19
Aug
টাটা মটৰ্ছে চাউথ ইণ্ডিয়ান বেংকৰ সৈতে অংশীদাৰিত্ব কৰি কৰ্তৃত্বপ্ৰাপ্ত যাত্ৰীবাহী বৈদ্যুতিক বাহন ডিলাৰৰ বাবে একচেটিয়া বিশেষ বিত্তীয় কাৰ্যসূচী আগবঢ়াইছে আৰু সকলো গ্ৰাহকক বিস্তৃত খুচুৰা বিত্তীয় সমাধান আগবঢ়াইছে। এই অংশীদাৰিত্বৰ বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে টাটা মটৰ্ছৰ পেচেঞ্জাৰ ভেহিকেলছ লিমিটেডৰ ছিনিয়ৰ জেনেৰেল মেনেজাৰ – নেটৱৰ্ক মেনেজমেণ্ট এণ্ড ইভি চেলছৰ ৰমেশ দোৰাইৰাজন আৰু চাউথ ইণ্ডিয়ান বেংকৰ ট্ৰেন্সজেকচন বেংকিং গ্ৰুপৰ মুৰব্বী প্ৰবীণ জয়ে। এই অংশীদাৰিত্ব সন্দৰ্ভত উল্লেখ কৰি টাটা মটৰ্ছ পেচেঞ্জাৰ ভেহিকেলছ লিমিটেডৰ জ্যেষ্ঠ মহাপ্ৰবন্ধক – নেটৱৰ্ক মেনেজমেণ্ট এণ্ড ইভি চেলছৰ ৰমেশ দোৰাইৰাজনে কয় যে, “ভাৰতত ই ভি গ্ৰহণ কৰাটো আমাৰ ৰণনীতিৰ এক অবিচ্ছেদ্য অংশ আৰু আমি ইয়াৰ সৈতে সংযোজিত সহযোগী সকলক পাই সুখী।…
