Dipshikha

2347 Posts

বটদ্ৰৱাৰ হাইডুবিৰ পৰা দুই সন্তানসহ নিৰুদ্দেশ মাতৃ

নগাঁও জিলাৰ বটদ্ৰৱাৰ হাইডুবিৰ পৰা নিৰুদ্দেশ হৈছে দুই সন্তানসহ বিলকিছ,নামৰ এগৰাকী মহিলা।হাইডুবি গাঁওৰ নাজিম উদ্দিন,নিজৰ দোকানত থকা সময়ত পত্নী বিলকিছ ৮/১০/২২তাৰিখে দিনৰ আনুমানিক ৪ বজাত নিজৰ ঘৰৰ পৰা ওলাই যায়। বুলি পৰিয়ালৰ লোকে জানিব দিয়ে। সন্ধিয়া দোকানৰ পৰা আহি নাজিম উদ্দিনে,নিজ পত্নী সন্তানক ঘৰত নাপাই সকলো উচৰচুবুৰীয়া আত্মীয়-স্বজনৰ ঘৰত বিচাৰ-সুচাৰ কৰি সন্ধান নোপোৱাত এতিয়া সংবাদমাধ্যমৰ জৰিয়তে আহ্বান জনায় যদি কোনো লোকে এই দুই সন্তানসহ মহিলগৰাকীৰ সন্ধান পায় তেন্তে ৭৮৯৬২৫৩০৩৭নম্বৰত অথবা বটদ্ৰৱা আৰক্ষী থানাত জনাবলৈ অনুৰোধ জনায় বিলকিছৰ স্বামী তথা স্বামীৰ পৰিয়ালৰ লোকে।
Read More

হেমচন্দ্ৰ বৰুৱাক অপমান!

অসমীয়া অভিধান “হেমকোষ” ৷ অসমীয়া জন জীৱনৰ মাইলৰ খুটাঁ হিচাপে জনাজাত অভিধান প্ৰণেতা হেমচন্দ্ৰ বৰুৱাৰ এটা আৱক্ষমূৰ্তি আছে দেৰগাৱত ৷ অসম সাহিত্যসভাৰ দেৰগাৱৰ সমিতিখনে ১৯৭৯ চনত দেৰগাৱঁৰ ৰাজ্যিক পৰিবহন নিগমৰ আস্থানৰ চৌহদত সাহিত্য সভাৰ চিম্বলত স্হাপন কৰিছিল এই বৰেণ্য ব্যক্তিগৰাকীৰ মূৰ্ত্তিটো ৷ কিন্ত জনপ্ৰাণী নোহোৱা পিতনিৰ কাষত থকা মূৰ্ত্তিটো চাফচিকুন কৰিবলৈ আহৰি নাই সাহিত্যসভাৰ কাণ্ডাৰী সকলৰ ৷
Read More

প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণত ব্যাপক দুৰ্নীতি

বৰছলা বিধান সভা সমষ্টিৰ ঐতিহ্যমণ্ডিত চিৰাজুলি সত্ৰ গাঁৱত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে। অতিকৈ দৰিদ্ৰপীড়িত পৰিয়ালৰ নামত আৱন্টিত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণৰ নামত মিস্ত্ৰীয়ে সৰলতাৰ সুযোগ লৈ লক্ষাধিক টকা আত্মসাৎ কৰি পলায়ন কৰা ঘটনাৰ পিছতেই দুৰ্ভগীয়া হিতাধিকাৰীয়ে ঘটনা সন্দৰ্ভত ঢেকিয়াজুলি আৰক্ষী থানাত এজাহাৰ দাখিল কৰি ন্যায় বিচাৰি হাবাথুৰি খাইছে ৷ঘটনা সন্দৰ্ভত উল্লেখ্য যে, বৰছলা সমষ্টিৰ ঐতিহাসিক চিৰাজুলি সত্ৰ গাঁৱৰদীপালী বৰা আৰু ভানু বৰা ৰ নামত দুমাহ পূৰ্বে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আৱন্টন হৈছিল। দিপালী বৰাৰ নামত প্ৰথম কিস্তিৰ ৩২ হাজাৰ টকা আৰু দ্বিতীয় কিস্তিৰ ৪৮ হাজাৰ টকা সোমাইছিল ৷একেদৰে হিতাধিকাৰী ভানু বৰাৰ…
Read More

