Dipshikha

2397 Posts

দক্ষিণ কামৰূপৰ লাৰুৱাজানত বন বিভাগৰ অভিযান

দক্ষিণ কামৰূপৰ লাৰুৱাজানত বন বিভাগে অভিযান চলাই মূল্যৱান ফলা শাল কাঠ জব্দ কৰিবলৈ সক্ষম হয়।জানিব পৰামতে বামুণীগাঁৱস্থিত পশ্চিম কামৰূপ বন সংমণ্ডল প্ৰাধিকাৰী কাৰ্যালয়ৰ অন্তৰ্গত গৰৈমাৰীৰ বনৰক্ষী বাহিনীৰ আব্দুল গফুৰ, গিয়াছউদ্দিন আহমেদ আৰু হাসমত আলীয়ে আজি গৰৈমাৰীৰ লাৰুৱাজানত গোপন খবৰৰ ভিত্তিত অতৰ্কিতভাৱে অভিযান চলায়৷ বন বিভাগৰ দলটোৱে লাৰুৱাজানৰ পথৰ দাঁতিৰ পৰা বৃহৎ পৰিমাণৰ অবৈধ ফলা নন শাল কাঠ জব্দ কৰিবলৈ সক্ষম হয়৷ জব্দকৃত ফলা কাঠখিনি গৰৈমাৰীৰ বন বিভাগৰ কাৰ্যালয়লৈ নিয়ে৷
Read More

বৰগোলাইত ড্রাগছ সহ দুজন আটক

বৰগোলাইত ড্রাগছ সহ দুজন আটক নিচাযুক্ত দ্রব্যৰ বিৰোদ্ধে আৰক্ষীৰ তীব্র অভিযান চলি থকাৰ মাজতো ড্রাগছ কানি আদি নিচাযুক্ত দ্রব্য প্রচলন বন্ধ হোৱা নাই । মাৰ্ঘেৰিটাৰ নগৰ গাওঁ সকলোতে এনে নিচা যুক্ত দ্রব্যৰ ব্যাপক প্রচলন হৈ থকাৰ অভিযোগ উত্থাপন হৈ আহিছে ।বন্ধ হোৱা নাই নিচা যুক্ত দ্রব্যৰ সৰবৰাহ , প্রচলন। মাৰ্ঘেৰিটা আৰক্ষী থানাৰ আৰক্ষী বিষয়া প্রতাপ গগৈৰ নেতৃত্বত চলোৱা অভিযান কালত দুজন যুৱকক আটক কৰাৰ লগতে তেওঁ লোকৰ পৰা দুটা চাধা টেমাত ভৰাই থোৱা ড্রাগছ জব্দ কৰিবলৈ সক্ষম হয় । আৰক্ষীয়ে গোপন সুত্রৰ ভিত্তিত মাৰ্ঘেৰিটাৰ উপকণ্ঠ অঞ্চলৰ বৰগোলাই পাণ্ডু ঘাটত আটক কৰে যুৱক দুজনক । আটকাধীন যুৱক দুজন ক্ৰমে দেৱাশীষ মণ্ডল…
Read More

চামগুৰি বৈদ্যুতিক উপ সংমণ্ডল কাৰ্য্যালয়ৰ আজৱ কাণ্ড

চামগুৰি বৈদ্যুতিক উপ সংমণ্ডল কাৰ্য্যালয়ৰ আজৱ কাণ্ড। নিজ মইমতালিৰে বিদ্যুতৰ মাচুল ধাৰ্য্য কৰে কাৰ্যালয়ৰ কৰ্তৃপক্ষই। মিটাৰ ভালদৰে নাছাই দায়িত্বত থকা কৰ্ম্মচাৰীয়ে। যাৰ ফলত বিপদত এজন বিকলাংগ লোক। চামগুৰিৰ সোণাৰী বালিৰ ফাতেমা খাতুন আৰু তেওঁৰ বিকলাংগ স্বামী হাছেম আলিৰ নামত অহা চলিত বৰ্ষৰ অক্টোবৰ আৰু নৱেম্বৰ মাহৰ বিল আহিল অধিক পৰিমাণৰ। মাত্ৰ ৩ টা লাইট আৰু এখন ফেন থকা ফাতেমা খাতুনৰ নামত অহা ২০ হাজাৰ টকাতকৈ বেছি বিল দেখি সৰ্বশান্ত হৈ পৰিছে খুজি মাগি জীৱন চলোৱা হাছেম আলি। পূৰ্বৰে পৰা বিভিন্ন সময়ত বহুকেইজন লোকৰ বিল নিজ মইমতালিৰে ধাৰ্য্য কৰি অহাৰ অভিযোগ চামগুৰি বৈদ্যুতিক উপ সংমণ্ডলৰ কাৰ্য্যালয়ৰ বিৰুদ্ধে।
Read More

বালি মাফিয়াই অবাধে চলাইছে লুণ্ঠন

কাৰ ছত্ৰছাঁয়াত বালি মাফিয়াই অবাধে চলাইছে এই লুণ্ঠন। চকুমুদা কুলিৰ ভাওত বন বিভাগ। উল্লেখযোগ্য যে কলগাছিয়া ৰাজহ চক্ৰ তথা কলগাছিয়া আৰক্ষী থানাৰ আন্তৰ্গত মোৱামাৰী গাঁৱৰ বেঁকী নদীৰ কাষত দিনে নিশাই চলিছে অবৈধ বালি খনন। বনবিভাগৰ বৰপেটা ৰোড সংমণ্ডল আৰু বৰপেটা জিলা প্ৰশাসনক মেনেজ কৰি কেইবা খনো ট্ৰেক্টৰ লগাই এক সপ্তাহ ধৰি এইদৰে খনন কাৰ্য্য চলাই আহিছে বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে। বালি মাফিয়া ক্ৰমে ছলেমান আৰু ফাৰুক অবৈধ ভাৱে খনন কাৰ্য চলাই আহিছে বুলি ৰাইজে জানিব দিয়ে। খনন কাৰ্য চলোৱাটো দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰে ৰাইজে।খনন কাৰ্য চলাই থকাৰ বাবে কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত ইতিমধ্যে মোৱামাৰী,বেচিমাৰী,কাৱৰজাহি,বলাইপথাৰ আদি গাঁও বেকি নদীৰ কবলত…
Read More

দুৰ্নীতিয়ে লগ এৰা নাই অমৰাগুৰি গাওঁ পঞ্চায়তত

মৰিগাঁৱৰ অমৰাগুৰি গাওঁ পঞ্চায়তৰ ৱাৰ্ড সদস্য এমদাদুলৰ লগতে বড়বৰি গাওঁ পঞ্চায়তৰ GPC ইফতিকাৰৰ বিৰুদ্ধে উত্থাপন হৈছে আন এক ভয়ংকৰ দুৰ্নীতিৰ অভিযোগ।দুৰ্নীতিৰয়ে যে লগ এৰা নাই অমৰাগুৰি গাওঁ পঞ্চায়তত। মৰিগাঁও জিলাৰ লাহৰিঘাট উন্নয়ন খণ্ডৰ অমৰাগুৰি গাওঁ পঞ্চায়তৰ ৱাৰ্ড সদস্য এমদাদুলৰ লগতে বড়বৰি গাওঁ পঞ্চায়তৰ GPC ইফতিকাৰ হুচেইনে প্ৰধান মন্ত্ৰী আৱাসগৃহৰ নামত সংঘটিত কৰি আহিছে ভংকৰ দুৰ্নীতি । এই অভিযোগ আমাৰ নহয়। এই অভিযোগ উত্থাপন কৰি আহিছে। অমৰাগুৰি গাওঁ পঞ্চায়তৰ দৰিদ্ৰ হিতাধিকাৰিয়ে।এতিয়া চৰকাৰ তথা বিভাগীয় কৃতপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় বিষয় হ'ব।
Read More

সাপটগ্ৰাম ভেৰভেৰীত ভয়ংকৰ পথ দুৰ্ঘটনা।

সাপটগ্ৰাম ভেৰভেৰীত ভয়ংকৰ পথ দুৰ্ঘটনা।যাত্ৰীবাহী তিনি চকীয়া অটো আৰু মটৰ চাইকেল মাজত সংঘৰ্ষ হয় আৰু আহত হয় এজনলোক। সাপটগ্ৰাম আৰক্ষী চকীৰ অন্তৰ্গত ভেৰভেৰীত সংগঠিত হৈছে এই পথ দুৰ্ঘটনাটো।অটো আৰু বাইকৰ মাজত সংঘৰ্ষ হৈ সংগঠিত হয় এই পথ দুৰ্ঘটনাটো।দুৰ্ঘটনা হোৱা অটো গাড়ী খনৰ নম্বৰ হৈছে AS17B 8638, আৰু মটৰ চাইকেল খনৰ নম্বৰ AS 17 M 6753 বুলি জনা গৈছে।দুৰ্ঘটনাত গুৰুতৰ ভাবে আহত হয় বাইক আৰোহীজন ।বাইক আৰোহীজনক ততাতৈয়াকৈ সাপটগ্ৰাম অসামৰিক চিকিৎসালৈ প্ৰেৰণ কৰে যদিও অবস্থা অধিক সংকট হোৱাত বঙাইগাঁও চিকিৎসালৈ প্ৰেৰণ কৰে। আহত ব‍্যক্তিজনৰ অৱস্থা অতিকৈ সংকটজনক বুলি জানিব পৰা গৈছে।গুৰুতৰভাৱে আহত হোৱা ব‍্যক্তিজন সাপটগ্ৰামৰ শিলবাৰী গাওঁৰ আমিৰ আলীৰ পুত্ৰ আতানুৰ…
Read More

Assam State Open School পৰীক্ষা কেলেংকাৰী

Assam State Open School পৰীক্ষা কেলেংকাৰী । সমগ্ৰ ৰাজ্যৰ লগতে বিলাসীপাৰা মহকুমাৰ অন্তৰ্গত বৰকান্দা পিপলচ একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়তো চলি আছে Assam State Open School পৰীক্ষা । পৰীক্ষা কেন্দ্ৰ খনত সহশ্ৰাধিক পৰীক্ষাৰ্থীয়ে পৰীক্ষা দি আছে যদিও পৰীক্ষাৰ্থী সকলে মোৱাইল ফোনৰ সহায় লৈ পৰীক্ষা সমাপন কৰি আছে আৰু য'ত নেকি তেওঁলোকক সহায়ৰ হাত আগবঢ়াই আছে কিছু নিৰ্দিষ্ট সংখ্যক ব্যক্তিয়ে। ইয়াৰ খবৰ পাই আৰক্ষীৰ উচ্চ পদস্থ বিষয়া এগৰাকীয়ে নয়াহাট আৰক্ষীক লগতলৈ পৰীক্ষা কেন্দ্ৰ খনত তালাচী চলাই ১৭ জন পৰীক্ষাৰ্থীক থানালৈ লৈ আহে । তেওঁলোকৰ মোৱাইলত পৰীক্ষা সংক্ৰান্তীয় কিছু আপত্তিজনক তথ্য উদ্ধাৰ হয় আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত বিদ্যালয় খনৰ প্ৰাক্তন অধ্যক্ষ আৰু তেওঁৰ ল'ৰাক…
Read More

পথ নিৰ্মাণৰ দাবীত চিলাপথাৰত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ উত্তাল প্ৰতিবাদ।

পথ নিৰ্মাণৰ দাবীত চিলাপথাৰত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ উত্তাল প্ৰতিবাদ।ধেমাজি জিলাৰ চিলাপথাৰ স্থিত লোকনিৰ্মান বিভাগৰ জোনাই টেৰিটৰিয়েল পথ সংমণ্ডল, কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়ৰ সন্মুখত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ ধেমাজি জিলা ও চিলাপাথৰ আঞ্চলিক সমিতিৰ বিষয়ববীয়া সকলে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ।বছৰ বছৰ ধৰি জৰাজীৰ্ণ অৱস্থাত থকা চিলাপথাৰ আৱৰ আলি পথ নিৰ্মাণৰ দাবীত আজি অভিযন্তাৰ কাৰ্যালয় ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে ও অভিযন্তাৰ জৰিয়তে জিলা উপায়ুক্ত লৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰি ১৪ দিনৰ ভিতৰতে নিৰ্মাণৰ সবিশেষ উত্তৰ বিচাৰে। অন্যথা পুনৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব বুলি সংবাদ মাধ্যমৰ আগত অৱগত কৰে পৰিষদৰ কেন্দ্ৰীয় সভাপতি উজ্জ্বল কুমাৰ চুতীয়াই।
Read More

শিৱসাগৰৰ ৰাজপথত পুনৰ জ্বলিল টায়াৰ

শিৱসাগৰৰ ৰাজপথত পুনৰ জ্বলিল টায়াৰআজি ৬ জনগোষ্ঠীক জনজাতি কৰণৰ দাবীত অসম বন্ধ ছয় জনগোষ্ঠীয় যৌথ মঞ্চ।অসমৰ বন্ধৰ প্ৰভাৱ বৰ্তমান লৈকে শিৱসাগৰত সৰ্বাত্মক।ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত ১২ ঘন্টীয়া অসম বন্ধ ।শিৱসাগৰৰ বিভিন্ন স্থানত টায়াৰ জ্বলাই বিক্ষোভ প্ৰদৰ্শন বন্ধ সমৰ্থকৰ।শিৱসাগৰৰ দৰিকাপাৰ, জয়সাগৰ ,ভটিয়াপাৰ , ৰংঘৰ চাৰিআলি,চেৰেকাপাৰকে ধৰি বিভিন্ন স্থানত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত সংগঠন কেইটাৰ হয় ছয় জনগোষ্ঠীৰ যৌথ মঞ্চই আহ্বান জনোৱা ১২ ঘন্টিয়া অসম বন্ধৰ প্ৰভাৱ সৰ্বাত্মক ৰূপ পৰিলক্ষিত হোৱা দেখা গৈছে । জিলাখনৰ দোকান - পোহাৰ, চৰকাৰী,বে-চৰকাৰী, স্কুল, কলেজ সকলো বন্ধ হৈ পৰিছে। বন্ধৰ প্ৰভাৱে জন জীৱন স্তব্ধ হৈ পৰা পৰিলক্ষিত হৈছে । কেইখনমান ব্যক্তিগত বাহনৰ বাদে চৰকাৰী যান-বাহন সকলো…
Read More

মায়ঙৰ ঠেংভাঙা হাতীগঁড় অবৈধ বালি মহল সমূহ বন্ধৰ দাবী ৰাজপথলৈ শ শ পুৰুষ মহিলা।

মায়ঙৰ ঠেংভাঙা হাতীগঁড় অবৈধ বালি মহল সমূহ বন্ধৰ দাবী ৰাজপথলৈ শ শ পুৰুষ মহিলা। মায়ঙৰ ঠেং ভঙ্গা হাতীগঁড় বালি কোৱাৰিত ৰাইজৰ হাথোৰা।বন বিভাগে কৰিব নোৱাৰা কাম কৰি দেখালে স্হানীয় গঞা ৰাইজে। এফালৰ পৰা ভাঙি তচনচ কৰি গৈছে অবৈধ ভাবে তৈয়াৰ কৰা বালি কোৱাৰিৰ সমুহ।উল্লেখযোগ্য যে মৰিগাঁও জিলাৰ মায়ঙৰ ঠেং ভঙ্গা হাতীগঁড় আদি অঞ্চলত চৰকাৰী তথ্য মতে কোনো বালি মহল নাই কিন্তু বন বিভাগক মেনেজ কৰি অফেঞ্চ ৰয়েল্টিৰ মাধ্যম হিচাপে লৈ বন বিভাগৰ ছত্ৰছায়াত অবৈধ ভাবে গঢ় লৈ উঠা একাংশ বালি মহলৰ বাবে এক আতংকময় বিপদ সংকুল পৰিবেশ সৃষ্টি হোৱাত গাঁৱৰ ৰাইজ অতিষ্ঠ হৈ ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ন কৰে। মৰিগাঁও জিলা বন…
Read More