰ খৱৰ পাই ঘটনাস্থলীত ততাতৈয়াকৈ গোসাঁইগাওঁ আৰক্ষী থানাৰ আৰক্ষীৰ দল উপস্থিত হয় মৃতদেহটো উদ্ধাৰ কৰাৰ লগতে প্ৰাৰম্ভিক তদন্ত…
Read More

বগিদাৰাত দহ-বাৰ জনীয়া গুণ্ডা বাহিনীৰ দ্বাৰা চাৰিজন লোকক আক্ৰমণৰ ঘটনা

চিৰাং জিলাৰ পাণবাৰী থানাৰ অন্তৰ্গত ১ নং বগিদাৰাত গুণ্ডা বাহিনীৰ দ্বাৰা চাৰিজন লোকক নিৰ্মম ভাবে আক্ৰমণ কৰাৰ ঘটনা পোহৰলৈ আহিছে।স্বামীৰ দ্বাৰা পত্নীক শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলাই অহাক কেন্দ্ৰ কৰি সংঘটিত হৈছে এই আক্ৰমণৰ ঘটনা। অভিযোগ অনুসৰি স্থানীয় তমছেৰ আলীৰ পুত্ৰ হাফিজুৰ ৰহমানে(২৮) নিজ পত্নীক(জবেদা খাতুনক) দীৰ্ঘ দিনৰ পৰা নিৰ্যাতন চলাই অহাৰ পিছত বিগত ২ মে তাৰিখে পত্নীৰ গাৰ কাপোৰ খুলি কাপোৰ সমূহ পেট্ৰল ঢালি জ্বলাই দি হাত বান্ধি ৰাজপথত উলংগ কৰি শাৰীৰিক নিৰ্যাতন চলায়।ঘটনা সন্দৰ্ভত বোৱাৰী গৰাকীৰ জ্যেষ্ঠ ভাতৃ মহুবৰ আলীয়ে নিজ ভগ্নীক কৰা এনে অমানৱিয় নিৰ্যাতনৰ বাবে শাসন মুলক ভাবে ভনী জোৱাই হাফিজুৰ ৰহমানক দুটা চৰ দিয়াক কেন্দ্ৰ…
Read More