Assam State Open School পৰীক্ষা কেলেংকাৰী

Assam State Open School পৰীক্ষা কেলেংকাৰী । সমগ্ৰ ৰাজ্যৰ লগতে বিলাসীপাৰা মহকুমাৰ অন্তৰ্গত বৰকান্দা পিপলচ একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়তো চলি আছে Assam State Open School পৰীক্ষা । পৰীক্ষা কেন্দ্ৰ খনত সহশ্ৰাধিক পৰীক্ষাৰ্থীয়ে পৰীক্ষা দি আছে যদিও পৰীক্ষাৰ্থী সকলে মোৱাইল ফোনৰ সহায় লৈ পৰীক্ষা সমাপন কৰি আছে আৰু য’ত নেকি তেওঁলোকক সহায়ৰ হাত আগবঢ়াই আছে কিছু নিৰ্দিষ্ট সংখ্যক ব্যক্তিয়ে। ইয়াৰ খবৰ পাই আৰক্ষীৰ উচ্চ পদস্থ বিষয়া এগৰাকীয়ে নয়াহাট আৰক্ষীক লগতলৈ পৰীক্ষা কেন্দ্ৰ খনত তালাচী চলাই ১৭ জন পৰীক্ষাৰ্থীক থানালৈ লৈ আহে । তেওঁলোকৰ মোৱাইলত পৰীক্ষা সংক্ৰান্তীয় কিছু আপত্তিজনক তথ্য উদ্ধাৰ হয় আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত বিদ্যালয় খনৰ প্ৰাক্তন অধ্যক্ষ আৰু তেওঁৰ ল’ৰাক মাতিনি অধিক তথ্য উদ্ধাৰৰ বাবে নিজৰ জিম্মাত ৰাখি দিয়ে বুলি জানিবলৈ দিয়ে আৰক্ষী বিষয়া গৰাকীয়ে । উক্ত ঘটনাক কেন্দ্ৰ কৰি বৰ্তমান অঞ্চলটোত এক চাঞ্চলকৰ পৰিৱেশে বিৰাজ কৰা দেখা গৈছে ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *