Dipshikha

2388 Posts

দক্ষিণ কামৰূপৰ সোণতলীত ভয়ংকৰ মাৰপিটৰ ঘটনা ৷

দক্ষিণ কামৰূপৰ সোণতলীত ভয়ংকৰ মাৰপিটৰ ঘটনা ৷ মাৰপিটত ষাটি বছৰৰ উৰ্ধৰ এজন লোকৰ কৰুণ মৃত্যু হয় ৷প্ৰচণ্ড মাৰপিটত পুৰুষ মহিলা সহ পোন্ধৰজনকৈ লোক কম বেছি পৰিমানে আহত হয় ৷দুয়োটা ফৈদৰ আব্দুল বাৰেক, জৰিনা খাতুন, কৰিমন নেছা, ৰবিউল হুছেইন, আলী আকবৰ, আজাহাৰ আলী, আব্দুছ ছালাম, নায়েৱ আলী, ছফেৰ আলীসহ দহজন সম্প্ৰতি সোণতলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসাধীন অৱস্থাত আছে ৷তাৰে ৪জনৰ শাৰীৰিক অৱস্থা সংকটজনক ৷মাৰপিটত মৃত্যু হোৱা লোকজন সোণতলী সত্ৰ গাৱৰ চান্দু স্বেখ ৷চৰকাৰী ৰাস্তাৰ সীমা নিৰ্ধাৰণ কৰাক কেন্দ্ৰ কৰি দুই ফৈদৰ মাজত সংঘটিত হয় এই ভয়কৰ মাৰপিট ৷আলী আকবৰ আৰু ছবেৰ আলীৰ পক্ষৰ মাজত এই মাৰপিটৰ ঘটনা ৷মাৰপিটৰ লগত জড়িত পাচজনক…
Read More

সৰভোগত ৰেল আৰক্ষীৰ অভিযান।

সৰভোগত ৰেল আৰক্ষীৰ অভিযান। অভিযানত সৰভোগ ৰেল ষ্টেচনৰ পৰা এজন যুৱকক টিকট দাদালৰ সন্দেহত আটক। দালালজনে দীৰ্ঘদিন ধৰি সৰভোগ ষ্টেচনত ৰেল টিকটৰ নামত যাত্ৰীৰ পৰা লুটি আহিছিল ধন। দালালজনে সৰভোগ ৰেল ষ্টেচনত টিকটৰ দায়িত্বত থকা ৰূপজ্যোতি দৈমাৰী নামৰ এগৰাকী কৰ্মচাৰীৰ সৈতে মিলি চলাই আহিছিল অসংৰক্ষিত টিকটৰ দাদালি। জানিব পৰা মতে দালালজন বৰপেটাৰোড থানাৰ অন্তৰ্গত কলহভাঙাৰ ৰূপ খান। আজি সৰভোগ ষ্টেচনত ৰেল আৰক্ষীয়ে সাধাৰণ যাত্ৰীৰ দৰে আহি যুৱকজনৰ পৰা টিকট ক্ৰয় কৰিব বিচাৰিছিল। তেতিয়াই বৰপেটাৰোডৰ পৰা অহা ৰেল আৰক্ষীয়ে হাতে লোটে কৰায়ত্ত কৰে দাদাল ৰূপ খানক।
Read More

তেজপুৰত পথ নিৰ্মানত দূনীতি

শূণ্য সহনশীলতা নীতিৰ কথা কোৱা বিজেপি চৰকাৰে এই নীতিক অক্ষুন্নন ৰাখিব পাৰিছেনে ? নে একাংশ অৰ্থলোভী ঠিকাদাৰে এই নীতিক গুৰুত্ব নিদিয়ে ৷ আৰু এই ক্ষেত্ৰত স্থানীয় বিধায়ক গৰাকীৰ কৰনীয় একোৱে নাই নেকি ? তেজপুৰ সমষ্টিৰ বাত পথ নিৰ্মানত হোৱা দূৰ্নীতি চকুত পৰিবনে তেজপুৰৰ বিধায়ক পৃথিৰাজ ৰাভাৰ ! ৰাজ্যত এতিয়া মিছা প্ৰতিশ্ৰুতিৰ বন‍্যা বোৱাই ফাঁকি- ফুকাৰে চলিছে নেকি চৰকাৰ ।ৰাজ্য চৰকাৰৰ কথা আৰু কামৰ মাজত নাই তিলমানো মিল।দুৰ্নীতি, ভ্ৰষ্টাচাৰ বিৰোধী শ্লোগান দিয়া বিজেপি চৰকাৰৰ উকলিল ৬ টা বৰ্ষ পিছে দুৰ্নীতি মুক্ত হ'ব কেতিয়া ?মূখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ শূন্য সহনশীলতা নীতিক অংগুস্থ প্ৰদৰ্শন কৰি কোন এই ধুৰন্ধৰ ঠিকাদাৰে চলাইছে লুণ্ঠন !এই…
Read More

পশ্চিম কামৰূপৰ দুই বন বিষয়াৰ ধাৰাবাহিক অভিযানে নিদ্ৰাহৰণ হৈছে বনজ সম্পদৰ  চোৰাং ব্যৱসায়ীৰ

চোৰাং ব্যৱসায়ী চক্ৰই দীৰ্ঘদিন ধৰি দক্ষিণ-পশ্চিম কামৰূপ এলেকাৰ বনজ সম্পদৰ ওপৰত অবাধ লুণ্ঠন যজ্ঞ চলাই গঢ়ি তুলিছে বনজ সম্পদৰ ক'লা সাম্ৰাজ্য ৷ বন বিভাগেও এই সাম্ৰাজ্যৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্যাহত ৰাখি লাভ কৰি আহিছে এটাৰ পিচত এটা সফলতা ৷ বিশেষকৈ পশ্চিম কামৰূপ বন সংমণ্ডলৰ অন্তৰ্গত নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ এটি দুৰন্ত বন বাহিনীৰ বাবে এতিয়া নিদ্ৰা হৰণ হৈছে  বনজ সম্পদৰ চোৰাং ব্যৱসায়ী চক্ৰৰ ৷ উল্লেখ্য,পশ্চিম কামৰূপ বন সংমণ্ডল বিষয়া ডিম্পী বৰাৰ নিৰ্দেশতে নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চলিকৰ ৰিভাৰ বীট অফিচাৰ নৃপেন কলিতা আৰু বীট অফিচাৰ সিদ্ধাৰ্থ সিনহাৰ নেতৃত্বত বন বাহিনী এটাৰ চলিছে দিনে নিশাই অভিযান ৷ বনকৰ্মীৰ দলটোৱে চোৰাং কাঠ,কাঠ…
Read More

বাক্সাৰ ভূটানখুটীত অন্ন সুৰক্ষা যোজনাৰ চাউলত ওলাল গ্লাচৰ টুকুৰা

বাক্সাৰ ভূটানখুটীত অন্ন সুৰক্ষা যোজনাৰ চাউলত ওলাল গ্লাচৰ টুকুৰাবাক্সাত চৰকাৰী চাউলত ওলাল গ্লাচৰ টুকুৰা ৷ সুলভ মূল্যৰ দোকানৰ চাউলত ওলাল গ্লাচৰ টুকুৰা ৷ চাউলত গ্লাচৰ টুকুৰা ওলোৱাক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ৷ জিলাখনৰ ভূটানখুটিৰ দিল অধিকাৰী নামৰ লোকজনে আজি স্থানীয় সুলভ মূল্যৰ এজেন্টৰ পৰা নিছিল অন্ন সুৰক্ষা যোজনাৰ অধীনৰ চাউলখিনি ৷ পিচে ঘৰত গৈ চাউলখিনি চাফা কৰিবলৈ লওতে প্ৰত্যক্ষ কৰে গ্লাচৰ টুকুৰা ৷ দিল অধিকাৰীয়ে জানিব দিয়া মতে মংগলবাৰে চাউলখিনি সুলভ মূল্যৰ দোকানৰ পৰা আনিছিল চাউলখিনি ৷ এনেদৰে যদি চাউলত গ্লাচৰ টুকুৰা থাকে মানুহ মৰিব ৷ চৰকাৰে যোগান ধৰা চাউলত এনেদৰে মৰণফান্দ সদৃশ গ্লাচৰ টুকুৰা ওলোৱাত সৃষ্টি হৈছে প্ৰতিক্ৰিয়া ৷…
Read More

বিলাসীপাৰাৰ মাছপাৰা ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা

বিলাসীপাৰাৰ মাছপাৰা ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত এজন আৰু গুৰুত্বৰ বাবে আহত এজন,আজি ৰাতিপুৱা ৬.০০ বজাত বিলাসীপাৰাৰ মাছপাৰাত এই ভয়ংকৰ পথ দুৰ্ঘটনা সংগঠিত হৈছে, AS-12T0290 নন্বৰ মটৰ চাইকেল আৰু WB -57C-3092 নন্বৰ ট্ৰাকৰ মাজত মূখামুখি সংঘৰ্ষ হৈ থিতাতে এজন নিহত, নিহত ব্যক্তি গৰাকী আছিল ৰফিকুল ইছলাম, আৰু গুৰুত্বভাৱে আহত ব্যক্তি গৰাকী আছিল জাকিৰ হোসেন বুলি জানিব পৰা গৈছে, বিলাসীপাৰা অসামৰিক চিকিৎসালয়ত জাকিৰ হোসেন বৰ্তমান চিকিৎসাধীন হৈ আছে,
Read More

ধিঙৰ জৱাহৰ নৱোদয় বিদ্যালয়ত উতপ্ত পৰিস্থিতি

বুধবাৰে নিশা ধিঙৰ জৱাহৰ নৱোদয় বিদ্যালয়ত উতপ্ত পৰিস্থিতি । অভিযোগ উত্থাপিত হৈছে যে, মদ্যপান কৰি এজন শিক্ষকে এজন ছাত্ৰক মাৰপিট কৰাক লৈ সৃষ্টি হয় উত্তপ্ত এই পৰিস্থিতি। আৰক্ষীৰ সহায় বিচাৰি দুই কিলোমিটাৰ পথ খোজ কাঢ়ি প্ৰায় ৩০ জন ছাত্ৰ উপস্থিত হয় ধিং আৰক্ষী থানাত । অভিযোগ অনুসৰি, মদ্যপান কৰি মাৰ পিট কৰা শিক্ষক জনৰ নাম জ্যোতি প্ৰসাদ গৌৰ।আৰক্ষীয়ে ছাত্ৰ জনক চিকিৎসাৰ বাবে লৈ যায় ধিং এফ আৰ ইউলৈ । আঘাতপ্রাপ্ত ছাত্ৰ জনৰ নাম বিকাশ দাস বুলি জানিব পৰা গৈছে।ছাত্ৰ জনৰ ঘৰ ধিঙৰ লহকৰ গাৱঁত।
Read More

শ্ৰীলংকাৰ ক্ৰিকেটৰৰ মুখত জয় আই অসম ধ্বনি

শ্ৰীলংকাৰ ক্ৰিকেটৰৰ মুখত জয় আই অসম ধ্বনিহোজাইত আজি উপস্থিত হয় শ্ৰীলংকা দলৰ প্ৰাক্তন ক্ৰিকেটা কুমাৰ ধৰ্মসেনা।হোজাই আন্তৰ্জাতিক আগৰ ব্যৱসায়িক তমজিৎ আলীৰ গোপাল নগৰৰ বাসগৃহত উপস্থিত হয় শ্ৰীলংকাৰ প্ৰাক্তন ক্ৰিকেটাৰ গৰাকী।ক্ৰিকেটা গৰাকী আগৰৰ ব্যৱসায় ক্ষেত্ৰত অসমলৈ আহে আৰু অসমৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি ভাল পায়।সদৌ শেষত জয় আই অসম বুলি কয়।
Read More

