Dipshikha

2391 Posts

অঘৰী লোকক উচ্ছেদ কামপুৰ আঞ্চলিক বন বিভাগ আৰু কচুৱা আৰক্ষীৰ

সাপৰ খেলা দেখুৱাই ফুৰা অঘৰী লোকক উচ্ছেদ কামপুৰ আঞ্চলিক বন বিভাগ আৰু কচুৱা আৰক্ষীৰ ।উল্লেখযোগ্য যে নগাঁও জিলাৰ কচুৱা তিনিআলীৰ গেৰজাইপামৰ দলঙৰ সমীপত তম্বু টানি বসবাস কৰা একাংশ অঘৰী লোকক কামপুৰ আঞ্চলিক বন বিভাগ আৰু কচুৱা আৰক্ষীয়ে উচ্ছেদ কৰে।তন্ত্ৰ -মন্ত্ৰৰ সৈতে জড়িত অঘৰী লোকৰ পৰা তন্ত্ৰ-মন্ত্ৰত ব্যৱহাৰ কৰা সামগ্ৰীৰ লগতে বহু কেইডাল বিষাক্ত সাপ জব্দ কৰে। জব্দ কৰা বহু কেইডাল সাপ পাছত বনবিভাগে বৰপথাৰ বনাঞ্চলত মুকলি কৰি দিয়ে ।
Read More

জুৱা খেলক বাধা দিয়াই কাল হল হোজাইৰ এটা পৰিয়ালৰ।

জুৱা খেলক বাধা দিয়াই কাল হল হোজাইৰ এটা পৰিয়ালৰ। জোৱাৰীৰ দলৰ আক্ৰমণত গুৰুত্বৰ ভাবে আহত পুৰুষ মহিলা। মহিলাৰ কাপোৰ ফালি আক্ৰমণ কৰিলে ৬ জনীয়া জোৱাৰীৰ দলে। এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে মোৰাঝাৰৰ তাৰাপুৰ গাঁৱত। আকমল নামৰ যুৱকজনৰ নেতৃত্বত চলি আহিছিল যোৱা খেলৰ ৰমৰমীয়া বেহা। গাওখনৰ জাকিৰ হুছেইনে জোৱা খেলক বাধা প্ৰদান  কৰাত আক্ৰমণ কৰে ৬ জনীয়া জোৱাৰীৰ দলে। জাকিৰ হুছেইনৰ লগতে তেওঁৰ পত্নীকো আক্ৰমণ কৰে দলটোৱে। পত্নী ইয়াছমিন বেগৰ সমস্ত শৰীৰত আঘাতৰ চিন স্পষ্ট হয় পৰে।উক্ত ঘটনাৰ পাছতেই মোৰাঝাৰ থানাত গোচৰ ৰুজু কৰে ভুক্তভোগী পৰিয়ালে। এই চাঞ্চল্যকৰ ঘটনাৰ পাছতেই অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
Read More

টীয়কৰ শিমলুগুৰি কৈৱত্ত গাঁৱত অঘটন

জাঁজীনদীত গা ধুবলৈ গৈ সন্ধানহীন হৈছিল এগৰাকী ২৩ বছৰীয়া মহিলা। শিৱানী দাস নামৰ গৌৰীসাগৰ বেজগাওঁৰ নিৰ্মল দাসৰ পত্নী শিমলুগুৰিৰ পিতৃগৃহৰ পৰা সন্ধানহীন হৈ আছিল মহিলা গৰাকী। উল্লেখযোগ্য যে পুৱা জাঁজী নদীত গা ধুবলৈ গৈ কাপোৰ, বাল্টি নৈৰ পাৰতে এৰি সন্ধানহীন হৈ আছিল। দুটি কণমানি সন্তানৰ মাতৃ শিৱানী দাসে ১০ দিনৰ পূৰ্বে স্বামীৰ সৈতে তৰ্কত লিপ্ত হয় মাতৃগৃহত আশ্ৰয় লৈ আছিল। বৰ্তমান যোৰহাটৰ পৰা অহা এচ ডি আৰ এফৰ দলে কালিৰে পৰা অভিযান চলাই আছ যদিও সন্ধান পোৱা নাছিল মহিলাগৰাকীৰ মৃত দেহ। এইদৰে এগৰাকী মহিলাৰ আকস্মিক ভাবে সন্ধানহীন ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰি আছিল । কিন্তু আজি বিয়লি অভিযান কালত মহিলা…
Read More

মৈৰাবাৰী ৰেলৱে কৰ্তৃপক্ষৰ অধীনত থকা চৰকাৰী মাটিত উচ্ছেদ প্ৰশাসনৰ

ইমান দিনে পৰিত্যক্ত অৱস্থাত থকা মৈৰাবাৰী ৰেলৱেৰ অধীনৰ চৰকাৰী আবাস গৃহ সমূহ আজি ডি আৰ এমৰ নিৰ্দেশ মৰ্মে ৰেলৱে কৰ্তৃপক্ষই মৈৰাবাৰী আৰক্ষীৰ সহযোগত উচ্ছেদ কৰে।উল্লেখ যে মৈৰাবাৰী ৰেল ষ্টেচনৰ আহে পাশে অৱস্থিত ৰেলৱে আবাস গৃহ সমূহ ইমান দিনে অঞ্চলটোৰে একাংশ লোকে অবৈধ বাবে দখল কৰি চলাই আছিল অসমাজিক কাম কাজ।মদ, জুৱা,দেহ ব্যৱসায় আদিৰ দৰে জঘন্য কাম কাজবোৰ আৰক্ষীৰ চকুত ধূলি দি একাংশ লোকে চলাই থকা বুলি স্থানীয় অভিযোগ উত্থাপন কৰিছিল।ডি আৰ এমৰ নিৰ্দেশ মৰ্মে পিছলৈ মৈৰাবাৰী আৰক্ষীয়ে অবৈধ বাবে দখল কৰি থকা লোক সকলক উচ্ছেদ কৰি ৰেলৱে আবাস গৃহ সমূহ খালি কৰাৰ লগতে অবৈধ দখলকাৰী সকলক ৰেলৱে আবাস গৃহ খালি…
Read More

নামৰূপত আছুৰ পুত্তলিকা দাহ

কেন্দ্ৰীয় চৰকাৰে উত্তৰপূৰ্বাঞ্চলৰ একমাত্ৰ সাৰ উদ্যোগ নামৰূপ সাৰকাৰখানা বিক্ৰী কৰাৰ যি সিদ্ধান্ত গ্ৰহন কৰিছে তাৰ প্ৰতিবাদত ডিব্ৰুগড় জিলা আছুৰ আহ্বান মৰ্মে নামৰূপ আছুৰ উদ্যোগত নামৰূপ সাৰকাৰখানা প্ৰবেশ দ্বাৰ সম্মুখত প্ৰধান মন্ত্ৰী আৰু কেন্দ্ৰীয় সাৰ মন্ত্ৰীৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদী কাৰ্য্যসুচী ৰূপায়ন কৰে।আছুৰ দাবী যেতিয়া লৈকে কেন্দ্ৰীয় চৰকাৰে নামৰূপ সাৰকাৰখানা বিক্ৰী কৰা সিদ্ধান্ত বাতিল নকৰে তেন্তে অনাগত দিনত জংগী আন্দোলন গঢ়ি তুলিম বুলি হুংকাৰ প্ৰদান কৰে।
Read More

ৰাষ্ট্ৰীয় ঘাইপথত চলন্ত অবস্থাত দাউ দাউকৈ জ্বলি উঠিল এখন ট্ৰাক

ৰাষ্ট্ৰীয় ঘাইপথত চলন্ত অবস্থাত দাউ দাউকৈ জ্বলি উঠিল এখন ট্ৰাক । ৰহস্যজনক ঘটনাটো সংঘটিত হৈছে ৰাণীঘাট - কালাইন ৰাষ্ট্ৰীয় ঘাইপথতৰ ৰাণীঘাট এলাকাত। অবশেষত স্থানীয় ৰাইজৰ সহযোগত বহু প্ৰচেষ্টাৰ পিছত জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে যদিও কি কাৰণত এনেদৰে জ্বলি উঠিল সেয়া এতিয়াও নিশ্চিত হোৱা নাই।ইতিমধ্যে আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।
Read More

দক্ষিণ কামৰূপৰ সোণতলীৰ চাউৰদিয়াত জৰাজীৰ্ণ দলং

দক্ষিণ কামৰূপৰ সোণতলীৰ চাউৰদিয়াত জৰাজীৰ্ণ দলং৷ বিপদসংকুল যাতায়াত ৰাইজৰ৷ কাণসাৰ নাই চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ৷ চৰম অৱহেলা জনপ্ৰতিনিধিৰ৷উল্লেখযোগ্য যে বকো সমষ্টি আৰু চেঙা সমষ্টিৰ ৰাইজৰ যাতায়াত একমাত্ৰ পথ৷ বোকাময় পথটোত আছে দুখনকৈ বিপদসংকুল দলং৷ জৰাজীৰ্ণ দলংখনেৰে দৈনিক বিপদসংকুল যাতায়াত অব্যাহত ৰাখিছে দুয়োখন সমষ্টিৰ সীমান্তৱৰ্তী ৰাইজে৷ বকো সমষ্টিৰ চাউৰদিয়া, ৰৌমাৰী, সোণতলী সত্ৰ, পাথালিপাৰা, গৰৈমাৰী বিলৰজান, লটৰীয়াদিয়া, সৰু আৰিকাটি, বৰঘোল, পানীখাইতী আনহাতে বৰপেটা জিলাৰ মৰিচাকান্দি চৰ, লক্ষীপুৰ চৰ, কাছুমামাৰা, আণ্ডাভাংগা, কাছিমপুৰ, ম'হচৰা, শিমুলবাৰী আদিকে ধৰি প্রায় ৪০খনতকৈ অধিক গাঁৱৰ ৰাইজে যাতায়াত অব্যাহত ৰাখিছে এই দলং দুখনেৰে৷ কণ কণ শিশুৰ লগতে স্কুল-কলেজীয়া ছাত্র-ছাত্রীয়ে দৈনিক বিপদসংকুল যাতায়াত অব্যাহত ৰাখিছে মৰণফান্দ সদৃশ সাঁকোৰে৷অতি দুৰ্বল তথা…
Read More

বিৰাট কোহলিৰ ‘বিৰাট’ অভিলেখ।

বিৰাট কোহলিৰ 'বিৰাট' অভিলেখ। উল্লেখযোগ্য যে ৮ ছেপ্টেম্বৰত আফগানিস্তানৰ বিৰুদ্ধে শতকীয় ইনিংছ খেলি ক্ৰিকেটত ৭১টা শতক অৰ্জনৰ গৌৰৱ অৰ্জন কৰিলে কোহলিয়ে।এছিয়া কাপত টীম ইণ্ডিয়াই ফাইনেলত প্ৰবেশ কৰিব নোৱাৰিলেও বুধবাৰে আফগানিস্তান (Ind Vs Afghanistan)ৰ বিৰুদ্ধে এক বিৰাট অভিলেখ ৰচিলে বিৰাট কোহলিয়ে। আফগানিস্তানৰ বিৰুদ্ধে শতকীয় ইনিংছ খেলি ক্ৰিকেটত ৭১টা শতক অৰ্জনৰ গৌৰৱ অৰ্জন কৰিলে কোহলিয়ে। ইয়াৰ লগে লগে কোহলিয়ে অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনয়াক ৰিকি পণ্টিঙৰ অভিলেখ স্পৰ্শ কৰিলে।পণ্টিঙৰ সৈতে এই মুহূৰ্তত সৰ্বাধিক শতক অৰ্জনৰ তালিকাৰ দ্বিতীয় স্থানত আছে কোহলি। কোহলিৰ সন্মুখত এতিয়া কেৱল ক্ৰিকেটৰ ভগৱান শচীন। তেণ্ডুলকাৰে নিজৰ কেৰিয়াৰত মুঠ ১০০টা শতক অৰ্জনৰ কীৰ্তি গঢ়ি থৈছে।উল্লেখ্য যে বিগত প্ৰায় ৩ বছৰৰ পিছত এইটো…
Read More

বিদুৎ বিভাগৰ চৰম গাফিলতি তথা অৱহেলা ।

বিদুৎ বিভাগৰ চৰম গাফিলতি তথা অৱহেলা ।চৰম অৱহেলাৰ পৰিচয় দাঙি ধৰিলে আমগুৰিৰ বৈদ্যুতিক উপসংমণ্ডলে। আমগুৰি বৈদ্যুতিক উপসংমণ্ডৰ অধীনস্থ নতুন লোণপুৰীয়াৰ দৃশ্য ।সামান্য উচ্চতাতে এনেদৰে বিপদ শংকূল ভাৱে ওলমি আছে বিদ্যুৎ পৰিবাহী তাৰ ।ৰাইজৰ অভিযোগৰ প্ৰতি কাণসাৰ নিদিয়াৰ গুৰুত্বৰ অভিযোগ স্থানীয় ৰাইজৰ ।জৰুৰীকালীন অৱস্থাত কৰ্তব্যৰত লাইন মেইন গৰাকীক ফোনৰ যোগে অৱগত কৰাৰ পাছতো কোনো গুৰুত্বৰ নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে
Read More

বজালীত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়।

বজালীত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়।উল্লেখযোগ্য যে পাঠশালাৰ মাজমজিয়াত ভয়ংকৰ অগ্নিকাণ্ডটো হয় বুলি জানিব পৰা গৈছে ।তিনিখন ব্যৱসায়িক প্ৰতিষ্ঠানত অগ্নিকাণ্ডৰ ঘটনা ইউনিয়ন বেংকৰ তলত অগ্নিকাণ্ড হয়।জানিব পৰা মতে চৰ্টচাৰ্কিতৰ ফলত হয় জুইৰ সূত্ৰপাত হয়।ঘটনাস্হলীত ৫ খন অগ্নিনির্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়।পৰিস্থিতিৰ বুজ লবলৈ ঘটনাস্থলীত মন্ত্ৰী ৰণজিৎ দাস উপস্থিত।তিনিখন দোকান জুইত ভস্মীভূত হয় বুলি জানিব পৰা গৈছে।
Read More