Dipshikha

2395 Posts

ৰাজ্যজুৰি ৰাসলীলাৰ ব্যাপক প্ৰস্তুতি

ৰাজ্যজুৰি ৰাসলীলাৰ ব্যাপক প্ৰস্তুতি চলিছে সমান্তৰালভাৱে গোলাঘাটৰ লক্ষীবাৰী শ্ৰীমন্ত শংকৰজ্যোতি আঞ্চলিক কলামঞ্চ উদ্যোগত তিনি দিনীয়া কাৰ্যসূচীৰে অনুস্থিত কৰিব শ্ৰীকৃষ্ণ ৰাসলীলা আৰু পূৰ্ণাংগ নাটক প্ৰদৰ্শন। অহা ৭,৮ আৰু ৯ নবেম্বৰত অনুস্থিত হব লগা ৰাসলীলা আৰু পূৰ্ণাংগ নাটৰ বাবে ইতিমধ্যেই প্ৰস্তুতি সম্পুৰ্ণ কৰি তুলিছে। উল্লেখযোগ্য যে উক্ত কাৰ্যসূচীত অভিনয় কৰিব বেহাৰবাৰী আউটপ'ষ্টৰ মোহন খ্যাত দীপজ্যোতি কেওটৰ লগতে অসমৰ জনপ্ৰিয় কৌতুক অভিনেতা অতুল পাচনীয়ে।
Read More

বজালীৰ খাৰাধৰাত এটা গভাইত চোৰ আটক ৰাইজৰ।

বজালীৰ খাৰাধৰাত এটা গভাইত চোৰ আটক ৰাইজৰ।আটকাধীন চোৰটোৰ নাম ভাস্কৰ কলিতা বুলি জানিব পৰা গৈছে।উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি খাৰাধৰাৰ নিৰ্মীয়মান চেণ্ট্ৰেল স্কুলৰ পৰা বিভিন্ন সামগ্ৰী চোৰ কৰি আহিছিল চোৰটোৱে।আজি ৰাতিপুৱাৰ ভাগত স্হানীয় ৰাইজে হাতে লুটে ধৰি আৰক্ষীক খবৰ দিয়ে।ঘটনা স্থলীত পাটাছাৰকুছি আৰক্ষী উপস্থিত হৈ চোৰটোক লৈ যায়।
Read More

গৌৰীপুৰৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ গেৰামাৰী বটেৰতলৰ পৰা বৰাইবাৰী যোৱা সংযোগী পথ নিৰ্মাণত বৃহৎ কেলেংকাৰী

গৌৰীপুৰৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ গেৰামাৰী বটেৰতলৰ পৰা বৰাইবাৰী যোৱা সংযোগী পথ নিৰ্মাণত বৃহৎ কেলেংকাৰীগৌৰীপুৰ বিধানসভা সমষ্টিৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ গেৰামাৰী বটেৰতলৰ পৰা বৰাইবাৰী লৈ যোৱা সংযোগী ৰাস্তা নিৰ্মাণৰ বাবে ২০২০-২১ বিত্তীয় বৰ্ষৰ অধীনত চৰাকাৰে SOPD (G) আঁচনিৰ অধীনত ৬২ লাখ ৮০ হেজাৰ ১১৪ টকা আৱন্টন দিছিল। যাৰ পৰিপ্ৰেক্ষিতত পথছোৱা নিৰ্মাণৰ ঠিকা লাভ কৰে গোৱালপাৰা জিলাৰ আমিন ইলিয়াছ নামৰ ঠিকাদাৰজনেচৰকাৰী নিয়ম নীতিক বুঢ়া আঙুলি দেখুৱাই নিজ খিয়াল খুছি মতে কাম কৰি বৃহৎ আকাৰৰ ধন আত্মসাৎ কৰাৰ ফন্দি পাতিছে ঠিকাদাৰজনে ৷চাওঁক এনেদৰে প্ৰতিবাদ সাৱস্ত কৰি উত্তাল কৰি তুলিছে ৰাইজে ৷ মৰা টিপকাই নৈৰ মাটি - বালি দি কোনো ৰোলাৰ নকৰি…
Read More

জামুগুৰিহাটত গদা ঘূৰাই যুদ্ধত নামিল পদ্ম হাজৰিকা

জামুগুৰিহাটত গদা ঘূৰাই যুদ্ধত নামিল পদ্ম হাজৰিকা। পদ্ম হাজৰিকাৰ অভিনয়ে মন্ত্ৰমুগ্ধ কৰিলে হাজাৰ হাজাৰ ৰাইজক। ৰাজনীতিৰ পথাৰত নহয় এইবাৰ নাটকৰ মঞ্চত দুৰ্দান্ত ৰূপত দেখা পোৱা গ'ল চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাক।উত্তৰ অসমৰ নাট্যচৰ্চাৰ অন্যতম অগ্ৰণী অনুষ্ঠান জামুগুৰিহাটৰ 'আখৰা' নাট্যগোষ্ঠীৰ ৰূপালি জয়ন্তী উপলক্ষ্যে অনুষ্ঠিত হোৱা নাট সমাৰোহত 'দুৰ্যোধনৰ'চৰিত্ৰত এইদৰে নিখূত অভিনয়ৰে উপস্থিত হাজাৰ হাজাৰ ৰাইজক মন্ত্ৰমুগ্ধ কৰে চতিয়াৰ বিধায়ক গৰাকীয়ে।নাট্যকাৰ পংকজ জ্যোতি ভূঞাৰ পৰিচালনাৰে দেওবাৰে নিশা অনুষ্ঠিত হোৱা 'ঘটোৎকচ' নাটকত এইদৰে দুৰ্যোধনৰ চৰিত্ৰত দুৰ্দান্ত অভিনয় কৰা দেখা গ'ল বিধায়ক পদ্ম হাজৰিকাক।উল্লেখ্য যে সুদীৰ্ঘ ২২বছৰৰ মূৰত পুনৰ নাটকৰ মঞ্চত দেখা পোৱা বিধায়ক পদ্ম হাজৰিকাই ছাত্ৰ অৱস্থাত এজন সফল অভিনেতা হিচাপে ইতিমধ্যেই পৰিচয় দাঙি…
Read More

অসমত মিঞা মিউজিয়াম লাগে বুলি মন্তব্য লেখিকা শিখা শৰ্মাৰ

অসমত মিঞা মিউজিয়াম লাগে বুলি মন্তব্য লেখিকা শিখা শৰ্মাৰ।মোক মিঞানী বুলি ক'লে বহুত সন্তুষ্ট হ'ম_ মন্তব্য শিখা শৰ্মাৰ।মিঞা শব্দটো সন্মানীয়,মান্যবৰ গতিকে মিঞা বুলি কাৰোবাক সম্বোধন কৰাটো ভাগ্যৰ কথা।আজি সন্ধিয়া হঠাৎ চামগুৰি সমষ্টিৰ লটানি চাপৰিত উপস্থিত শিখা শৰ্মা। ভৱিষ্যত ৰাজনৈতিক দলত যোগদান কৰাৰ সম্ভাৱনা আছে শিখা শৰ্মাৰ। প্ৰত্যেক জনগোষ্ঠীৰ নিজা নিজা এখনকৈ মিউজিয়াম থাকিব লাগে বুলি মন্তব্য শিখা শৰ্মাৰ।মিঞা সকলক কিয় ইমান গুৰুত্ব দিয়া?মিঞা সকল সন্দেহ যুক্ত বাংলাদেশী ইছুটো চল্ব হোৱা নাই এনে কাৰণত বেয়া পাই তৃণমূল কংগ্ৰেছৰ পৰা ওলাই আহিছে বুলি মন্তব্য কৰে শিখা শৰ্মাই। গৰাখহনীয়া, নিবনুৱা আদি বিভিন্ন সমস্যা সমাধানৰ মাত মাতিব লাগে।
Read More

