সৰ্বভাৰতীয় অসামৰিক সেৱা বেডমিণ্টন প্ৰতিযোগিতাত অসমৰ চমকপ্ৰদ সফলতা ; মহিলা দলীয় শাখাত স্বৰ্ণ আৰু পুৰুষ দলীয় শাখাত চতুৰ্থ স্থান

সৰ্বভাৰতীয় অসামৰিক সেৱা (AICS) বেডমিণ্টন প্ৰতিযোগিতা ২০২৫-২৬, গোৱা চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ৰ উদ্যোগত  গোৱাৰ  মাপুচাৰ পেড্ডেমস্থিত দয়ানন্দ বান্দোডকৰ ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত হয় ।  অসম সচিবালয়ৰ দলটোৱে পুৰুষ আৰু মহিলা উভয় শাখাৰ দলগত তথা ব্যক্তিগত শাখাত অংশগ্ৰহণ কৰি বিশেষ সফলতা লাভ কৰে।  দলগত মহিলা শাখাত অসম দলটোক প্ৰতিনিধিত্ব কৰা  ৰীক্ষিতা চলিহা, সুজেন বুঢ়াগোহাঁই, মনালি বৰা আৰু লতা বৰুৱাই উন্নত প্ৰদৰ্শনৰে  স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হয়। পুৰুষ দলটোৱেও উন্নত ক্ৰীড়া প্ৰতিভা প্ৰদৰ্শনৰে  যোৱা বছৰৰ চেম্পিয়ন আৰ এ বি  চিমলাকো পৰাজিত কৰি  চতুৰ্থ স্থান দখল কৰে।

পুৰুষ দলটোৰ সদস্যসকল আছিল— নিবিড় ৰঞ্জন চৌধুৰী, অয়ন ৰছিদ, হিমানিশ শেখৰ দাস, জয়ৰাজ পেগু, অভিষেক বৰা, অধ্যাপক ডাঃ জ্যোতিৰ্ময় শৰ্মা, বিষ্ণু কুমাৰ ডেকা, ৰঞ্জিত গগৈ, হিমাংশু বৰা, প্ৰাঞ্জল পাংগিং আৰু সৌমিত্র দাস। দলটোৰ প্ৰশিক্ষক আছিল বাবুল বৰা আৰু মেনেজাৰ আছিল হিমন জ্যোতি বেজ । ব্যক্তিগত শাখাত দলটোৱে  ৩টা পদক লাভ কৰে। তাৰ ভিতৰত নিবিড় ৰঞ্জন চৌধুৰীয়ে পুৰুষৰ যুটীয়া শাখাত স্বৰ্ণ পদক, মনালি বৰাই মিশ্ৰিত যুটীয়া শাখাত  ৰূপৰ পদক আৰু বিষ্ণু কুমাৰ ডেকা আৰু ৰঞ্জিত গগৈৰ দলটোৱেও ৫০ বছৰ উৰ্ধৰ পুৰুষৰ যুটীয়া শাখাত  ব্ৰঞ্জৰ পদক লাভ কৰে । 

উল্লেখযোগ্য যে এ আই চি এছ (AICS) বেডমিণ্টন প্ৰতিযোগিতাখন কেন্দ্ৰীয় অসামৰিক সেৱা সাংস্কৃতিক আৰু ক্ৰীড়া পৰিষদৰ তত্ত্বাৱধানত ভাৰতৰ বিভিন্ন ঠাইত বিভিন্ন ক্ৰীড়া আৰু সাংস্কৃতিক কাৰ্যসূচীৰ সৈতে বাৰ্ষিকভাৱে অনুষ্ঠিত হয়। এইবেলি ক্ৰীড়া সমাৰোহত ৪৬টা সচিবালয় আৰু আঞ্চলিক ক্ৰীড়া পৰিষদৰ পৰা ১,০০০ৰো অধিক খেলুৱৈয়ে শ্ৰেষ্ঠত্বৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিছিল। অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ পৃষ্ঠপোষকতাত অংশগ্ৰহণ কৰা অসম সচিবালয় দলটোৰ এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ সৰ্বকালৰ শ্ৰেষ্ঠ প্ৰদৰ্শনক ৰাজ্যৰ ক্ৰীড়া মহলে ভূয়সী প্ৰশংসা কৰিছে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *