সপ্তম ৰাষ্ট্ৰীয় মিক্সড মাৰ্চিয়েল আৰ্টছ চেম্পিয়নশ্বিপত অসমৰ সাফল্য

ছত্তীশগড়ৰ ৰায়পুৰত অনুষ্ঠিত সপ্তম এম এম এ অৰ্থাৎ মিক্সড মাৰ্চিয়েল আৰ্টছ ইণ্ডিয়া নেচনেল চেম্পিয়নশ্বিপ ২০২৪ত টিম অসমে মুঠ  ১৭ টা পদক অৰ্জন কৰিছে।

এই পদকৰ ভিতৰত আছে ৭ টা সোণ, ৫ টা ৰূপ আৰু ৪ টা  ব্ৰঞ্জৰ পদক। ৮-১২ মে’ত অনুষ্ঠিত এই চেম্পিয়নশ্বিপত দেশৰ ২৬ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৬০০ৰো অধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰে।

খেলুৱৈসকলক ভাৰতত সমাগত এছিয়ান এণ্ড ৱৰ্ল্ড চেম্পিয়নশ্বিপ ২০২৪ত প্ৰতিনিধিত্ব কৰিবলৈ নিৰ্বাচন কৰা হৈছে ।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *