ৰাষ্ট্ৰপতি ভৱনৰ গণৰাজ্য দিৱসৰ বিশেষ চাহ পৰ্বত উজ্বলিল অসমঃ তিল পিঠা আৰু লাৰুৰে অতিথিক অপ্যায়ন ৰাষ্ট্ৰপতিৰ

নতুন দিল্লীঃ পবিত্ৰ গণৰাজ্য দিৱস উপলক্ষে ৰাষ্ট্ৰপতি ভৱনত আয়োজিত হাই-টী বা বিশেষ চাহ চক্ৰত এইবাৰ উত্তৰ-পূৰ্বাঞ্চলৰ পৰম্পৰাগত খাদ্যসম্ভাৰে বিশেষ মৰ্যাদা লাভ কৰিছে। ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৱে আয়োজন কৰা এই অনুষ্ঠানৰ মেনুত অসমৰ লগতে ত্ৰিপুৰা, নাগালেণ্ড, মণিপুৰ আৰু অৰুণাচল প্ৰদেশৰ কেইবাটিও জুতি লগা থলুৱা ব্যঞ্জনে স্থান লাভ কৰে। বিশেষকৈ অসমৰ মাঘ বিহুৰ পৰম্পৰাৰ সৈতে জড়িত তিল পিঠা, তিলৰ লাড়ু আৰু নাৰিকলৰ লাড়ুৱে ৰাষ্ট্ৰীয় পৰ্যায়ৰ এই অনুষ্ঠানত সকলোৰে দৃষ্টি আকৰ্ষণ কৰে।

অসমৰ উপৰি উত্তৰ-পূবৰ আন ৰাজ্যসমূহৰ খাদ্য সংস্কৃতিৰ বৈচিত্ৰ্যও এই চাহ চক্ৰত প্ৰতিফলিত হয়। ৰাজ্যখনৰ লগতে নাগালেণ্ড আৰু মণিপুৰত জনপ্ৰিয় পুষ্টিকৰ ক’লা চাউলৰ পায়স অনুষ্ঠানটোৰ অন্যতম আকৰ্ষণ হৈ পৰে। ইয়াৰ উপৰি অসম আৰু ত্ৰিপুৰাৰ শীতকালীন জনপ্ৰিয় ব্যঞ্জন পাটি চাপটা পিঠায়ো দুই চুবুৰীয়া ৰাজ্যৰ উমৈহতীয়া খাদ্য ঐতিহ্যক ৰাষ্ট্ৰপতি ভৱনত প্ৰতিনিধিত্ব কৰে।

ত্ৰিপুৰাৰ পৰা জিআই টেগ প্ৰাপ্ত বিখ্যাত মাতাবাৰী পেড়াৰ জৰিয়তে ৰাজ্যখনৰ সুকীয়া পৰিচয় দাঙি ধৰে বিভাগীয় কৰ্তৃপক্ষই। ইলাচীৰ সুগন্ধি আৰু কোমল সোৱাদৰ বাবে পৰিচিত এই মিঠাইবিধ ত্ৰিপুৰাৰ ধৰ্মীয় আৰু সামাজিক পৰম্পৰাৰ এক অবিচ্ছেদ্য অংগ। একেদৰে অৰুণাচল প্ৰদেশৰ পৰম্পৰাগত লচাৰ উৎসৱৰ বিশেষ খাদ্য ‘খাপচে’ৰ উপস্থিতিয়ে হিমালয়ৰ পাদদেশৰ সাংস্কৃতিক বিবিধতাক প্ৰতিফলিত কৰে।

দেশৰ গণ্য-মান্য ব্যক্তিসকল উপস্থিত থকা এই হাই-টী অনুষ্ঠানত উত্তৰ-পূবৰ থলুৱা সামগ্ৰীৰে প্ৰস্তুত কৰা এই ব্যঞ্জনসমূহৰ অন্তৰ্ভুক্তিয়ে অসম তথা সমগ্ৰ অঞ্চলটোৰ খাদ্য সংস্কৃতিক এক নতুন মাত্ৰা প্ৰদান কৰিছে। ৰাষ্ট্ৰীয় উদযাপনৰ মাজত থলুৱা সোৱাদক এনেদৰে গুৰুত্ব প্ৰদান কৰা কাৰ্যক সচেতন মহলে আদৰণি জনাইছে। ইয়াৰ জৰিয়তে ভাৰতৰ বৈচিত্ৰ্যময় সংস্কৃতিৰ মাজত উত্তৰ-পূৰ্বাঞ্চলৰ অনন্য পৰিচয় পুনৰবাৰ শক্তিশালীভাৱে প্ৰতিষ্ঠা হৈছে বুলি বিবেচিত হৈছে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *