Dipshikha

2393 Posts

নাৰায়ণপুৰৰ এটা উৰুখা পঁজাত হাঁহি বিৰিঙিছে

আৰক্ষী উপ পৰিদৰ্শক পদত বাচনি নাৰায়ণপুৰৰ দেৱজিত নাৰায়ণপুৰৰ এটা উৰুখা পঁজাত হাঁহি বিৰিঙিছে।নাৰায়ণপুৰ ধলপুৰৰ বাগিচাবৰী গাঁৱৰ হৰেন বৰা আৰু অমিলি বৰাৰ পুত্ৰ দেৱজিত বৰাই আৰক্ষী বিভাগৰ কামাণ্ডু বেটেলিয়েন পদত উত্তীৰ্ণ হৈছে৷পিচপৰা গাঁওখনৰ কৃষিজীৱি পৰিয়ালটোৰ মুখলৈ দেৱজিতে কঢ়িয়াই আনিছে হাঁহি আনন্দ।উল্লেখ্য যে দেৱজিতে বহু কষ্টৰে শিক্ষা গ্ৰহণ কৰাৰ মাজতে শাৰিৰীক অনুশীলন কৰি গাঁৱখনলৈ এই সফলতা কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।
Read More

বুট মাহত বিষক্ৰীয়া

বুট মাহত বিষক্ৰীয়া।পূজাৰ প্ৰসাদ খাই শিশু সহ ১৮ জনকৈ লোক সংকটজনক অৱস্থাত চিকিৎসাধীন হয় আছে। ঘটনাৰ স্থান ওদালগুৰি জিলা ভেৰগাঁ‌ও পিছলাপাৰা গাঁৱত।উল্লেখ্য যে ওদালগুৰি জিলা ভেৰগাঁ‌ও আৰক্ষী চকী অন্তৰ্গত পিছলাপাৰা গাঁ‌ৱত পূজাৰ প্ৰসাদ খাই নিশাৰ পৰা পৰাই এতিয়াইলৈ গাঁওখনৰ শিশুসহ মুঠ১৮ জনকৈ লোক অসুস্থ হৈ পৰিছে,ততাতৈয়াকৈ এম্বুলেঞ্চৰ সহায়েৰে খৈৰাবাৰী সামূহিক চিকিৎসালয়লৈ লৈ অহা হয় অসুস্থ লোকক।তাৰে দুজনৰ অৱস্থা সংকটজনক বুলি চিকিৎসকে জানিব দিয়ে।
Read More

হাজোৰ ২ নং শৌলমাৰীত প্ৰৱল গৰাখহনীয়াত শংকিত ৰাইজ

হাজোৰ ২ নং শৌলমাৰীত প্ৰৱল গৰাখহনীয়াত শংকিত ৰাইজ;চৰকাৰলৈ স্থায়ী সমাধানৰ দাবী গঞা ৰাইজৰ কামৰূপ জিলাৰ হাজো সমষ্টিৰ অন্তৰ্গত ২ নং শৌলমাৰীৰ সমীপৱৰ্তী ব্ৰহ্মপুত্ৰৰ সুতিৰ লগতে পুঠিমাৰী নৈৰ প্ৰৱল গৰাখহনীয়াৰ কৱলত পৰা পৰিলক্ষিত হৈছে অঞ্চলবাসী। যাৰ বাবেই প্ৰতিদিনেই শংকিত হৈ পৰিছে গাওঁবাসী। বছৰ বছৰ ধৰি নৈৰ প্ৰৱল খহনীয়াৰ ফলত উছন হৈছে বহুতো পৰিয়ালৰ । শ শ বিঘা কৃষিভূমি নৈৰ বুকুত জাহ গৈছে । শৌলমাৰীত স্থাপন কৰা একমাত্ৰ প্ৰাথমিক বিদ্যালয় খনো বিগত সময়চোৱাত গৰখহনীয়াৰ কবলত কেইবাবাৰো স্থানান্তৰিত কৰিব লগীয়া হৈছিল । কৃষিজীৱী ৰাইজৰ কৃষিভূমি গৰাখহনীয়াৰ কৱলত পৰি সংকুচিত হৈ পৰিছে । কৃষি প্ৰধান অঞ্চলৰ ২ নং শৌলমাৰীত বাঢ়নী পানীয়ে ব্যাপক ভাৱে খহনীয়াৰ…
Read More

গেলেকীত উত্তপ্ত পৰিস্থিতি।

গেলেকীত উত্তপ্ত পৰিস্থিতি।অ'এনজিচিৰ তৈলক্ষেত্ৰৰ চাৰিসীমাৰ ভূমিত বেদখল কাৰীৰ বিৰুদ্ধে উচ্ছেদ অভিযান।অবৈধ ভূমি বেদখলকাৰীৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে শিৱসাগৰ জিলা প্ৰশাসনৰ লগতে মহাৰত্ন কোম্পানী ONGC কতৃপক্ষ । ইয়াকে লৈ উত্তপ্ত হৈ পৰিল নাজিৰা গেলেকীত । মহাৰত্ন কোম্পানী ONGC ৰ গেলেকী চাৰিআলিস্থিত তৈলক্ষেত্ৰটোৰ চাৰিসীমাৰ ভূমি বিগত প্ৰায় ৩০ বছৰ ধৰি অবৈধভাৱে বেদখল কৰি আহিছিল বিহাৰৰ পৰা অহা একাংশ লোকে ।।চলিত ২০২০ বৰ্ষৰ পৰা ONGC কতৃপক্ষই বেদখলকাৰীসকলক আতৰি যাবলৈ নিৰ্দেশনা জাৰি কৰি আহিছিল । কিন্তু বেদখলকাৰীসকলে তেল প্ৰাকৃতিক গেছ নিগম চমুকৈ ONGCৰ কৰ্তৃপক্ষক আওকাণ কৰি অহাত আজি ONGCয়ে উচ্ছেদ অভিযান চলাই ১৩/১৪টাকৈ পৰিয়ালৰ বাসগৃহত।গেলেকীৰ তিলক আগৰৱালা,পৱন আগৰৱালা,দুৰ্গা প্ৰসাদ আগৰৱালাকে ধৰি কেইবাগৰাকীয়ো ব্যক্তিয়ে নিজৰ…
Read More

লখিমপুৰৰ লালুকত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ।

লখিমপুৰ মেডিকেল কলেজৰ সদ্য ঘোষিত নিযুক্তি পৰিক্ষাৰ ফলাফল ত দূৰ্নীতি হোৱাৰ ক্ষোভত তীব্ৰ প্ৰতিবাদ।লখিমপুৰ মেডিকেল কলেজৰ নিযুক্তি প্ৰক্ৰিয়াৰ ফলাফল ঘোষণা হোৱাৰ পিছতেই বিভিন্ন দল সংগঠনৰ তীব্ৰ প্ৰতিবাদ কৰে।হিমন্ত বিশ্ব শৰ্মা গ' বেক , মানৱ ডেকা গ' বেক ধ্বনিৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে লখিমপুৰ জিলাৰ লালুকত ।মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ কৰে সংগঠন দুটাই।আৰক্ষীয়ে প্ৰতিবাদ কাৰীক প্ৰতিবাদ স্থলীতে টানি ছোছোৰাই নি গাড়ীত ভড়াই আটক কৰে।
Read More

গেলেকীত ONGC ৰ ভূমি বেদশলকাৰীৰ বিৰুদ্ধে শুক্ৰবাৰে চলিব উচ্ছেদ অভিযান ।

দীৰ্ঘদিন ধৰি ONGC ৰ মাটি বেদখল কৰাৰ অভিযোগ কেইবাটাও পৰিয়ালৰ বিৰুদ্ধে ।এই সম্পৰ্কে ONGC য়ে জাননী জাৰী কৰি অহাৰ পাছতো কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ পৰিয়াল কেইটাৰ বিৰুদ্ধে ।ইফালে পৰিয়াল কেইটাৰ অভিযোগ যে কোনো ধৰণৰ উচ্ছেদৰ জাননী নিদিয়াকৈ ONGC য়ে উচ্ছেদ চলোৱাৰ যো-জা চলাইছে ।। পৰিয়ালকেইটাৰ অভিযোগ অনুসৰি একোজনকৈ স্থানীয় নিৰ্দিষ্ট ব্যক্তিৰ পৰা কেইবাবছৰো আগতে ক্ৰয় কৰি লৈছিল একোডোখৰকৈ মাটি ।।মাটি বিক্ৰীৰ সময়ত সেই ব্যক্তিকেইজনে কোনো ধৰণৰ তথ্য দিয়া নাছিল পৰিয়াল কেইটাক এই অভিযোগ কৰিছে ভূক্তভুগী পৰিয়ালকেইটাই ।
Read More

লংকাৰ নখুটিত এটা চাবিক লৈ সংঘটিত হৈছিল পুৰুষ মহিলাৰ এক তয়া ময়া ৰণ।

লংকাৰ নখুটিত এটা চাবিক লৈ সংঘটিত হৈছিল পুৰুষ মহিলাৰ এক তয়া ময়া ৰণ।নখুটি বজাৰৰ এখন দোকানৰ চাবিক লৈ এটা পৰিয়াল দুই ককাই ভাইৰ পৰিয়ালৰ মাজত সংঘাতৰ সৃষ্টি হয়।দুই ভাতৃ মুজিবুৰ ৰহমান আৰু আমিৰ উদ্দিনৰ মাতৃৰ নামত আবণ্টন হোৱা দোকান ঘৰটো জালিয়াতিৰে আমিৰ উদ্দিনে নিজ পত্নীৰ নামত কৰি লোৱাৰ অভিযোগ উত্থাপন হৈছে।বৰ্তমানৰ পৰিয়ালৰ মুৰব্বী তেওঁলোকৰ মাতৃ মুজিবুৰ ৰহমানৰ লগতে থিয় দিছে ।ইতিমধ্যে নখুটি আৰক্ষী পহৰা চকীত এখন এজাহাৰ দাখিল কৰিছে এই ঘটনাৰ সন্দৰ্ভত ।কিন্তু প্ৰকৃততে উক্ত দোকান ঘৰটো কাৰ সেয়া পৰবৰ্তী সময়ত আৰক্ষীৰ তদন্ত পোহৰলৈ আহিব ।
Read More

মৰিগাঁও ছাত্র মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ

মৰিগাঁও ৰাজপথত মৰিগাঁও জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদী কাৰ্যসূচী ।অসম চৰকাৰে গ্ৰহণ কৰা অসমীয়া ভাষা আৰু চৰকাৰী শিক্ষাখণ্ড বিৰোধী সিধান্তসমূহ বাতিল কৰা আৰু চৰকাৰী শিক্ষাখণ্ড ৰক্ষা কৰাৰ দাবীত মৰিগাঁও জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে বৃহস্পতিবাৰে মৰিগাঁও চহৰৰ মাজমজিয়াত এক মানৱ শৃংখল কাৰ্য্যসূচী ৰূপায়ন কৰা পৰিলক্ষিত হয় । প্ৰতিবাদ কাৰী দলটোৱে চলিত চৰকাৰ খনৰ বিৰুদ্ধে বিভিন্ন প্ৰতিবাদী ধ্বনিৰে উত্তাল কৰে মৰিগাঁও ৰাজপথ ।
Read More

অসম আৰক্ষী জোৱানৰ প্রশংসনীয় পদক্ষেপ

এজন আৰক্ষী জোৱানে কাঠত খোদিত প্ৰতিচ্ছবি মুখ্যমন্ত্ৰীক প্ৰদান কৰাৰ পিছতেই সকলোৱে চৰ্চাৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে আৰক্ষী জোৱান জন ।অসম আৰক্ষীৰ এজন আৰক্ষী জোৱানৰ নিপুণ হাতৰ পৰশত প্ৰাণ পাই উঠিছে ৰাজ্যৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ প্ৰতিচ্ছবি। কাঠত খোদিত কৰা প্ৰতিচ্ছবিৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাক আৰক্ষী জোৱান জনে প্ৰদান কৰাৰ পিছতেই সকলোৰে চৰ্চাৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে আৰক্ষী জোৱান জন । মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমৰ জৰিয়তে ঋষিকেশ বৰা আৰু অসম আৰক্ষীক প্ৰশংসা কৰাৰ পিছতেই সকলোৰে নয়নৰ মণি হৈ পৰিছে ।আৰক্ষী জোৱান জনৰ নাম ঋষিকেশ বৰা ।বৰ্তমান নগাঁও দগাঁও আৰক্ষী পহৰাচকীত কৰ্মৰত ঋষিকেশ বৰা ।
Read More

আৰক্ষী জোৱানক প্ৰহাৰ বিজেপি কৰ্মীৰ

কলকাতাৰ হাওৰাত এতিয়া উত্তপ্ত পৰিস্থিতি সৃষ্টি হৈছে।কলকাতাৰ এমজি ৰোডত আৰক্ষী জোৱানক প্ৰহাৰ কৰা পৰিলক্ষিত হৈছে একাংশ বিজেপি কৰ্মীয়ে।জানিব পৰা মতে পশ্চিমবংগৰ মূখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ বিৰুদ্ধে একাংশ বিজেপি কৰ্মীয়ে প্ৰতিবাদ কৰা পৰিলক্ষিত হৈছিল।আৰু তাৰ পিছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল প্ৰতিবাদকাৰীক।উল্লেখযোগ্য যে প্ৰতিবাদ কাৰীক বাধা দিয়াৰ বাবেই আৰক্ষী জোৱানক প্ৰহাৰ কৰা পৰিলক্ষিত হৈছে।নিজৰ প্ৰাণৰ মমতাত দৌৰিবলৈ আৰম্ভ কৰে আৰক্ষী জোৱানে।দৌৰাই দৌৰাই আৰক্ষীক প্ৰহাৰ কৰা পৰিলক্ষিত হৈছে।জানিবলৈ পৰা মতে এতিয়া অৰ্থাৎ আজিৰ দিনটোত হিংসাত্মক পৰিস্থিতি সৃষ্টি হোৱা পৰিলক্ষিত হৈছে কলকাতাত।উল্লেখ কৰিব লাগিব যে আৰক্ষীক উপৰ্যুপৰি মাৰপিত কৰিও শান্ত নাথাকিল উদ্ভণ্ডালি একাংশ বিজেপি কৰ্মী।আৰক্ষী গাড়ীত পেট্ৰল ঢালি জ্বলাই দিয়াৰো দৃশ্য বন্দী হৈছে কেমেৰাত।উল্লেখ কৰিব লাগিব…
Read More