Dipshikha

2388 Posts

পথ নিৰ্মাণত ব্যাপক দুৰ্নীতি

দৰং জিলাৰ অভিভাবক মন্ত্রী চন্দ্র মোহন পাটোৱাৰী ওচৰত কাতৰ আহ্বান‌ স্থানীয় ৰাইজৰ।উল্লেখযোগ্য যে দৰং জিলাৰ দলগাওঁ সমষ্টিৰ অন্তৰ্গত দলগাঁও- শিয়ালমাৰীৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত ১/২ নং বৰুৱাঝাৰ গাওঁ পঞ্চায়তৰ সভানেত্রীৰ ঘৰৰ সন্মুখৰ ৰাস্তা MGNREGA আচনিৰ "construction of cc block road from Abu Bakkar siddique house to PWD road via Azmat ali house at no. 1/2 Baruajhar" কামত বৃহৎ দূৰ্নীতি হোৱা ৰাইজৰ দৃষ্টি গোচৰ হৈছে।পথ একেবাৰে নিম্নমানৰ কাম কৰাৰ ফলত জহি খহি গৈছে। আৰু এই প্ৰধান ৰাস্তাটোৰে দৈনিক সৰ্বসাধাৰণ ৰাইজৰ লগতে ছাত্ৰ ছাত্ৰী সকলেও অহা যোৱা কৰে। কোনো মতে পথচাৰীসকলে বৰ ভয়ংকৰ পৰিস্থিতিৰ মাজেৰে অহা যোৱা কৰিবলগীয়া হৈছে। একাংশ ঠিকাদা, , আমানুল…
Read More

ছাত্ৰাবাসত গুটখা খোৱাক লৈ দশম শ্ৰেণীক একাদশ শ্ৰেণীৰ ছাত্ৰক বহিষ্কাৰ

নাজিৰা জৱাহৰ নবোদয় বিদ্যালয়ৰ ছাত্ৰাবাসত গুটখা খোৱাক লৈ দশম শ্ৰেণীক একাদশ শ্ৰেণীৰ ছাত্ৰৰ মাৰপিট,অধ্যক্ষৰ উপস্থিতি সাময়িকভাৱে ছয়গৰাকীকৈ একাদশ শ্ৰেণীৰ ছাত্ৰক বহিষ্কাৰ বিদ্যালয়ৰ পৰা। গোলাঘাট জৱাহৰ নবোদয় বিদ্যালয়ৰ বাতৰি মাৰ নৌ যাওঁতেই এইবাৰ নাজিৰা জৱাহৰ বিদ্যালয়ৰ ছাত্ৰ নিবাসত সংঘটিত হৈছে অন্য এক ঘটনা।বুধবাৰে নিশা নাজিৰা জৱাহৰ নবোদয় বিদ্যালয়ৰ ছাত্ৰাবাসত গুটখা খোৱাক লৈ মাৰপিট,কাজিয়াৰ সূত্ৰ পাত হয় জেষ্ঠ আৰু কনিষ্ঠ ছাত্ৰৰ মাজত। মাৰপিট তথা কাজিয়াৰ সূত্ৰপাতৰ খবৰ পায় ঘটনাস্থলীত উপস্থিত হয় নাজিৰা জৱাহৰ নবোদয় বিদ্যালয়ৰ অধ্যক্ষ । যদিও ঘটনাস্থলীত অধ্যক্ষ উপস্থিত হয় গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত হয় কেইবাগৰাকীয়ো ছাত্ৰ ।এই ঘটনাৰ পিছতেই বিদ্যালয়খনৰ অধ্যক্ষই জেষ্ঠ ছয়গৰাকীকৈ ছাত্ৰক বহিষ্কাৰ কৰে বিদ্যালয়ৰ পৰা।এতিয়া একাংশ অভিভাৱকৰ মাজত…
Read More

