ক্ষেত্ৰী আৰক্ষীৰ বৃহৎ সাফল্য

মহানগৰীৰ ক্ষেত্ৰী থানাৰ আৰক্ষীৰ নিয়মীয়া তালাচীত জব্দ হ’ল বৃহৎ পৰিমানৰ নগদ ধন। উজনিৰ পৰা মহানগৰ অভিমুখে আহি থকা এএছ১৬-এ-৮২০০ নম্বৰৰ নৈশ বাছখনত তালাচী চলাওতেই উদ্ধাৰ হয় এই বৃহৎ পৰিমাণৰ ধনৰাশি।গুটখা জাতীয় সামগ্ৰীৰ সৈতে গ্ৰাহকৰ বাবে দিয়া উপহাৰ কুপনসহ জব্দ এই ধন ৰাশি জব্দ কৰে আৰক্ষীয়ে। কেইবাটাও পেকেটত মেৰেয়াই বস্তাত ভৰাই অনা ধনৰাশিৰ পৰিমাণ আছিল ৩০ লাখৰো অধিক।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *