Dipshikha

2398 Posts

কাছাৰৰ কালাইনত জব্দ বৃহৎ পৰিমাণৰ চোৰাং কাঠ

কাছাৰৰ কালাইনত জব্দ বৃহৎ পৰিমাণৰ চোৰাং কাঠ ৷ গুৱাহাটীৰ পৰা অহা ভিজেলেন্সৰ দলৰ অভিযানত জব্দ হল 180 cft চোৰাং কাঠ ৷ কালাইন বনবিভাগৰ ৰহস্যজনক ভূমিকা ৷ কাছাৰৰ কালাইনত এখন দোকানত অভিযান চলাই ভিজেলেন্সৰ দলে জব্দ কৰিলে বৃহৎ পৰিমাণৰ চোৰাং কাঠ ৷ গোপন সূত্ৰৰ ভিত্তিত গুৱাহাটীৰ পৰা অহা দলটোৱে অভিযান চলাই জব্দ কৰিলে প্ৰায় 180 CFT চোৰাং কাঠ ৷ অবশ্যে অভিযানৰ উমান পাই পলায়ন কৰে দোকানৰ গৰাকীয়ে ৷ উল্লেখ কালাইন বনবিভাগৰ সহযোগত দীৰ্ঘদিনৰ পৰা কালাইন অঞ্চলত চলি আহিছে চোৰাং কাঠৰ অবৈধ বেহা ৷ চোৰাং কাৰবাৰী সকলৰ লগত গোপন বুজাবুজিৰে কালাইন ফৰেষ্ট ৰেঞ্জৰ ৰেঞ্জাৰ পংকজ কুমাৰে চলাই আহিছে এই অবৈধ বেহা বুলি…
Read More

মাৰ্ঘেৰিটা আৰক্ষী থানাৰ অন্তৰ্গত বাবুল হ’ল চাৰিআলি সমীপস্থ ৩১৫ নং ৰাষ্ট্ৰীয় ঘাই পথত দুৰ্ঘটনা

মাৰ্ঘেৰিটা আৰক্ষী থানাৰ অন্তৰ্গত বাবুল হ'ল চাৰিআলি সমীপস্থ ৩১৫ নং ৰাষ্ট্ৰীয় ঘাই পথত দুৰ্ঘটনা । As23 u 9997 নম্বৰৰ ডাষ্টাৰ আৰু AS Aa23ad 9564 নম্বৰৰ চুইফট গাড়ীৰ মাজত মুখামুখী সংঘৰ্ষ হয় । তীব্ৰগতিত খুণ্ডা মৰাৰ ফলত দুয়োখন গাড়ীৰ বিস্তুৰ ক্ষতি সাধন হয় । গাড়ীৰ এয়াৰ বেগ ওলাই যোৱাৰ ফলত চালকসহ আৰোহী গুৰুতৰ ভাৱে আঘাটপ্ৰাপ্ত হোৱাৰ পৰা ৰক্ষা পৰে।
Read More

পলমকৈ বিদ্যালয়ত উপস্থিত হোৱা পাল চাৰক ৰাইজে দিলে এসেকা

বিশ্বনাথত শিক্ষকৰ বিলৈ। পলমকৈ বিদ্যালয়ত উপস্থিত হোৱা পাল চাৰক ৰাইজে দিলে এসেকা।বিশ্বনাথ জিলাৰ বিশ্বনাথ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত ১নং শামুকজুলি প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক বিপ্লৱ পাল। পাল চাৰৰ দিন বেয়া আছিল।দীৰ্ঘদিন ধৰি বিদ্যালয়ত নিয়মীয়াভাৱে উপস্থিত নথকাৰ লগতে বহু পলমকৈ উপস্থিত হয় বিদ্যালয়ত।ৰাইজে বাৰম্বাৰ সময়মতে বিদ্যালয়ত উপস্থিত হবলৈ অননয় বিনয় কৰিছিল যদিও ৰাইজৰ অনুৰোধক গুৰুত্ব প্ৰদান কৰা নাই পাল চাৰে।যাৰ বাবে শুকুৰবাৰে ১১বজাত পাল চাৰ বিদ্যালয়লৈ আহি থকা অৱস্থাত ৰাইজে আগভেটি ধৰি উভতাই দিয়ে পাল চাৰক। লগে উক্ত স্থানত সংবাদ মাধ্যমৰ লোক উপস্থিত হোৱাত সংবাদ মাধ্যমৰ লোকক দেখি তৰা নৰা চিঙি পাল চাৰে মাৰিলে দৌৰ । পিছে সাংবাদিকে পলমকৈ…
Read More

পুনৰ বিৰ্তকত সোমাই পৰিল মৰিগাঁও বিধায়ক ৰমাকান্ত দেউৰী।

পুনৰ বিৰ্তকত সোমাই পৰিল মৰিগাঁও বিধায়ক ৰমাকান্ত দেউৰী।সদৌ তিৱা যুৱ ছাত্ৰ পৰিষদৰ মুকলি সভাত ভাষণৰ মাজতে বিধায়ক ৰমাকান্ত দেউৰী বিস্ফোৰক মন্তব্য।।মুকলি সভাত জনজাতি ৰাইজক হিংসাত্মক কাম কৰাৰ বাবে উচতনিআমাৰ ভূমিপুত্ৰ সকলে ফৰেষ্টৰ মাটি দখল কৰি বহি থাকিলে জোৰ জবৰদস্তি উঠাই দিয়ে।গতিকে এইবাৰ উঠাব আহিলে ফৰেষ্টৰ মানুহক দা জাঠি লৈ টুকুৰা টুকুৰী কৰি কাটি দিবি।। এই মন্তব্য কৰে তিৱা যুব পৰিষদৰ প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাত। বিশেষকৈ তিৱা মহিলা সকলক উদ্দেশ্য কৰি এই মন্তব্য মৰিগাঁও জন প্ৰতিনিধি গৰাকীয়ে।
Read More

সাপটগ্ৰাম নগৰত ভাৰতীয় জনতা পাৰ্টীৰ বিশাল ৰথ যাত্ৰা।

সাপটগ্ৰাম নগৰত ভাৰতীয় জনতা পাৰ্টীৰ বিশাল ৰথ যাত্ৰা।কংগ্ৰেছৰ পিছত এইবাৰ ভাৰতীয় জনতা পাৰ্টীৰ ৰথ যাত্ৰা। আজাদিকা অমৃতকা মহাউৎসৱৰ লগত সংগতি ৰাখি ভাৰতীয় জনতা পাৰ্টীয়ে উলিয়ালে এক বিশাল ৰথ যাত্ৰা। এই যাত্ৰাত উপস্থিত থাকে ধুবুৰী জিলাৰ পূব সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি , অনুসুচিত জাতি মৰ্চাৰ সভাপতি সম্পাদক,সাপটগ্ৰাম মণ্ডলৰ সভাপতি সম্পাদক লগতে সাপটগ্ৰাম নগৰ মণ্ডলৰ চেয়াৰ পাৰছেন ,ওৱাড কমিশ্যনৰ , মহিলা মৰ্চা, অনুসূচিত জনজাতিৰ মৰ্চা আৰু লগতে কেইবা শতাধিক ৰাইজ। গোলগঞ্জৰ পৰা এই যাত্ৰা আৰম্ভ হৈছে আৰু শদিয়া লৈ এই যাত্ৰা চলিব বুলি মন্তব্য কৰে। গৌৰীপুৰৰ পৰা সাপটগ্ৰামলৈ ৩৫কিলোমিটাৰ যাত্ৰাৰ অন্তত সাপটগ্ৰাম বজাৰ দুৰ্গা মন্দিৰত এখন "গাঁও সম্পৰ্ক অভিযান"বাবে এখন সাধাৰণ…
Read More

হিমন্ত বিশ্ব শৰ্মাই বিভাজনৰ বীজ সিঁচিব খুজিছে -আব্দুল খালেকে

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চৰ চাপৰি মাটি পাট্টা সন্দৰ্ভত সাংবাদিকৰ আছুতীয়া সাক্ষাৎকাৰত বৰপেটা সাংসদ আব্দুল খালেকে মন্তব্য কৰে যে হিমন্ত বিশ্ব শৰ্মাই বিভাজনৰ বীজ সিঁচিব খুজিছে।মাজুলীত যদি তিনি পুৰুষ ধৰি বাস কৰা মানুহে পট্টা পাব পাৰে তেনেহলে চৰ অঞ্চলৰ মানুহেও পাব লাগিব।মাটিৰ পট্টাৰ ক্ষেত্ৰত কোনো ধৰনৰ বৈষম্য কৰা উচিত নহয় যিহেতু চৰ অঞ্চল অসমৰ অবিছেদ্য। চৰৰ ৰাইজেও যিসকলে তিনি পুৰুষ ধৰি বসবাস কৰি আহি আছে তেওঁলোকে পট্টা পোৱা উচিত।বৰ্তমান মূখ্যমন্ত্ৰী নিজৰ মন মগজুত যি আহে সেই মতেই সেচ্ছাচাৰ চলাই আছে, যিটো সঠিক কথা নহয়।বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও ৰাহুল গান্ধীক নিজৰ নেতা মানিছিল, ৰাহুল গান্ধীৰ প্ৰশংসা কৰিছিল।এতিয়া তেখেতে দুৰ্নীতিৰ…
Read More

দুৰ্নীতিৰ তথ্য বিচৰাই কাল হ’ল দুই যুৱকৰ।

ধুহিবালা পঞ্চায়তৰ দুৰ্নীতিৰ তথ্য বিচৰাই কাল হল দুই যুৱকৰ।পঞ্চায়তৰ চৌহদতে দুই যুৱকক হত্যাৰ চেষ্টা পঞ্চায়তৰ ৱাৰ্ড মেম্বৰৰ। এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে ধুহিবালা গাঁও পঞ্চায়তত ।দুৰ্নীতিৰ তথ্য বিচৰা বাবেই দুই যুৱকক হত্যাৰ চেষ্টা চলালে পঞ্চায়ত খনৰ ৱাৰ্ড মেম্বৰ লগতে পৰিয়াল বৰ্গই ।আইনাল হক আৰু ওৱাচিল হক নামৰ যুৱক দুজনক ধুহিবালা গাঁও পঞ্চায়তৰ ৱাৰ্ড মেম্বৰৰ মফুল হকৰ গুণ্ডা বাহিনীয়ে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন কৰিছে ।তথ্য জনাৰ অধিকাৰৰ জৰিয়তে পঞ্চায়ত খনৰ দুৰ্নীতিৰ তথ্য বিচৰা বাবে এনেদৰে ভয়াবহ আক্ৰমণ কৰে দুই যুৱকক ।পঞ্চায়ত খনৰ মেম্বৰ মফুল হক ৰ গুণ্ডা বাহিনীয়ে দুই যুৱকক পঞ্চায়ত খনৰ চৌহদতে হত্যা কৰাৰ চেষ্টা চলাই বুলি অভিযোগ তোলে দুই…
Read More

বিজেপিৰে দুগৰাকীকৈ ওৱাৰ্ড কমিচনাৰক সদস্য পদৰ পৰা বহিষ্কাৰ

সুদ শাসক বিজেপিৰে দুগৰাকীকৈ ওৱাৰ্ড কমিচনাৰক আজি দলৰ ৰাজ্যিক নেতৃত্বই প্ৰাথমিক সদস্য পদৰ পৰা বহিষ্কাৰ কৰে৷ অভয়াপুৰী পৌৰসভাৰ এই দুগৰাকী ওৱাৰ্ড কমিচনাৰ হ’ল প্ৰবীণ দাস আৰু সৰযূ দেৱী৷ বিৰোধী দলৰে মিতিৰালি কৰি পৌৰসভা ভংগৰ ষড়যন্ত্ৰ ৰচাৰ গুৰুতৰ অভিযোগত দলে এই কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰে৷শাসক বিজপিৰ পৰাই অভয়াপুৰী পৌৰসভাৰ আসন লাভ কৰা ৫নং আৰু ৬নং ওৱাৰ্ডৰ দুই কমিচনাৰ ক্ৰমে সৰজু দেৱী আৰু প্ৰবীণ দাসক দলৰ প্ৰাথমিক সদস্য পদৰ পৰাই বহিষ্কাৰ কৰে শীৰ্ষ নেতৃত্বই৷ দলটোৰ ৰাজ্যিিক সভাপতি ভৱেশ কলিতাই আজি এক বিবৃতিযোগ এই নিৰ্দেশ জাৰি কৰে৷ বিৰোধীৰে লগ লাগি বিজেপিৰ দখলত থকা অভয়াপুৰী পৌৰসভাৰ পৌৰপতিক ওফৰোৱাৰ ষড়যন্ত্ৰত লিপ্ত হোৱাৰ অভিযোগত এই চৰম…
Read More

কলগাছিয়াৰ বালিকুৰী অঞ্চলত চুৰৰ চাফাই অভিযান

কলগাছিয়াৰ বালিকুৰী অঞ্চলত চুৰৰ চাফাই অভিযান। একে নিশাই তিনিটা ঘৰত চুৰি কাণ্ড সংঘটিত হয়।কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বালিকুৰী অঞ্চলৰ ৰুভি, চানপুৰ গাঁওত নিশা সংঘটিত হয় তিনিটাকৈ ঘৰত চুৰি কাণ্ড। জানিব পৰা মতে সুনাপুৰগাঁও পঞ্চায়তৰ ৰুভি গাঁওৰ ছাইফুল ইছলাম, চানপুৰ গাঁওৰ আব্দুছ ছালাম, আৰু আনোৱাৰা বিধৱাৰ ঘৰত যোৱা নিশা চুৰি কাণ্ড সংঘটিত হয়।চুৰে তিনিওটা ঘৰতে একে পদ্ধতিৰে চুৰি কাৰ্য সম্পন্ন কৰে। সকলো কেইটা ঘৰত চুৰে সিন্ধি খান্দি ভিতৰত সুমুৱাই ঘৰৰ সকলো ধৰনৰ সামুগ্ৰীৰ লগতে টেবুলো লৈ যায়।ঘৰৰ গৰাকীয়ে ঘৰত চুৰি কাণ্ড সংঘটিত হোৱা বুলি জানিব পাৰি ঘৰখনত হুৱা-ধোঁৱা পৰিবেশৰ সৃষ্টি হয়। লগতে চুৰি হোৱা টেবুলখন ওচৰৰে পথাৰত তলা ভঙা অৱস্থাত প্ৰত্যক্ষ…
Read More

দক্ষিণ শালমাৰাত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত ব্যাপক কেলেংকাৰী ৷

দক্ষিণ শালমাৰাত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত ব্যাপক কেলেংকাৰী ৷তদন্তৰ বাবে উপস্থিত গুৱাহাটীৰ পৰা অহা গ্ৰামোন্নয়ন বিভাগৰ এটা তদন্তকাৰী দল।চতুৰ্দশ বিত্তীয় আয়োগ আঁচনি ৰূপায়ণত ব্যাপক দুৰ্নীতিৰ অভিযোগ ৷ কাম নকৰাকৈ আঁচনিৰ ধন আত্মসাত কৰাৰ অভিযোগ পঞ্চায়তৰ সভাপতি আৰু সচিবৰ বিৰুদ্ধে ।দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ দক্ষিণ শালমাৰা উন্নয়ন খণ্ডৰ অন্তৰ্গত টুমনী গাওঁ পঞ্চায়তত চতুৰ্দশ বিত্তীয় আয়োগ আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰি কেইমাহমান পূৰ্বে দক্ষিণ শালমাৰা মানকাচৰ জিলা পৰিষদৰ মুখ্য কাৰ্য্যবাহী বিষয়াৰ লগতে পঞ্চায়ত আৰু গ্ৰামউন্নয়ন বিভাগৰ Commissionerক এখন অভিযোগ দাখিল কৰিছিল ৰাইজে ৷উক্ত অভিযোগৰ ভিত্তিত কেইমাহমান পূৰ্বে দক্ষিণ শালমাৰা মানকাচৰ জিলা পৰিষদৰ মুখ্য কাৰ্য্যবাহী বিষয়া ফজলুৰ ৰহমান লস্কৰে…
Read More