Dipshikha

2390 Posts

বটদ্ৰৱা আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ

বটদ্ৰৱা আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ।গ্ৰেপ্তাৰ কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী হিজমূল বাহাৰ বুলি জানিব পৰা গৈছে। ধৃত ড্ৰাগছ সৰবৰাহকাৰী হিজমূল বাহাৰৰ ঘৰ জুৰিয়াৰ বাটমাৰিত।ধৃত ড্ৰাগছ ব্যৱসায়ীটোৰ পৰা আৰক্ষীয়ে এটা চাবোনৰ বাকচ ভৰ্তি ড্ৰাগছ, এটা মোবাইল হেনছেট আৰুAS02 AJ 1249 নম্বৰৰ এখন মটৰ চাইকেল জব্দ কৰে আৰক্ষীয়ে।আৰক্ষীয়ে আধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে ড্ৰাগছ সৰবৰাহকাৰীটোক ।
Read More

বিতৰ্ক‌ই যেন লগ এৰা নাই গেলেকিস্থিত পাঞ্জাৱ নেচনেল বেংকৰ

বিতৰ্ক‌ই যেন লগ এৰা নাই গেলেকিস্থিত পাঞ্জাৱ নেচনেল বেংকৰ ।। ইটোৰ পিছত সিটো বিতৰ্কত সোমাই পৰিছে গেলেকীৰ পঞ্জাৱ নেচনেল বেংকৰ শাষা ।।প্ৰত্যেকবাৰে ন-ন অভিযোগ গ্ৰাহকৰ শাখাটোৰ বিৰুদ্ধে ।। পূৰ্বতে এই শাষাৰ অধীনস্থ গ্ৰাহক সেৱা কেন্দ্ৰ‌ই বহু সমস্যাত পেলাইছিল একাংশ দৰিদ্ৰ গ্ৰাহকক ।। এইবাৰ খোদ শাখাটোৰ কৰ্মচাৰীৰ কৰ্মৰাজিৰ বাবে সমস্যাত পৰিব লগা হৈছে সাধাৰণ গ্ৰাহকৰ লগতে স্কুল কলেজৰ ছাত্ৰ ছাত্ৰী ।। KYC UPDATED ৰ বাবে দীঘলীয়া সময় অপেক্ষা কৰিব লগীয়া হৈছে একাংশ গ্ৰাহকে ।। মাহৰ পাছত মাহ ওকলি যোৱাৰ পাছতো KYC UPDAT নোহোৱাৰ অভিযোগ উত্থাপন হৈছে গেলেকীৰ শাখাটোৰ বিৰুদ্ধে ।। KYC UPDATE নোহোৱাৰ বাবে সমস্যাত পৰিছে সাধাৰণ গ্ৰাহক ।
Read More

নুমলীগড়ৰ এটা বৃহৎ অঞ্চলত সৃষ্টি হৈছে ভয়াৱহ সমস্যাৰ

নুমলীগড়ৰ এটা বৃহৎ অঞ্চলত সৃষ্টি হৈছে ভয়াৱহ সমস্যাৰ । বিদ্যালয়লৈ অহা ছাত্ৰ ছাত্ৰী ভয়তে আধা বাটৰ পৰাই উভতিব লগা পৰিৱেশৰ সৃষ্টি হৈছে । আজি কিছু দিন ধৰি আতংকৰ সৃষ্টি কৰিছে এটা প্ৰকাণ্ড বন্যহস্তীয়ে । সমীপতে থকা বৃহৎ হাতীৰ জাকৰ পৰা ফালৰি কাটি অহা এটা প্ৰকাণ্ড হাতীৰ বাবে নুমলীগড়ৰ বগীঢলা অঞ্চলত পথেৰে যি কোনো সময়ত পাৰ হৈ যোৱাত অসুবিধাৰ সন্মুখীন হৈছে। একাংশ লোকে মতপ্ৰকাশ কৰিছেযে কিছু আঘাতপ্ৰাপ্ত এই হাতীটোৱে যিকোনো মুহূৰ্ত্তত পথত প্ৰৱেশ কৰি মানুহক খেদি যায় । আজি বিদ্যালয়লৈ অহা বহু ছাত্ৰ ছাত্ৰী আধাবাটৰ পৰা উভতিব লগা হয় । কাৰণ বিদ্যালয়ৰ খেল পথাৰত বহু সময় হাতীটোৱে বিচৰন কৰি সমীপৰ চাহ…
Read More

বিদ্যালয় একত্ৰিকৰণ কৰিলে আমি পঢ়া-শুনা এৰিম!

এখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে ৰাজ্যৰ শিক্ষা মন্ত্ৰীলৈ আহ্বান বিদ্যালয় একত্ৰিতকৰণ নকৰিব, তেনে কৰিলে আমি বহু কষ্টৰ সন্মুখীন হম ৷ চৰকাৰৰ সিদ্ধান্ত সলনি নকৰিলে বিদ্যালয়খন শিক্ষা এৰি দিয়াৰ হুংকাৰ ছাত্ৰ ছাত্ৰীৰ ৷উল্লেখযোগ্য যে দক্ষিণ কামৰূপৰ ছয়গাঁও শিক্ষাখণ্ডৰ অন্তৰ্গত কালাতলী পথাৰস্থিত কালাতলী আঞ্চলিক হাই স্কুলখন টপাৰ পথাৰৰ জাকিৰ হুছেইন হাইস্কুলৰ লগত একত্ৰিকৰণ কৰাৰ খবৰ লাভ কৰিয়েই ক্ষোভিত হৈ পৰিছে বিদ্যালয়খনৰ শিক্ষাৰ্থী৷ শিক্ষাৰ্থী সকলে বিদ্যালয় চৌহদতে প্ৰতিবাদ সাব্যস্ত কৰি বিদ্যালয় একত্ৰিকৰণ নচলিব, শিক্ষা আমাক লাগিবই, বিদ্যালয়খন ইয়াতে থাকিব লাগিব বুলি শ্লোগান দিয়ে৷ ইপিনে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীয়ে আবেগিক হৈ পৰে ৷শিক্ষাৰ্থী সকলে  কয় যে, আমাৰ এই বৃহত্তৰ অঞ্চলত এখন হাই স্কুল আছে৷ যদি এইখনো নাথাকে তেন্তে…
Read More

১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ৰাষ্ট্ৰীয় বজৰং দলৰ অভিনৱ প্ৰতিবাদ

১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ৰাষ্ট্ৰীয় বজৰং দলৰ অভিনৱ প্ৰতিবাদ। জাল জাকৈ লৈ প্ৰতিবাদ কৰে। ৰাষ্ট্ৰীয় ঘাইপথত মাছ মাৰি চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰাৰ চেষ্টা ৰাষ্ট্ৰীয় বজৰং দলৰ। ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ মুৰ্দাবাদ, ধুবুৰী জিলা প্ৰশাসন মুৰ্দাবাদ, ধুবুৰী জিলা উপায়ুক্ত মুৰ্দাবাদ আৰু ৰাষ্ট্ৰীয় ঘাইপথ সোনকালে মেৰামতি কৰি দিয়ক ইত্যাদি শ্লোগানেৰে আকাশ বতাহ কপাই তোলে। উল্লেখযোগ্য যে ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ গৌৰীপুৰ আৰু গোলকগঞ্জৰ মাজৰ খিনি জৰাজীৰ্ণ। পথৰ মাজত পুখুৰী সদৃশ গাত। এনেকুৱা জৰাজীৰ্ণ পথেৰেই বৰ্তমান চলাচল তথা যাতায়ত কৰি আছে ধুবুৰীবাসী ৰাইজ। কব গলে একপ্ৰকাৰ নৰকযন্ত্ৰনা ভোগ কৰি আছে জনসাধাৰণ। সৰু সুৰা বাহনৰ কথা বাদেই দিলো, ডাঙৰ ডাঙৰ বাহনবৰো বাগৰি পৰিব ধৰে। বক্সীৰহাট,…
Read More

