অসম আৰক্ষীৰ বৃহৎ সফলতা

সোমবাৰে পুৱা প্ৰায় ৫.৩০ বজাত মানকাচৰ আৰক্ষীয়ে গুৱাহাটী-মানকাচৰ নৈশবাছৰ পৰা ১০ কোটি টকাৰ নিচাজাতীয় টেবলেট সহ এজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে। উল্লেখযোগ্য যে, জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰতাব দাসৰ তত্বাৱধান আৰু মানকাচৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দ্বীপক বৰগোৱাৰীৰ নেতৃত্বত আৰক্ষীৰ দল এটাই সোনাপুৰত নৈশ বাছত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলায়। এএছ ০১ টিচি ০৩৭৫ নম্বৰৰ আশীৰ্বাদ নামৰ নৈশ বাছখনৰ পৰা আৰক্ষীয়ে কুচনিমাৰা জোৰডাঙা গঁৱৰ প্ৰয়াত ময়নাল হকৰ পুত্ৰ আশিক বাবুক (২৬) কৰায়ত্ব কৰি তেওঁৰ পৰা ৫০ হেজাৰ নিচাজাতীয় টেবলেট জব্দ কৰে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *