জঘন্য কাণ্ড! ই-ৰিক্সা চালকক জিপচীৰ বনেটত তুলি ২৫০ মিটাৰ চোঁচৰালে পাষণ্ডই

এজন ই-ৰিক্সা চালকক খুন্দা মাৰি গাড়ীৰ বনেটত উঠাই ২০০ মিটাৰ পৰ্যন্ত টানি লৈ গ’ল এজন জীপচী চালকে। উত্তৰ প্ৰদেশৰ ৰামপুৰ জিলাত সংঘটিত এই ভয়ংকৰ কাণ্ডৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছতে এতিয়া দেশজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। জীপচী চালকজনে প্ৰথমে খুন্দা মাৰে ই-ৰিক্সা চালকক আৰু এই প্ৰচণ্ড খুন্দাত চিটিকি জীপচীখনৰ বনেটত পৰা চালকজনক তীব্ৰ বেগেৰে ১৫ মিনিট ধৰি ঘূৰাই ফুৰে পাষণ্ড চালকজনে। ঘটনাৰ বিৱৰণি অনুসৰি, ৰামপুৰৰ হাইৱেস্থিত পেটেল চ’কৰ ওচৰত আজি পুৱা প্ৰায় ১১ বজাত এই শিহৰণকাৰী ঘটনা সংঘটিত হয়। তীব্ৰবেগী জিপচীখনৰ খুন্দাত ই-ৰিক্সাখন ওলট খাই পৰে আৰু চালকজনৰ নাক-মুখেৰে তেজ ওলাই গুৰুতৰভাৱে আহত হয়। দুৰ্ঘটনাৰ পিছত অভিযুক্তই পলাই যাবলৈ চেষ্টা কৰাৰ সময়ত আহত ই-ৰিক্সা চালকজনে সাহস গোটাই গাড়ীখনৰ সন্মুখত থিয় হৈ বাধা দিবলৈ চেষ্টা কৰে। কিন্তু চালকজনে গাড়ীখন নৰখাই গতিবেগহে বঢ়াই দিয়ে।

ইয়াৰ ফলত চালকজন উফৰি গৈ জিপচীখনৰ বনটত পৰে আৰু প্ৰাণৰ মমতাত তাতেই ওলমি থাকে। এই দৃশ্য দেখি প্ৰত্যক্ষদৰ্শীসকলে চিঞৰ-বাখৰ কৰি গাড়ীখনৰ পিছ লয় যদিও অভিযুক্ত যুৱকজনে কেতিয়াবা গাড়ীখন ঘূৰাই আৰু কেতিয়াবা গতি বঢ়াই মানুহজনক পেলাই দিবলৈ চেষ্টা কৰে। প্ৰায় ১৫ মিনিট ধৰি চলা এই জঘন্য কাণ্ডৰ পিছত একাংশ লোকে আগভেটি ধৰাতহে অভিযুক্তই জিপচীখন ৰখাবলৈ বাধ্য হয়। কোতৱালী আৰক্ষীয়ে ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈ অভিযুক্ত জিপচী চালকজনক গ্ৰেপ্তাৰ কৰিছে। আহত ই-ৰিক্সা চালকজনক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে আৰু তেওঁৰ অৱস্থা বৰ্তমান সুস্থিৰ বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে ইতিমধ্যে অভিযুক্তৰ বিৰুদ্ধে যাৱতীয় গোচৰ ৰুজু কৰি সমগ্ৰ বিষয়টোৰ তদন্ত আৰম্ভ কৰিছে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *