ভাৰতৰ বিশ্বকাপ দলত স্থান লাভ অসমৰ উমা ছেত্ৰীৰ

মহিলা এদিনীয়া বিশ্বকাপৰ পূৰ্বে ডাঙৰ আঘাতৰ সন্মুখীন হ’বলগীয়া হৈছে টিম ইণ্ডিয়া। আঁঠুৰ আঘাতৰ বাবে বাহিৰ হ’ল উইকেটকীপাৰ-বেটছমেন যস্তিকা ভাটিয়া। তেওঁ আইচিচি প্ৰতিযোগিতাৰ পূৰ্বে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এদিনীয়া শৃংখলাও খেলিব নোৱাৰিব। যস্তিকাৰ ঠাইত উমা ছেত্ৰীয়ে দলত স্থান লাভ কৰে। অহা ৩০ ছেপ্টেম্বৰৰ পৰা ভাৰত আৰু শ্ৰীলংকাত অনুষ্ঠিত হ’বলগীয়া বিশ্বকাপত গুৱাহাটীত শ্ৰীলংকাৰ বিৰুদ্ধে অনুষ্ঠিত হ’ব টিম ইণ্ডিয়াৰ প্ৰথমখন খেল। প্ৰতিযোগিতাখনত ৮টা দলে অংশগ্ৰহণ কৰিব। প্ৰতিটো দলে গ্ৰুপ পৰ্যায়ত ৭খন খেল খেলিব।

বৰ্তমান বিশাখাপট্টনমত অনুষ্ঠিত হ’বলগীয়া বিশ্বকাপৰ বাবে সাজু হৈছে টিম ইণ্ডিয়া। এই শিবিৰত অনুশীলনৰ সময়ত যস্তিকা আঁঠুত আঘাত পাইছিল। তেওঁৰ ঠাইত ২৩ বছৰীয়া উমা ছেত্ৰীয়ে অষ্ট্ৰেলিয়া আৰু বিশ্বকাপৰ দলত অংশগ্ৰহণ কৰে। ভাৰতৰ হৈ ৭ খন টি-২০ খেলিছে ছেত্ৰী, এতিয়ালৈকে এদিনীয়াত অভিষেক ঘটাব পৰা নাই। ভাৰতৰ ছিনিয়ৰ দলত প্ৰৱেশ কৰাৰ পিছত ইণ্ডিয়া-এ দলৰ পৰা উমা ছেত্ৰীৰ নাম আঁতৰাই দিয়া হয়। অহা ২৮ ছেপ্টেম্বৰত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে বিশ্বকাপৰ ৱাৰ্ম আপ মেচ খেলিব ইণ্ডিয়া-এ দলে।

২০২৪ চনৰ অক্টোবৰ মাহত ভাৰতৰ হৈ শেষ এদিনীয়া খেলা যস্তিকাক উইকেটকীপাৰ ৰিচা ঘোষৰ বেকআপ হিচাপে দলত ৰখা হৈছিল। অষ্ট্ৰেলিয়া-এৰ বিৰুদ্ধে ইণ্ডিয়া-এৰ হৈ ৫৯, ৬৬ আৰু ৪২ ৰানৰ ইনিংছ খেলি দলত স্থান লাভ কৰে। অৱশ্যে এতিয়া তেওঁ বিশ্বকাপত অংশ ল’ব নোৱাৰিব।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *