Dipshikha

2395 Posts

বিজনীত আৰক্ষীৰ অভিযানত বাৰ্মীছ চুপাৰীভৰ্তি ট্ৰাক জব্দ

ৰাজ্যত অব্যাহত আছে বাৰ্মীছ চুপাৰীৰ অবৈধ সৰবৰাহ।অসম আৰক্ষীৰ বাৰ্মীছ চুপাৰী সৰবৰাহৰ ক্ষেত্ৰত কঠোৰ ভূমিকাৰ পিছতো একাংশ অসাধু চক্ৰই চলাই গৈছে বাৰ্মীছ চুপাৰীৰ অবৈধ ব্যৱসায়। আজি দুপৰীয়া বিজনী আৰক্ষীৰ অভিযানত বিজনীৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দহলাপাৰাস্থিত টোল প্লাজাত বাৰ্মীছ চুপাৰীভৰ্তি ট্ৰাক সহ এজনক আটক কৰিবলৈ সক্ষম হয়।চিৰাং আৰক্ষীৰ এক নিৰ্ভৰযোগ্য খবৰৰ ভিত্তিত বিশেষ তালাচিত 89 বস্তা সন্দেজনক বাৰ্মীছ চুপাৰী, 110 বস্তা চাও গুটি কঢ়িয়াই লৈ অহা HR 38AD 6148 নম্বৰৰ এখন ট্ৰাকসহ ধৰম কুমাৰ নামৰ এজনক আটক কৰিবলৈ সক্ষম হয়।চুপাৰী সমূহ বৰপেটা ৰোডৰ পৰা উত্তৰ প্ৰদেশৰ কাণপুৰ অভিমুখে গৈ থকা অৱস্থাত চিৰাং আৰক্ষীয়ে জব্দ কৰে।জব্দকৃত বাৰ্মীছ চুপাৰী সমূহৰ ওজন 3690 কিলোগ্ৰাম…
Read More

বিহপুৰীয়াত সোৱণশিৰিৰ ভয়ংকৰ খহনীয়া, চৈধ্যকোটি টকীয়া আঁচনি জাঁহ গ’ল নদীত।

বিহপুৰীয়াত সোৱণশিৰিৰ ভয়ংকৰ খহনীয়া, চৈধ্যকোটি টকীয়া আঁচনি জাঁহ গ'ল নদীত। ধূনাগুৰি বাঁহগড়া সংযোগী প্ৰায় দুই কোটি টকীয়া মথাউৰিত ভয়ংকৰ খহনীয়া। নিশাৰ পৰা মথাউৰিটোত খহনীয়াৰ আৰম্ভ হয় বুলি জানিব পৰা গৈছে।এইবাৰ বাৰিষাৰ পূৰ্বে বিহপুৰীয়া সমষ্টিৰ বিধায়ক ড° অমিয় কুমাৰ ভূঞাই প্ৰায় চৈধ্য কোটি টকাৰ বান খহনীয়া প্ৰতিৰোধ আঁচনিখন উদ্বোধন কৰিছিল আৰু বাৰিষাৰ সময়ত সেই আঁচনিখন ৰূপায়ন কৰিছিল। আচনিৰ কাম শেষ হোৱাৰ পিছতেই সোৱণশিৰি নদীয়ে মথাউৰিটোৰ কেইবা ঠাইতো চলাইছে ভয়ংকৰ খহনীয়া। তছনছ কৰিছে চৈধ্য কোটি টকীয়া আঁচনিক। ঠিকাদাৰ আৰু জলসম্পদ বিভাগৰ বিহপুৰীয়াৰ সহকাৰী কায্যবাহী অভিযন্তাই মিলি আচনিৰ ধন আত্মসাৎ কৰাৰ অভিযোগ স্থানীয় বানাক্ৰান্ত ৰাইজৰ। ধূনাগুৰি বাঁহগড়া সংযোগী মথাউৰিটো এতিয়া চৰকাৰী বিষয়া ঠিকাদাৰৰ…
Read More

লক্ষীমপুৰত চিলনী চোৰৰ উপদ্ৰৱত অতিষ্ঠ সৰ্বসাধাৰণ জনতা

লক্ষীমপুৰত চিলনী চোৰৰ উপদ্ৰৱত অতিষ্ঠ সৰ্বসাধাৰণ জনতা। নাওবৈছাত ৰাইজে খেদি খেদি আটক কৰিলে চাৰি জনকৈ চিলনী চোৰক।নাওবৈছাত দিন দুপৰতে চুৰি কাণ্ড সংঘটিত হৈছে।দিনক দিনে বাঢ়িছে চিলনী চোৰৰ উপদ্ৰৱ।নাওবৈছাৰ দলহাটত এগৰাকী মহিলা পথচাৰীৰ হাতৰ পৰা মোবাইল ফোন কাঢ়ি পলায়নৰ চেষ্টা কৰোতে ৰাইজে খেদি খেদি আটক কৰে চাৰি জনকৈ চোৰক।চোৰ কেইটাক আটক কৰি দলহাট আৰক্ষী চকীত সমজাই দিয়ে।চোৰ কেইজন ক্ৰমে জব্বৰ আলি,ফৰিদুল ইছলাম,ফাইজোৰ আলি,গোলজাৰ হুছেইন।উক্ত চোৰ কেইটাক লালুক আৰক্ষীয়ে লখিমপুৰ জেল হাজতলৈ প্ৰেৰণ কৰে।সম্প্ৰতি দলহাট আৰক্ষীয়ে তদন্ত অব্যহত ৰাখিছে।
Read More