হোজাই আদৰ্শ বজাৰৰ মেইন ৰোডত সাৰক লৈ উপ্তত্তৰ পৰিস্থিতি।

হোজাই আদৰ্শ বজাৰৰ মেইন ৰোডত সাৰক লৈ উপ্তত্তৰ পৰিস্থিতি।কমেও পাঁচ শতাধিক ৰাইজে আবদ্ধ কৰে ৰাজপথ।যান-যতৰ সৃষ্টি হোৱা লগতে ছাত্র-ছাত্ৰী বিদ্যালয়লৈ যোৱাত বাধাৰ সৃষ্টি হয়।পুৱতি নিশাৰ পৰা সাৰ নিবলৈ আহি সাৰ নাপায় সৃষ্টি কৰে উপ্তত্তৰ পৰিস্থিতি।এম এছ ফৰমা নামৰ সাৰৰ বিপনি খনৰ স্বত্বাধিকাৰীৰ বিৰুদ্ধে আভিযোগ।সাৰৰ বিপনিখনৰ স্বত্বাধিকাৰীয়ে বাহিৰ কলা বজাৰত বেছি দামত সাৰ বিক্ৰী কৰা অভিযোগ।ৰাইজে প্ৰতিবাদ কৰাত পলায়ন কৰে সাৰৰ বিপনি খনৰ স্বত্বাধিকাৰী।আৰোক্ষী আহি পৰিস্থিতি নিয়ন্ত্ৰণ কৰি পুণ লাইন পতাই সাৰ দিয়া হব বুলি কোৱাত শান্ত হয় পৰিস্থিতি।
Read More

মাৰ্ঘেৰিটাত তীজ উৎসৱ উৎযাপন

গোর্খা সম্প্ৰদায়ৰ মহিলাসকলে পালন কৰা এক অন্যতম উৎসৱ হৈছে ‘তীজ উৎসৱ'। এদিনীয়াকৈ পালন কৰা এই উৎসৱক 'হৰিতালিকা তীজ' বুলিও কোৱা হয়। গোর্খা সম্প্ৰদায়ৰ মহিলাসকলে পৰম্পাৰগতভাৱে পালন কৰি আহিছে এই তীজ উৎসৱ। ৰাজ্যৰ " বিভিন্ন প্রাপ্তৰ সমান্তৰালকৈ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত অতি উলহ-মালহেৰে তীজ উৎসৱ উৎযাপন কৰা হয়। তীজ উৎসৱৰ পহিলা দিনটোত বিবাহিত মহিলাসকলক স্বামীগৃহৰ পৰা মাতৃগৃহ লৈ গৈ বিভিন্ন খাদ্যৰে আপ্যায়ন কৰা হয় আৰু দ্বিতীয় দিনা হৰিতালিকা ব্রত পালন কৰে। এই ব্রত অনুযায়ী পুৱাৰে পৰা মহিলা আৰু যুৱতীসকলে এটুপি পানীও নোখোৱাকৈ দেবাদিদেৱ শিৱৰ আবৰ্ধনা কৰি পূজা-অৰ্চনা কৰি পৰিয়ালৰ লগতে নিজৰ স্বামীৰ মংগল কামনা কৰে। মাতৃগৃহলৈ অহা মহিলাসকলে দিনটো তীজ গীত গায়…
Read More

আজি ওদালগুৰি জিলাৰ মাজবাটৰ মহলীয়াপাৰা অৱস্থিত মডেল হস্পিতালৰ সন্মুখত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে

আজি ওদালগুৰি জিলাৰ মাজবাটৰ মহলীয়াপাৰা অৱস্থিত মডেল হস্পিতালৰ সন্মুখত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। বাইক আৰু ই-ৰিক্সাৰ মাজত সংঘৰ্ষত প্ৰাণ গল এগৰাকী মহিলাৰ। মৃত মহিলাগৰাকীৰ নাম খৰামখা গাৱঁৰ জয়া পাল (৫৩) ই-ৰিক্সাখনত জয়া পাল আৰু অঞ্জলি পাল নামৰ মহিলা দুগৰাকী যাত্ৰা কৰি থকাৰ সময়ত বাইক চলাই অহা মিথীৰাজ দৈমাৰী নামৰ যুৱক জনৰ লগত খুন্দা লাগে। গুৰুত্বৰ ভাৱে আহত অঞ্জলি পাল (৫৫) আৰু মিথীৰাজ দৈমাৰী(২২) উন্নত চিকিৎসাৰ বাবে তেজপুৰলৈ প্ৰেৰণ কৰা হৈছে। ই-ৰিক্সাৰ চালক ৰাম কুমাৰ চৌধুৰীও দুৰ্ঘটনাত আঘাত প্ৰাপ্ত হৈছে আৰু তেওঁক মডেল হস্পিতালত চিকিৎসা প্ৰদান কৰা হৈছে। মাজবাট আৰক্ষীয়ে মৃত মহিলা জয়া পালক মণোৰত্তৰ পৰিক্ষাৰ বাবে ওদালগুৰি চিকিৎসালয়লৈ প্ৰেৰণ…
Read More

বিয়াৰ প্ৰলোভন দি অপহৰণ কৰিলে যুৱতীক

গেলেকীৰ এগৰাকী প্ৰায় 18 বছৰীয়া যুৱতীক অপহৰণ কৰাৰ অভিযোগ উত্থাপন হৈছে ।এইবাৰ ইছলামধৰ্মী প্ৰায় 18 বছৰীয়া যুৱতীক বিয়াৰ প্ৰলোভনেৰে মনমোহন কাহাৰ নামৰ এজন যুৱকে অপহৰণ কৰাৰ অভিযোগ উত্থাপন হৈছে।গেলেকী কলগাওৰ চতুৱা চাপৰিৰ এগৰাকী প্ৰায় 18 বছৰীয়া যুৱতীক অপহৰণ কৰাৰ অভিযোগ কৰিছে যুৱতীগৰাকীৰ পৰিয়ালবৰ্গই ।উল্লেখযোগ্য যে যোৱা ইংৰাজী 2 চেপ্তেম্বৰ পৰা গেলেকী কলগাও চতুৱা চাপৰি গাঁৱৰ চমচেৰ আলীৰ প্ৰায় 18 বছৰীয়া কন্যা চেহনাজ বেগমৰ সন্ধান নোহোৱা হৈছে ।পৰিয়ালৰ লোকে জনোৱা মতে কন্যা গৰাকী বিয়লি প্ৰায় 3 মান বজাত শিমলুগুৰিৰ মাহীয়েকৰ ঘৰলৈ যাওতে উক্ত যুৱকজনে অপহৰণ কৰি নিয়াৰ অভিযোগ উঠিছে । হাতীপটি মৈনাটিং গড়বস্তি গাঁৱৰ জয়নাথ কাহাৰৰ পুত্ৰ মনমোহন কাহাৰ নামৰ এই…
Read More

দক্ষিণ কামৰূপৰ সোণতলীত নিচাগ্ৰস্থ যুৱকৰ সন্ত্ৰাস

দক্ষিণ কামৰূপৰ সোণতলীত নিচাগ্ৰস্থ যুৱকৰ সন্ত্ৰাস ৷ নিচা সেৱন কৰি দুটি কণমানিক আক্ৰমণ কৰা ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি সৃষ্টি হৈছে।ড্ৰাগছ নাইবা মদৰ নিচা নহয়, নিচাগ্ৰস্ত যুৱকে লৈছে ন ন পদ্ধতি ৷ এইবাৰ বগা কলমৰ চিয়াহী (Eraz-EX) সেৱন কৰি যুৱকৰ উদ্ভণ্ডালী ৷ Eraz-EX ৰ চিয়াহী সেৱন কৰি সোণতলী সত্ৰ গাঁৱৰ ৰফিকুল ইছলাম নামৰ নিচাসক্ত যুৱকজনে ৰাস্তাৰে গৈ থকা দুটি কণমানি শিশুক আক্ৰমণ চলোৱা ঘটনাৰ পিছতেই উত্তপ্ত হৈ পৰে সোণতলী অঞ্চল ৷ ইতিমধ্যে ঘটনাস্থলীত সোণতলী আৰক্ষীৰ লোক উপস্থিত হৈ অভিযুক্ত ৰফিকুল ইছলামক আটক কৰিছে
Read More