কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত কৰ্তব্যৰত অৱস্থাতে গঁড়ৰ আক্ৰমণত ৰক্তাক্ত হ’ল এজন বনকৰ্মী। শনিবাৰে উদ্যানখনৰ সুৰক্ষাত নিয়োজিত এগৰাকী কৰ্মী গঁড়ৰ আকস্মিক আক্ৰমণত গুৰুতৰভাৱে আহত হোৱা ঘটনাই বন্যপ্ৰাণী সুৰক্ষা কৰ্মীসকলৰ মাজত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। নিজৰ জীৱন তুচ্ছ কৰি অৰণ্যৰ ভিতৰত টহল দি থকাৰ সময়তে সংঘটিত এই দুৰ্ভাগ্যজনক ঘটনাই এতিয়া সকলোৰে মনত উদ্বেগৰ সৃষ্টি কৰিছে।
উদ্যানখনৰ কহঁৰা বনাঞ্চলৰ অন্তৰ্গত নৰমৰা বন শিবিৰ এলেকাত এই ঘটনাটো সংঘটিত হয়। জানিব পৰা মতে, প্রতিদিনৰ দৰে সতীৰ্থ বনকৰ্মীৰ সৈতে অৰণ্যৰ ভিতৰত টহল দি থকাৰ সময়তে হঠাৎ এটা গঁড়ে বনকৰ্মী তুলাৰাম গগৈক আক্ৰমণ কৰে। গঁড়টোৰ খুন্দাত তেওঁ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।
আহত বনকৰ্মীগৰাকীক লগে লগে উদ্ধাৰ কৰি কহঁৰা মডেল হাস্পতালত প্ৰাথমিক চিকিৎসা প্ৰদান কৰা হয়। কিন্তু তেওঁৰ স্বাস্থ্যৰ অৱস্থা সংকটজনক হোৱাৰ বাবে উন্নত চিকিৎসাৰ উদ্দেশ্যে যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। বৰ্তমান চিকিৎসালয়খনত তেওঁৰ চিকিৎসা চলি আছে।