উন্নয়ন মূলক চৰকাৰৰ ফোঁপোলা স্বৰূপ

উন্নয়ন মূলক চৰকাৰে কিমান যে উন্নয়ন মূলক কাম কৰিছে সেয়া আপুনি নিশ্চিত ভাবে জানে।হয় লামডিং সমষ্টিৰ অন্তৰ্গত নখুটিৰ ২ নং চাকেবস্তীৰ কেইবাখনো অঞ্চলৰ ৰাইজে কেইবাটাও বছৰৰ পৰা ভুগি আছে বিশুদ্ধ খোৱা পানীৰ অভাৱত ।লামডিং সমষ্টিৰ বিধায়ক শিবু মিশ্ৰৰ ওচৰত ৰাইজে কেইবাবাৰো আবেদন কৰিছিল খোৱা পানীৰ সমস্যা লৈ , কিন্তু কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে আজি স্থানীয় ৰাইজে ।যাৰ কাৰণে বৰ্তমান বিদ্যালয়ত যোৱা ছাত্ৰ ছাত্ৰীসকলৰ এই অশুদ্ধ পানী খাই অসুস্থ হৈ পৰিছে ।জানিব পৰা মতে শিশুসকল বৰ্তমান কাৰোবাৰ হাত আন কাৰোবাৰ ভৰি অচল হৈ পৰিছে ।আজি স্থানীয় ৰাইজে কান্দি কান্দি অসম মুখ্যমন্ত্ৰী লৈ আহ্বান কৰিছে নখুটিৰ ২নং চাকেবস্তীৰ পানীৰ…
Read More

দৰং জিলাৰ দলগাৱঁৰ মাজগাৱঁত বন বিভাগৰ অভিযান

দৰং জিলাৰ দলগাৱঁৰ মাজগাৱঁত বন বিভাগৰ অভিযান । অভিযানত জব্দ কাঠ ফলা মেচিনৰ লগতে বহু সা-সৰঞ্জাম । কাঠ মিলৰ মালিক আব্দুল কায়ুম পলাতক অৱস্থাত আছে।উল্লেখযোগ্য যেদৰং জিলাৰ দলগাঁৱত বিভিন্ন এলেকাত অবৈধ ভাবে চলি আছে অনেক কাঠ ফলা মিল ৷ বন বিভাগেও সময়ে সময়ে অভিযান চলাই মিল সমুহ জব্দ কৰি আহিছে যদিও গোপনে চলিয়েই আছিল মিল সমূহ ৷দুই এটা মিলত অভিযান চলালেই বাকী মিল সমুহ ৰহস্যজনক ভাবে কেইদিনমান বন্ধ ৰাখি পুনৰ আৰম্ভ কৰে বুলি অভিযোগ উঠি আহিছে ৷ তাৰ মাজতে আজি বন বিভাগে গোপন সূত্ৰৰ পম খেদি এক অভিযান চলায় দলগাওঁ ৷জানিব পৰা মতে অভিযানত এখন কাঠ ফলা মেচিন জব্দ কৰে…
Read More

নাৰায়ণপুৰত দেউৰী স্বায়ত্ত্ব পৰিষদৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ

নাৰায়ণপুৰত দেউৰী স্বায়ত্ত্ব পৰিষদৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ । নাৰায়ণপুৰত দেউৰী স্বায়ত্ত্ব পৰিষদৰ নিৰ্বাচনী প্ৰচাৰত নামি পৰিছে বিভিন্ন ৰাজনৈতিক দল সংগঠনৰ নেতা কৰ্মী সকল । দেউৰীজনগোষ্ঠী অধ্যুষিত অঞ্চল সমূহত নানান ৰঙিন বেনাৰ-পোষ্টাৰ সমূহে ভৰি পৰিছে । অহা ৬ নবেম্বৰলৈকে চলিব লগা প্ৰচাৰ অভিযানত বিভিন্ন প্ৰতিশ্ৰুতিৰে ভোটাৰ কাষ চপাৰ পৰিলক্ষিত হৈছে প্ৰাৰ্থী সকল । ১৮ নং পিছলা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী পুস্পাঞ্জলী দেউৰীয়ে ব্যাপক জনসমৰ্থক লৈ নামি পৰিছে নিৰ্বাচনী প্ৰচাৰত । প্ৰাৰ্থী গৰাকীয়ে বিজেপি প্ৰাৰ্থী গৰাকীতকৈ বহু জনসমৰ্থন পাবলৈ সক্ষম হৈছে । পুস্পাঞ্জলীয়ে শতাধিক সমৰ্থকক লৈ ভোটাৰ কাষ চাপিবলৈ সক্ষম হৈছে । অন্য হাতে আজি বিজেপি প্ৰাৰ্থী জুৰি মণি দেউৰীৰ নিৰ্বাচনী প্ৰচাৰ অভিযান…
Read More

কলগাছিয়াৰ বলাইপাথাৰ গাঁওত অজগৰ সাপ উদ্ধাৰ

কলগাছিয়াৰ বলাইপাথাৰ গাঁওত অজগৰ সাপ উদ্ধাৰ। স্থানীয় থানাত সমজাই দিয়ে উদ্ধাৰকাৰী ৰাইজে। বৰপেটা জিলাৰ কলগাছিয়া থানাৰ অন্তৰ্গত বলাই পথাৰ গাঁওত অজগৰ সাপ উদ্ধাৰ। জানিব পৰা মতে বলাই পথাৰ গাঁওৰ বুঢ়া মজ্জিদৰ ওচৰত জালত মেৰিয়াই থকা অৱস্থাত ৰাইজে প্ৰত্যক্ষ কৰে। লগে লগে ৰাইজে বৰপেটা ৰোডৰ বন বিভাগক খবৰ দিয়ে। জানিব দিয়া মতে সাপৰ ওজন প্ৰায় ২০ কিলোগ্ৰাম আৰু দীঘল প্ৰায় ১২ ফুট হব। অজগৰ সাপ টো বানপানীৰ সময়ত অহা বুলি জানিব দিয়ে স্থানীয় ৰাইজে। বৰপেটা ৰোড বনবিভাগক সময়ত উপস্থিত নোহোৱাত অজগৰ সাপটো ৰাইজে কলগাছিয়া থানাত সমজাই দিয়ে।
Read More

বটদ্ৰৱাত ভয়ংকৰ পথ দুৰ্ঘটনা

বটদ্ৰৱাত পথ দুৰ্ঘটনা।গুৰুত্বৰ বাবে আহত হয় দুজন।নগাওঁ ধিং সংযোগী গড়কাপ্তানী পথৰ বটদ্ৰৱা চাইকেল আৰু বাইকৰ মাজত সংঘটিত হৈ দুর্ঘটনাটো।বটদ্ৰৱা পুৰণা বাছ আস্থানৰ ওচৰত সংঘটিত হৈ দুর্ঘটনাটো।ধিঙৰ পৰা নগাওঁ অভিমুখে গৈ থকা AS-02AF-7416নম্বৰৰ বাইক আৰু বিপৰীত দিশৰ পৰা আহি থকা চাইকেলৰ মাজত মুখা-মুখী সংঘৰ্ষৰ ফলত সংঘটিত হৈ দুর্ঘটনাটো।চাইকেল আৰোহি আশ্রফ উদ্দীন আৰু বাইক আৰোহি ইমৰান হুছেইন গুৰুত্বৰ বাবে আহত হয়।আহত দুয়োকে বটদ্ৰৱা ক্ষুদ্ৰ চিকিৎসালয়লৈ নিয়া হয় যদিও দুয়োকে উন্নত চিকিৎসাৰ বাবে নগাওঁলৈ প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে।
Read More