৮বছৰীয়া নাবালিকাক ধৰ্ষণৰ চেষ্টা

বঙাইগাঁও কোকিলাত মানৱ সমাজক লজ্জিত কৰা এটা ঘটনা ।অভয়াপুৰী নাম্বাৰপাৰাত ৮ বছৰীয়া নাবালিকাক ধৰ্ষণৰ চেষ্টা ।অভয়াপুৰী থানাৰ অন্তৰ্গত নাম্বাৰপাৰা ১ ম খণ্ডত ঘটে এই ঘটনাটো ।প্ৰাপ্ত তথ্য অনুসৰি বঙাইগাঁও জিলাৰ কোকিলা আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত নাম্বাৰপাৰাত এগৰাকী ৮ বছৰীয়া নাবালিকাই দক্ষিণ নাম্বাৰপাৰাৰ চাৰিআলিবজাৰৰ দোকান এখনত বিস্কুট কিনিবলৈ যায় ।সেই বজাৰতে অৱস্থিত সোহা মেডিকেলৰ গৰাকী আমিনুল ইছলাম ওৰফে ওৱাহাব আলী নামৰ লম্পটজনে ৮ বছৰীয়া নাবালিকা জনীক সোহা মেডিকেল দোকান খনৰ ভিতৰত মাতি লৈ যায় আৰু পৰ্ণ ভিডিও দেখুৱাই নাবালিকা জনীৰ কাপোৰ কানি ছিঙি ধৰ্ষণ কৰাৰ চেষ্টা কৰে।নাবালিকা জনীয়ে চিঞৰ বাখৰ কৰি কোনোমতে লম্পট আমিনুল ইছলাম ওৰফে ওৱাহাব আলীৰ পৰা পলাই যাবলৈ…
Read More

বকোৰ ছমৰীয়া-নগৰবেৰা সংযোগী শালমাৰা পাৰঘাটত দলং নিৰ্মানৰ দাবীত উত্তাল প্ৰতিবাদ

বকোৰ ছমৰীয়া-নগৰবেৰা সংযোগী শালমাৰা পাৰঘাটত দলং নিৰ্মানৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।কামৰূপ জিলা বাঙালি পৰিষদৰ উদ্যোগত অনুষ্ঠিত হয় এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৷ উল্লেখ্য যে, শালমাৰা পাৰঘাটেদি দৈনিক কমেও সহস্ৰাধিক যাত্ৰীয়ে ইঞ্জিনচালিত নৌকাৰে অতিতৰে পৰা পকেটৰ ধন খৰচ কৰি পাৰাপাৰ হব লগীয়া হৈছে ৷ ফলত স্কুল কলেজীয়া ছাত্ৰ-ছাত্ৰীৰো বিশেষ সমস্যাৰ সন্মুখীণ হৈছে ৷ প্ৰতিবাদকাৰী সকলে হাতে হাতে বেনাৰ ফেষ্টুন লৈ নো ব্ৰিজ নো ৰেষ্ট, দলং আমাক লাগিবই, আৱাৰ ডিমাণ্ড লিগেল ডিমাণ্ড আদি ধ্বনিৰে বৃহৎ ৰেলি উলিয়াই ছমৰীয়া চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ যায় ৷
Read More