ৰাজ্যত চৌদিশে বন্য হস্তীৰ উপদ্ৰৱ

লংকাৰ ফৰমাপাৰত বন্যহস্তী অহা যোৱা কৰা পথত বৈদ্যুতিক স্বৰ্ট লগাই পথ বন্ধ কৰাৰ অভিযোগ।ৰাজ্যত অব্যাহত আছে হাতী মানুহৰ সংঘাত,তাৰে সমান্তৰালকৈ লংকাৰ ফৰমাপাৰ অঞ্চলত উপদ্ৰব চলাই আহিছে প্ৰায় এশজনীয়া এটা হাতীৰ জাকে।বন্যহস্তীৰ উপদ্ৰবত অঞ্চলটোৰ প্ৰায় ২০০ হেক্টৰ খেতি মাটিত কুঁহিয়াৰ,কলখেতি,তামোলৰ খেতিত উপদ্ৰৱ চলাই নষ্ট কৰি পেলাই। আৰু তাৰে সমান্তৰালকৈ লংকাৰ ফৰমাৰপাৰত বৈদ্যুতিক স্বৰ্ট লগাই বনৰীয়া হাতীৰ অহা যোৱা পথ বন্ধ কৰি দিয়াৰ ফলত বনৰীয়া হাতীৰ জাকটোৱে উপদ্ৰব চলাই বুলি অভিযোগ উত্থাপন কৰিছিল যদিও অভিযোগ নস্যাত কৰিছে একাংশ ৰাইজে।
Read More

গৰু সৰবৰাহৰ বিৰুদ্ধে সৰব হৈছে অসম আৰক্ষী।

গৰু সৰবৰাহৰ বিৰুদ্ধে সৰব হৈছে মায়ং আৰক্ষী। ৰাজ্যত গো- সুৰক্ষা আইনেও বাধা আৰোপ কৰিব পৰা নাই একাংশ চোৰাং গো সৰবৰাহীক। আজি মায়ং আৰক্ষীৰ অভিযানত মায়ঙত জব্দ হৈছে ২২ টাকৈ চোৰাং গৰু সহ চাৰিখন গাড়ী। বৰ্তমানলৈ উক্ত গৰু সৰবৰাহৰ সৈতে জড়িত থকা ১১জন লোক মায়ং আৰক্ষীৰ জালত পৰিছে।জানিব পৰা মতে মায়ং অঞ্চলৰ মাজেৰে গৰু কেইটা লৈ গাড়ী কেইখন গৈ থকা অৱস্থাত মায়ং আৰক্ষীৰ অভিযানত জব্দ হয় ।
Read More

বিজনীত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

বিজনীত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ চিৰাং জিলাৰ বিজনীত আজি ড্ৰাগছসহ এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় বিজনী আৰক্ষীয়ে।বিজনী ৰেলগেট পৰা পুৰণি বাছআস্থানত উদ্ধাৰ কৰে ড্ৰাগছ সৰবৰাহকাৰী এজন লোক ।। ন টা কৈ ড্ৰাগছ ভৰ্তি কন্টেনাৰ জব্দ কৰে আৰক্ষীয়ে। বিজনী আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত ড্ৰাগছসহসৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় । ন টা কন্টেনাৰসহ ড্ৰাগছৰ ওজন ১২.৩০ গ্ৰাম । সৰবৰাহকাৰীৰ পৰা এটা মোবাইল, নগদ ২২০ টকা জব্দ কৰে বিজনী আৰক্ষীয়ে।সৰবৰাহকাৰী জনৰ নাম ইচৰাফু আলী (২৩) । ইচৰাফুলৰ ঘৰ পুৰান বিজনীৰ সৰকাৰপাৰাত বুলি জানিব পৰা গৈছে ।
Read More

ৰাজ্যৰ বিভিন্ন স্থানত এতিয়া আহিন মহীয়া বানৰ প্ৰকোপ

ৰাজ্যৰ বিভিন্ন স্থানত এতিয়া আহিন মহীয়া বানৰ প্ৰকোপ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। ফেনে-ফুটুকাৰে নৈ-উপনৈ সমূহ পানী বাঢ়ি অহাৰ সমান্তৰাল ভাৱে নকৈ প্লাবিত হৈছে বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্য কিছু অংশ। বুঢ়াচাপৰি ৰাজহ গাঁও আৰু অভয়াৰণ্য সীমিত থকা বগানলাৰে হুৰাহুৰে অভয়াৰণ্য খনত সোমাইছে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানী। বিগত তিনিদিন ধৰি অভয়াৰণ্য খনত পানী সোমাই আহি কিছু-কিছু ঠাই প্লাৱিত কৰাৰ লগে-লগে ভাবুকি আহি পৰিছে বন্যপ্ৰাণী সমূহৰ প্ৰতি। যাৰ বাবে অভয়াৰণ্য খনত নিয়োজিত বনকর্মী সকলে দিনে-নিশাই অধিক তৎপৰহৈ পৰিছে বুলি সদৰি কৰিছে বনকর্মী সকলে। ইফালে অভয়াৰণ্য খনলৈ ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানী সোমাই অহাৰ লগে-লগেই জীৱ জন্তুসমূহ ওলাই আহে পাশৱৰ্তী অঞ্চলসমূহত যদিও ৰাইজে বনকর্মী সকলক খবৰ দি জন্তুসকলক…
Read More

মৰিগাঁওত মৰিগাঁও দিৱস উদযাপন

মৰিগাঁওত মৰিগাঁও দিৱস উদযাপন।মৰিগাঁৱে ১৯৮৯ চনৰ ১৪ অক্টোবৰত জিলা হিচাপে আনুষ্ঠানিক স্বীকৃতি লাভ কৰিছিল।তাৰ পৰিপ্ৰেক্ষিতত আজি মৰিগাঁও জিলাৰ প্ৰতিষ্ঠা দিৱস হিচাপে উদযাপন কৰি আহিছে জিলা বাসীয়ে।কিন্তু এইবেলি ১৪ আৰু ১৫ অক্টোবৰ তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আৰু জিলাবাসীৰ সহযোগত বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰিব মৰিগাঁও দিৱস ২০২২।য'ত উপস্থিত থাকিব ৰাজ্যপাল জগদীশ মুখীৰ লগতে সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানত জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ লগতে বহু নবীন আৰু পবিন শিল্পী।
Read More

বটদ্ৰৱাৰ হাইডুবিৰ পৰা দুই সন্তানসহ নিৰুদ্দেশ মাতৃ

নগাঁও জিলাৰ বটদ্ৰৱাৰ হাইডুবিৰ পৰা নিৰুদ্দেশ হৈছে দুই সন্তানসহ বিলকিছ,নামৰ এগৰাকী মহিলা।হাইডুবি গাঁওৰ নাজিম উদ্দিন,নিজৰ দোকানত থকা সময়ত পত্নী বিলকিছ ৮/১০/২২তাৰিখে দিনৰ আনুমানিক ৪ বজাত নিজৰ ঘৰৰ পৰা ওলাই যায়। বুলি পৰিয়ালৰ লোকে জানিব দিয়ে। সন্ধিয়া দোকানৰ পৰা আহি নাজিম উদ্দিনে,নিজ পত্নী সন্তানক ঘৰত নাপাই সকলো উচৰচুবুৰীয়া আত্মীয়-স্বজনৰ ঘৰত বিচাৰ-সুচাৰ কৰি সন্ধান নোপোৱাত এতিয়া সংবাদমাধ্যমৰ জৰিয়তে আহ্বান জনায় যদি কোনো লোকে এই দুই সন্তানসহ মহিলগৰাকীৰ সন্ধান পায় তেন্তে ৭৮৯৬২৫৩০৩৭নম্বৰত অথবা বটদ্ৰৱা আৰক্ষী থানাত জনাবলৈ অনুৰোধ জনায় বিলকিছৰ স্বামী তথা স্বামীৰ পৰিয়ালৰ লোকে।
Read More

হেমচন্দ্ৰ বৰুৱাক অপমান!

অসমীয়া অভিধান “হেমকোষ” ৷ অসমীয়া জন জীৱনৰ মাইলৰ খুটাঁ হিচাপে জনাজাত অভিধান প্ৰণেতা হেমচন্দ্ৰ বৰুৱাৰ এটা আৱক্ষমূৰ্তি আছে দেৰগাৱত ৷ অসম সাহিত্যসভাৰ দেৰগাৱৰ সমিতিখনে ১৯৭৯ চনত দেৰগাৱঁৰ ৰাজ্যিক পৰিবহন নিগমৰ আস্থানৰ চৌহদত সাহিত্য সভাৰ চিম্বলত স্হাপন কৰিছিল এই বৰেণ্য ব্যক্তিগৰাকীৰ মূৰ্ত্তিটো ৷ কিন্ত জনপ্ৰাণী নোহোৱা পিতনিৰ কাষত থকা মূৰ্ত্তিটো চাফচিকুন কৰিবলৈ আহৰি নাই সাহিত্যসভাৰ কাণ্ডাৰী সকলৰ ৷
Read More