20
Aug
আজিৰে পৰা ৰাজ্যত আৰম্ভ হৈছে অৰুণোদয় মাহ। অৰুণোদয় আঁচনিৰ জৰিয়তে আৰ্থিক ভাৱে পিছপৰা মহিলাসকলক লাভাম্বিত কৰাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে আজিৰে পৰা এমাহ ধৰি হিতাধিকাৰীৰ ঘৰে ঘৰে গৈ সমীক্ষা চলাব। সমীক্ষাকাৰী দলে নিকাভাৱে হিতাধিকাৰীৰ নাম, ঠিকনা আৰু আনুসংগিক তথ্যসমূহ অন্তৰ্ভুক্ত হৈছে নে নাই তাৰ পৰীক্ষা কৰিব।মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জনতা ভৱনৰ পৰা এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। আনহাতে ১৫ জন মন্ত্ৰীৰ উপস্থিতিত ১৫ খন জিলাতো এই কাৰ্যসূচী আৰম্ভ কৰা হৈছে। সেই অনুসৰি হাইলাকান্দিত পৰিমল শুক্লবৈদ্য, কৰিমগঞ্জত বিমল বৰা, কাছাৰত জয়ন্ত মল্ল বৰুৱা, হোজাইত কেশৱ মহন্তৰ উপস্থিতিত এই কাৰ্যসূচীৰ আৰম্ভ হৈছে।একেদৰে নগাওঁ জিলাত অতুল বৰা, ওদালগুৰি জিলাত উৰ্খাও গৌৰা ব্ৰহ্ম, কামৰূপত চন্দ্ৰ…