গৰাখহনীয়াত কবলত শ শ পৰিয়াল

বেকী নৈৰ প্ৰবল গৰাখহনীয়াত নিচিহ্ন হোৱাৰ পথত বাঘবৰ ৰাজহ চক্ৰৰ চানপুৰ, ৰচুলপুৰ আৰু সোণাপুৰ গাঁও।এইবেলি বান আৰু খহনীয়াত গাঁও তিনিখনৰ পৰা অৰ্ধ শতাধিক পৰিয়ালৰ ঘৰ-বাৰী বেকী নৈৰ বুকুত সম্পূৰ্ণ জাহ যায়।হাজি কৈফত আলী এম ই মাদ্ৰাছা, মছজিদ, দুটা প্ৰাথমিক বিদ্যালয় ইতিমধ্যে বেকী নদীৰ গৰাখহনীয়াত কবলত পৰিবলৈ অলপহে বাকী আছে।জনীয়াৰ বিধায়ক হাফিজ ৰফিকুল ইছলাম আৰু বৰপেটাৰ সাংসদ আব্দুল খালেকে গৰাখহনীয়াপীড়িত লোকৰ কোনো খবৰ নোলোৱাৰ লগতে খহনীয়া নিয়ন্ত্ৰণৰ বাবে অকনো চেষ্টা নকৰাৰ বাবে ৰাইজে ক্ষোভ প্ৰকাশ কৰে।আজি ৰাইজৰ দলৰ সম্পাদক তথা জনীয়া সমষ্টিৰ যুৱ নেতা আশ্ৰাফুল ইছলামে সজাতি দলে গৰাখহনীয়াপীড়িত অঞ্চলত উপস্থিত হৈ স্থানীয় ৰাইজক লৈ বিভিন্ন শ্লোগানেৰে এক প্ৰতিবাদী কাৰ্য্যসূচী পালন…
Read More

পুনৰ মূল্য বৃদ্ধিয়ে জুৰুলা কৰিব নেকি সৰ্বসাধাৰণক?

মূল্য বৃদ্ধিয়ে জুৰুলা কৰিছে সৰ্বসাধাৰণ ৰাইজৰ।এইবাৰ পুনৰ গাখীৰৰ মূল্য বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।জানিব পৰা মতে পুনৰ বৃদ্ধি পাব গাখীৰৰ মূল্য। উল্লেখযোগ্য যে আমূল আৰু মাডাৰ ডেইৰীয়ে প্ৰতি লিটাৰ গাখীৰত ২ টকা বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ক্ৰয় আৰু অন্যান্য ইনুপুট ব্যয় বৃদ্ধিৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰিছে গাখীৰৰ এই দুই ব্ৰেণ্ডে।জানিব পৰা মতে বুধবাৰৰ পৰা এই নতুন নীৰিখ কাৰ্যকৰী কৰা হ’ব।উল্লেখযোগ্য যে আমুল দুগ্ধ ব্ৰেণ্ডৰ মূল প্ৰতিষ্ঠান গুজৰাট ক’অপাৰেটিভ মিল্ক মাৰ্কেটিং ফেডাৰেশ্যনে এই সন্দৰ্ভত উল্লেখ কৰে যে, আমুল গ’ল্ডৰ আধা লিটাৰৰ মূল্য এতিয়া ৩১ টকা আৰু আমুল তাজা ২৫ টকা হোৱাৰ বিপৰীতে আমুল শক্তিৰ মূল্য হ’ব ২৮ টকা হব।
Read More

এখন কাঠৰ দলঙে জলা-কলা খুৱাইছে ৰাইজক

নগাঁও জিলাৰ পুৰণিগুদামৰ এখন কাঠৰ দলঙে জলা-কলা খুৱাইছে ৰাইজক ৷ জানিব পৰা মতে জহি খহি যোৱা দলঙখনি যাতায়তৰ বাবে কোনো ব্যৱস্থা লোৱা নাই বিভাগীয় কৰ্তৃপক্ষই৷ পুৰণিগুদামৰ আইথানৰ ওচৰত থকা দলঙখন ভাল কৰি তুলিবলৈ স্থানীয় লোকে বহুবাৰ বিভাগৰ বিষয়াক আবেদন নিবেদন কৰিছে যদিও সুফল লাভ কৰা নাই ৷ উল্লেখযোগ্য যে বিভাগীয় নথিত বহুবাৰ কাঠৰ দলঙখন মেৰামতি কৰি চৰকাৰী ধন ব্যয় কৰা দেখুৱা হৈছে যদিও বিগত বহু বছৰ স্থানীয় লোকে দলঙখন মেৰামতি কৰা প্ৰত্যক্ষ কৰা নাই বুলিও মন্তব্য কৰিছে।দলঙখনেৰে যাতায়ত সম্পূৰ্ণ ৰূপে বন্ধ হৈ পৰাৰ বাবে এতিয়া হাহাকাৰময় পৰিবেশৰ সৃষ্টি হৈছে ছাত্ৰ ছাত্ৰীৰ লগতে ৰাইজৰ ৷ কোনো লোক অসুস্থ হৈ পৰিলে চিকিৎসালয়লৈ…
Read More

