11
Oct
বৰছলা বিধান সভা সমষ্টিৰ ঐতিহ্যমণ্ডিত চিৰাজুলি সত্ৰ গাঁৱত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে। অতিকৈ দৰিদ্ৰপীড়িত পৰিয়ালৰ নামত আৱন্টিত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণৰ নামত মিস্ত্ৰীয়ে সৰলতাৰ সুযোগ লৈ লক্ষাধিক টকা আত্মসাৎ কৰি পলায়ন কৰা ঘটনাৰ পিছতেই দুৰ্ভগীয়া হিতাধিকাৰীয়ে ঘটনা সন্দৰ্ভত ঢেকিয়াজুলি আৰক্ষী থানাত এজাহাৰ দাখিল কৰি ন্যায় বিচাৰি হাবাথুৰি খাইছে ৷ঘটনা সন্দৰ্ভত উল্লেখ্য যে, বৰছলা সমষ্টিৰ ঐতিহাসিক চিৰাজুলি সত্ৰ গাঁৱৰদীপালী বৰা আৰু ভানু বৰা ৰ নামত দুমাহ পূৰ্বে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আৱন্টন হৈছিল। দিপালী বৰাৰ নামত প্ৰথম কিস্তিৰ ৩২ হাজাৰ টকা আৰু দ্বিতীয় কিস্তিৰ ৪৮ হাজাৰ টকা সোমাইছিল ৷একেদৰে হিতাধিকাৰী ভানু বৰাৰ…