লিডুৰ ক্ষুদ্ৰ প্রাথমিক স্বাস্থ্য কেন্দ্ৰটো উন্নত কৰণৰ দাবীত জাতীয়তা যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ সাব্যস্ত

লিডুৰ ক্ষুদ্ৰ প্রাথমিক স্বাস্থ্য কেন্দ্ৰটো উন্নত কৰণৰ দাবীত জাতীয়তা যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ সাব্যস্তলিডুৰ ক্ষুদ্ৰ প্রাথমিক স্বাস্থ্য কেন্দ্ৰটো উন্নত কৰণৰ ও পৰ্যাপ্ত ঔষধ যোগান ধৰা লগতে শিশু চিকিৎসক এজন নিয়োগ কৰাৰ দাবীত দাবীত জাতীয়তা যুৱ ছাত্ৰ পৰিষদে এক বিক্ষোভ কাৰ্যসূচী সাব্যস্ত কৰে। অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ লিডু শাখা সমিতি উদ্যোগত ৰূপায়ণ কৰা এই বিক্ষোভ কাৰ্যসূচীত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলাৰ সাধাৰণ সম্পাদক কাঞ্চন বড়া উপস্থিত থাকি অসমৰ চৰকাৰ তথা স্বাস্থ্য বিভাগৰ প্ৰতি সৰৱ হৈ পৰে। প্ৰতিবাদকাৰীসকলে অসম চৰকাৰ হায়! হায়! বিজেপিৰ চৰকাৰ মুৰ্দাবাদ, বিধায়ক ভাস্কৰ মুৰ্দাবাদ আদি শ্লোগানেৰে লিডু ৰাজপথ উত্তাল কৰি তোলে। ঃ
Read More

পত্নীক বিচাৰি কান্দোনত ভাঙি পৰিল এগৰাকী স্বামী

হঠাৎ নিজ গৃহৰ পৰা নিৰুদ্দেশ হৈছে পত্নী।সেয়ে পত্নীক বিচাৰি কান্দোনত ভাঙি পৰিল এগৰাকী স্বামী৷কান্দি কান্দি কেমেৰাৰ সন্মুখত আৰক্ষীক আহ্বান স্বামীৰ৷তদন্ত কৰি মোৰ পত্নীক ঘুৰাই আনি দিয়ক৷অন্যথাই পত্নীক নাপালে আত্মহত্যা কৰিম৷১৬ বছৰ পূৰ্বে দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ মেৰগাণ্ডা গাঁৱৰ আশ্ৰফ আলীয়ে বিবাহ কৰিছিল ছয়গাঁৱৰ আমবাৰীত। বিবাহ হোৱাৰ পিছতে সংসাৰ পাতি তিনিজনকৈ সন্তানো জন্ম দিছিল দুয়োগৰাকীয়ে। কিন্তু মঙলবাৰে হঠাৎ নিজ ঘৰৰ পৰা নিৰুদ্দেশ হল তেওঁৰ পত্নী তথা তিনি সন্তানৰ মাতৃয়ে। আশ্ৰফৰ পত্নীয়ে নিৰুদ্দেশ হোৱাৰ পিছতে আশ্ৰফ আলীৰ অভিযোগ তেওঁৰ পত্নীৰ হেনো আছিল পৰকীয়া প্ৰেম। সেয়ে অন্য যুৱকৰ সৈতে পলায়ন কৰা বুলি আশ্ৰফ আলীয়ে অভিযোগ উত্থাপন কৰিছে৷ইপিনে গৰৈমাৰী আৰক্ষীক বিষয়টো তদন্ত কৰি পত্নীক ঘুৰাই…
Read More