23
Aug
পুণৰ সামাজিক সংকীৰ্ণতাৰ বলি হ'ল এটা ব্ৰাহ্মণ পৰিয়াল। কিছুদিন পূৰ্বে সংঘটিত ধৰ্মীয় বৈষম্যতাৰ চাঞ্চল্য মাৰ নৌ- যাওঁতেই পুণৰ আন এটা পৰিয়াল বলি হ'ল সামাজিক গোড়ামিৰ।পূৰ্বে এঘৰীয়া কৰা এটা পৰিয়ালক প্ৰসাদ খুৱাইছিল ছিপাঝাৰৰ ২ নং ঘোঁৰাশাল গাঁৱৰ আনন্দিপাৰাৰ দীনেশ শৰ্মাই।সেই অপৰাধত ব্ৰাহ্মণ সমাজৰ শাস্তিৰ সন্মূখীন হ'ল দীনেশ শৰ্মাৰ পৰিয়াল।সমাজৰ পৰা কৰা হ'ল এঘৰীয়া ।উল্লেখ যোগ্য যে, দীনেশ শৰ্মাৰ গৃহত ধৰ্মীয় সকামত প্ৰসাদ খাবলৈ আহিছিল পূৰ্বে এঘৰীয়া কৰা এজন লোকে।ব্ৰাহ্মণ সমাজে এঘৰীয়া কৰা লোকজনক ব্ৰাহ্মণ পৰিয়ালৰ গৃহত প্ৰৱেশ আৰু প্ৰসাদ খোৱাটোৱেই হ'ল দীনেশ শৰ্মাৰ ভয়ংকৰ অপৰাধ। কিন্তু কৌশলগতভাৱে জাননী পত্ৰত এঘৰীয়া শব্দটোৰ ব্যৱহাৰ নকৰাকৈয়ে সমাজচ্যুত কৰি শাস্তি বিহিলে দৰিদ্ৰ দীনেশ শৰ্মাৰ পৰিয়ালটোক…