লখিমপুৰৰ ১০ মাইলত পোন্ধৰ নম্বৰ ৰাষ্ট্ৰীয় ঘাই পথত ভয়াবহ পথ দূৰ্ঘটনা

লখিমপুৰৰ ১০ মাইলত পোন্ধৰ নম্বৰ ৰাষ্ট্ৰীয় ঘাই পথত ভয়াবহ পথ দূৰ্ঘটনা সংঘটিত হয়। জানিব পৰা মতে এখন তীব্ৰ বেগী আলট্ৰা বাছে হঠাৎ একে দিশৰ পৰা আহি থকা আই টেন AR 01 G 1197 নম্বৰৰ গাড়ী খনৰ সম্মুখত ৰখাই দিয়াৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয় ।ফলত আই ১০ গাড়ী খনৰ দুই জন আৰোহী অতি সংকট জনক অৱস্থাত স্থানীয় লোক আৰু দৌলহাট আৰক্ষীৰ তৎপৰতাতলখিমপুৰ মেডিকেল কলেজলৈ পেৰণ কৰা হয় ।
Read More

শিৰচ্ছেদ কৰি এজন লোকে কটা মূৰ হাতত লৈ ওলাল গৈ থানা

এক ভয়ংকৰ আৰু শিহৰণকাৰী ঘটনা সংঘটিত হৈছে এইখন অসমতে।উল্লেখযোগ্য যে শিৰচ্ছেদ কৰি এজন লোকে কটা মূৰ হাতত লৈ ওলাল গৈ থানা।তাৰ পিছতে চৌদিশে হুৱাদুৱা পৰিৱেশ বিৰাজ কৰিছে।জানিব পৰা মতে শোণিতপুৰৰ ৰঙাপৰা দয়ালপুৰত এই ভয়ংকৰ ঘটনাটো সংঘটিত হৈছে।টুনিৰাম মাদ্রি নামৰ লোক জনে শিৰচ্ছেদ কৰিলে বইলৰ হেমৰম নামৰ লোক জনক।ইতিমধ্যে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে যদিও কিহৰ কাৰণে এই ভয়ংকৰ ঘটনাটো সংঘটিত হল জানিব পৰা হোৱা নাই।এই ঘটনাৰ পিছতে এতিয়া অঞ্চলটোত চেপা উত্তেজনাই বিৰাজ কৰিছে
Read More

লাহৰিঘাটত গো মাংসৰ মুকলি বেহা

চৰকাৰী নীতি নিদ্দেৰ্শনাক বুঢ়া আঙুলি দেখুৱাই পুনৰ লাহৰীঘাটত মুকলিকৈ গো মাংস বিক্ৰী কৰা হৈছে । একাংশ অসাধু ব্যাৱসায়ীয়ে নিজ ইচ্ছামতে চলাই গৈছে এই ব্যৱসায় । চৰকাৰৰ অনুমতি অবিহনে ৰাজপথৰ কাষতে এনে অবৈধ ব্যাৱসায় দৈনিক চলাই যোৱাত এতিয়া সচেতন ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । এতিয়া প্ৰশ্ন হয় , কাৰ আৰ্শীবাদত লাহৰীঘাটত পুনৰ গো মাংসৰ মুকলি বেহা গঢ় লৈ উঠিছে । মূখ্যমন্ত্ৰীৰ কঠোৰ নিদ্ধেৰ্শনাক বুঢ়া আঙুলি প্ৰদৰ্শন কৰা এনে অবৈধ ব্যাৱসায়ীসকলৰ বিৰুদ্ধে মৰিগাওঁ জিলা প্ৰশাসনে কিবা ব্যাৱস্থা গ্ৰহন কৰিবনে ? সেয়া পৰৱত্তী সময়ত হব লক্ষ্যনীয় বিষয়।
Read More