26
Oct
বৰপেটা ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা যোৱা 17 অক্টোবৰৰত কাঠ ভৰ্তি ট্ৰাক সহ নিৰুদ্দেশ হোৱাৰ দহ দিন পাছত বৰপেটাৰোড আৰক্ষীয়ে কাঠ সহ ট্ৰাকখনৰ চালকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৷ আৰক্ষীয়ে আটক কৰা ট্ৰাক চালকজনৰ নাম আছাদ আলী বুলি জানিব পৰা গৈছে ৷ ঘটনাৰ বিৱৰণি মতে বৰপেটাৰ বহৰিৰ মহিদুল শ্বেইখ নামৰ এজন কাঠ বেপাৰীয়ে কাজলগাওৰ DFO কাৰ্যালয়ৰ পৰা ৮২ টা বনচোম আৰু খোকন কাঠৰ পিচ অক্সনত ক্ৰয় কৰিছিল ৷ উক্ত কাঠ সমূহ কাজলগাওঁৰ পৰা বৰপেটাৰ বহৰিলৈ কঢ়িয়াই আনিবলৈ কাঠ বেপাৰী মহিদুল শ্বেইখে AS -09C-7632 নম্বৰ ট্ৰাকখন ভাৰাত লৈছিল ৷ উক্ত কাঠ সমূহ কঢ়িয়াই আনি থাকোতে 17 অক্টোবৰৰ নিশা প্ৰায় 11-30 মান বজাত বৰপেটাৰোডৰ…