নুমলীগড়ত লক্ষ্মী পূজাৰ দিনাই বন্যহস্তীৰ জাকে ভাঙি তহিলং কৰিলে কেইবাটাও পৰিয়ালৰ বাসগৃহৰ

নুমলীগড়ত লক্ষ্মী পূজাৰ দিনাই বন্যহস্তীৰ জাকে ভাঙি তহিলং কৰিলে কেইবাটাও পৰিয়ালৰ বাসগৃহৰ লগতে এখন সুলভ মূল্যৰ দোকান ভাঙি খাই অনিষ্ট কৰিলে বহু পৰিমাণৰ চাউল । উৰে নিশা তেলীয়া গাঁও পথাৰ আৰু ঢলাকছাৰী গাঁও পথাৰত পূৱা 6 বজালৈকে খাই গচকী তহিলং কৰে গেৰ মেলা শালি ধানৰ খেতি পথাৰ । ওৰে নিশা উজাগৰে থাকি গাঁওবাসীয়ে খেদিব লগা হৈছে বন্য হস্তী । খবৰ নাই বন বিভাগৰ লোকৰ ।পৰৱৰ্তী সময়ত লয়ক্ষণীয় বিষয় হব বন বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰে।
Read More

মাজুলীৰ শিশুশিল্পী তেজস্বিতা বৰুৱাৰ অকাল মৃত্যুত শোকস্তব্ধ আজি ৰাজ্যবাসী।

শিশুশিল্পী তেজস্বিতা বৰুৱাৰ দৰে মৰ্মান্তিক ঘটনাৰ পুনৰাবৃত্তি নহ'বলৈ ৰাজ্যৰ চিকিৎসা বিভাগৰ উণ্ণতকৰনৰ আহ্বান হাজোত অধিবক্তা চাহিদ চান হ'কৰ।মাজুলীৰ শিশুশিল্পী তেজস্বিতা বৰুৱাৰ অকাল মৃত্যুত শোকস্তব্ধ আজি ৰাজ্যবাসী। শিল্পীগৰাকীৰ মৃত্যু চিকিৎসালয়খনত চিকিৎসকৰ গাফিলতিৰ বাবে হোৱা বুলি অভিযোগ উত্থাপন হৈছে ৰাজ্যৰ বিভিণ্ণ মহলত।সমান্তৰালভাৱে আজি হাজোত অধিবক্তা চাহিদ চান হ'কে প্ৰশ্ন উত্থাপন কৰে যেজিলা পৰ্যায়ৰ এখন চিকিৎসালয়ত অক্সিজেনৰ অভাৱ কেনেকৈ হ'ল বা কিয় পৰ্যাপ্ত চিকিৎসক নাছিল চিকিৎসালয়খনত।যদি অক্সিজেন আছিলেই তেনেহ'লে কিয় মাস্কখন আঁতৰাই দিলে? যাৰ বাবে আজি কনমানি তেজস্বিতাৰ মৃত্যু হ'ল।মুঠতে ৰাজ্যৰ স্বাস্থ্যবিভাগৰ উণ্ণয়নৰ প্ৰয়োজন আছে বুলি উল্লেখ কৰি তেজস্বিতা বৰুৱাৰ দৰে মৰ্মান্তিক হৃদয়বিদাৰ ঘটনাৰ আকৌ পুনৰাবৃত্তি নহ'বলৈ ৰাজ্যৰ চিকিৎসা বিভাগৰ উণ্ণতকৰনৰ আহ্বান জনাই…
Read More

চিৰিজবাৰীৰ চুইজগেটত গা ধুবলৈ গৈ এগৰাকী ছাত্ৰৰ মৃত্যু।

চিৰিজবাৰীৰ চুইজগেটত গা ধুবলৈ গৈ এগৰাকী ছাত্ৰৰ মৃত্যু।মৃত ছাত্ৰ গৰাকী সপ্তম শ্ৰেণীৰ দেৰহাচাত স্বৰ্গীয়াৰী(13) বুলি জানিব পৰা গৈছে।ৰাইজৰ সহযোগত আৰক্ষীয়ে ছাত্ৰ গৰাকীক উদ্ধাৰ কৰি মুছলপুৰ চিকিৎসালয়ত ভৰ্তি কৰে যদিও ছাত্ৰ জনক মৃত ঘোষনা কৰে চিকিৎসকে।মৃত ছাত্ৰগৰাকীৰ সৈতে গা ধুবলৈ অহা আন এগৰাকী ছাত্ৰক জীৱন্তে উদ্ধাৰ কৰে ৰাইজে।মৃত ছাত্ৰ গৰাকীৰ ঘৰ বাক্সাৰ বেতবাৰীত বুলি জানিব পৰা গৈছে।ছাত্ৰ গৰাকীৰ মৃত্যুত অঞ্চলজুৰি শোকৰ ছা পৰিছে।
Read More

লখিমপুৰৰ লালুকত বৃহৎ সংখ্যক গাঞ্জা উদ্ধাৰ

লখিমপুৰৰ লালুকত বৃহৎ সংখ্যক গাঞ্জা উদ্ধাৰপুনৰ বাৰ লালুক আৰক্ষীৰ আন এক সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। আৰক্ষী বিষয়া নয়ন জ্যোতি ডেকাৰ লগতে উপ পৰিদৰ্শক নাচিৰ উদ্দীন খানে চলাই এই অভিযান।গোপন সূত্ৰৰ পম খেদি লালুক বাছষ্টেণ্ডত চিকিমৰ পঞ্জীয়নকৃত SK 08 P 0727 চুইফট গাড়ীত তালাচী চলাই উদ্ধাৰ কৰে প্ৰায় ৩৮ কেজি গাঞ্জা সহ কেইবাটাও মোবাইল ফোন।নাৰায়ণপুৰ কিনাপথাৰৰ ৰাজু দেউৰী আৰু বিহপুৰীয়া কাচিকটাৰ দীপক শ্ৰী বাস্তৱ নাম দুই গাঞ্জা মাফিয়া আটক । নাৰায়ণপুৰ বিহপুৰীয়াৰ পৰা লালুক অভিমুখে আহি থকা অৱস্থাত আটক দুই গঞ্জা মাফিয়া।সম্প্ৰতি লালুক আৰক্ষীয়ে দুই গঞ্জা মাফিয়াক আটক কৰি অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে।
Read More

কলগাছিয়াৰ বলাইপাথাৰ পূব কলগাছিয়া পথ দুৰ্ঘটনা

কলগাছিয়াৰ বলাইপাথাৰ পূব কলগাছিয়া পথ দুৰ্ঘটনা। পঞ্জীয়ন, বীমা আৰু অনুজ্ঞাপত্ৰ বিহীন চালকৰ ই ৰিক্সা পৰিল গৈ খাঐত। স্থানীয় প্ৰশাসনক অবৈধ চালক সকলোৰ বিৰুদ্ধে ব্য উল্লেখযোগ্য যে কলগাছিয়া আৰক্ষী চকীৰ অন্তৰ্গত কলগাছিয়া বলাইপাথাৰ, গুনীয়ালগুৰি এইকেইখন গুৰুত্বপূৰ্ণ পথেৰে সঘনাই চলি থাকে ই ৰিক্সা। খন্তেক পূৰ্বে সংগঠিত হৈছে পথ দুৰ্ঘটনা। বলাই পাথাৰ দিশৰ পৰা কলগাছিয়া অভিমূখে আহি থকা ই-ৰিক্সা নিয়ন্ত্ৰণ হেৰুৱাই পুখুৰীত সোমাই যায়। বাহনখনৰ পঞ্জীয়ন, বীমা পঞ্জীয়ন তথা অনুজ্ঞাপত্ৰ বিহীন চালকৰ ই-ৰিক্সাখনত সঘনাই দুৰ্ঘটনা হোৱা দেখা যায়। ই ৰিক্সাৰ অতপালিত অতিষ্ঠ গঞা ৰাইজ। ই ৰিক্সাৰ চালক সকলোৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা লবলৈ স্থানীয় প্ৰশাসনক দাবী জনায় সচেতন মহলে
Read More

ওৰাং ৰাষ্ট্ৰীয় উদ্যানত মতা গড়ৰ মৃত্যু

ওৰাং ৰাষ্ট্ৰীয় উদ্যানত মতা গড়ৰ মৃত্যু ৷বাৰ্ধক্য জনিত কাৰণত মৃত্যু হৈছে গড়টোৰ ৷উদ্যান খনৰ পিছলামুখ বন শিবিৰ এলেকাত মৃত্যু হৈছে গঁড়টোৰ ।গড়টোৰ বয়স আনুমানিক ৪০-৪৫ বছৰ বুলি জানিব পৰা গৈছে । গঁড়টোৰ উচ্চতা ২ মিটাৰ আৰু দীঘল ৩ মিটাৰত অধিক বুলি জানিব দিছে বন বিভাগে ।বুধবাৰে উদ্যান খনৰ পিছলামুখ বন শিবিৰ এলেকাত বন কৰ্মীয়ে টহল দি থকা অৱস্থাত প্ৰত্যক্ষ কৰে মৃত গঁড়টো । পশু চিকিৎসক বাহাৰুল ইছলাম আৰু ডি, এফ, অ প্রদীপ্ত বৰুৱাই জনোৱা মতে, অতিৰিক্ত বয়স হোৱাৰ বাবেই মৃত্যু হৈছে গঁড়টোৰ । খড়্গকে আদি কৰি সকলো অংগ কুশলে আছে বুলি জানিব দিয়ে বন বিভাগে । বুধবাৰে সন্ধিয়া বন বিভাগৰ…
Read More

শিৱসাগৰত দুৰ্গা পূজাৰ প্ৰস্তুতি

শিৱসাগৰত দুৰ্গা পূজাৰ প্ৰস্তুতি ৩০ ফুট উচ্চতাৰ দশাননৰ সুবিশাল মুখাৰে পূজাৰ মণ্ডপত চমক দিবলৈ সাজু শিৱসাগৰৰ শিল্পী সুজিত বৰুৱা শাৰদীয় দুৰ্গোৎসৱলৈ মাজত মাত্ৰ এটা দিন । ৰাজ্যজুৰি দুৰ্গোৎসৱৰ ব্যাপক প্ৰস্তুতি । প্ৰতিমাত শেষ পৰশ দিয়াত ব্যস্ত মৃৎ শিল্পী । দশাননৰ সুবিশাল মুখাৰে শিৱসাগৰৰ ঐতিহাসিক বাৰোৱাৰী পূজা মণ্ডপত চমক দিব মুখা শিল্পী সুজিত বৰুৱাই ।৩০ ফুট উচ্চতাৰ ৰাৱনৰ প্ৰতিমূৰ্ত্তিৰে পূজাৰ মণ্ডপ সাজু কৰি তুলিছে । সম্পূৰ্ণ থলুৱা সামগ্ৰীৰে শিল্পীগৰাকীয়ে নিৰ্মাণ কৰি উলিয়াইছে ৰাৱনৰ এই সুবিশাল মুখা । উল্লেখ্য যে, এইবাৰ শিৱসাগৰৰ বাৰোৱাৰী দুৰ্গোৎসৱ সমিতিয়ে বৃহৎ পেণ্ডেলৰ পৰিবৰ্তে মুখা শিল্পৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত পূজা মণ্ডপ নিৰ্মাণৰ পৰিকল্পনাৰ পুৰ্ণ প্ৰয়াস । মুখাৰে…
Read More