সোমবাৰে নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত দুগৰাকীকৈ গৌৰৱী অসমীয়াই লাভ কৰিলে দেশৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী বঁটা ৷ ৰাজধানী চহৰখনত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত দুগৰাকীকে অসমীয়াক এই বঁটা প্ৰদান কৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ৷চলিত বৰ্ষৰ পদ্মশ্ৰী বঁটা লাভ কৰা দুয়োগৰাকী অসমীয়া হৈছে ক্ৰমে- ডিমা হাছাওৰ জয়নাচৰণ বাথাৰী আৰু বড়ো কবি তথা লোককথাবিদ, অধ্যাপক অনিল কুমাৰ বড়ো ৷ দুয়োগৰাকী বিশিষ্ট ব্যক্তিৰ সফলতাত গদগদ হৈ পৰিছে প্ৰতিগৰাকী অসমীয়াৰ বুকু ৷
২জন অসমীয়াই গৌৰৱ কঢ়িয়াই আনিলে
