24
Jul
বাংলাদেশৰ ৰাজধানী ঢাকাত সংঘটিত হোৱা এক কৰুণ বিমান দুৰ্ঘটনাত কমেও ২৭ জন লোকৰ মৃত্যু হোৱাৰ লগতে ১৭০ জনতকৈ অধিক লোক আহত হোৱাৰ পৰিপ্ৰেক্ষিতত ভাৰতে ভুক্তভোগীসকলৰ চিকিৎসাৰ ক্ষেত্ৰত সহায়ৰ বাবে চিকিৎসা বিশেষজ্ঞৰ এটা দল প্ৰেৰণ কৰি সহায়ৰ হাত আগবঢ়াইছে। সোমবাৰে প্ৰকাশ পোৱা এক আনুষ্ঠানিক বিবৃতিত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়(এমইএ)-এ ঘোষণা কৰিছে যে, “প্ৰয়োজনীয় চিকিৎসা সহায়ৰ সৈতে জুইয়ে পোৰা সমস্যাৰ অভিজ্ঞতাৰে পুষ্ট বাৰ্ন-স্পেচিয়েলিষ্ট চিকিৎসক আৰু নাৰ্ছৰ এটা দলে ভুক্তভোগীসকলৰ চিকিৎসাৰ বাবে অচিৰে ঢাকালৈ যাত্ৰা কৰিব।” মন্ত্ৰালয়ে লগতে কয় যে, “চিকিৎসা কৰ্মীৰ দলটোৱে আহতসকলৰ অৱস্থাৰ বুজ ল’ব আৰু প্ৰয়োজন হ’লে ভাৰতত অধিক বিশেষ চিকিৎসা আৰু যত্নৰ পৰামৰ্শ দিব।” বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয় লগতে উল্লেখ কৰে…
