কৰ্তব্যৰত অৱস্থাত মৃত্যুক সাবটি লোৱা এগৰাকী বনকৰ্মীলৈ সহায়ৰ হাত আগবঢ়াইছে অসম বন সংপালক সন্থাই । উল্লেখ্য যে যোৱা ১৯ মার্চত বিশ্ব ঐতিহ্য কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত কর্তব্যৰত অৱস্থাত সলিল সমাধি ঘটিছিল জিৰচং ইংতিৰ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত কৰ্তব্য পালন কৰি থকা অৱস্থাতেই মৃত্যুমুখত পৰা জিৰচং ইংতিৰ পৰিয়ালক সহায়ৰ বাবে ২৬ জুনত ইংতিৰ কাৰ্বি আংলং বকলীয়াৰ ধৰমতুলস্থিত বাসগৃহত উপস্থিত হয় অসম বন সংপালক সন্থাৰ এটা সঁজাতী দল।
সন্থাৰ সভাপতি প্ৰাঞ্জল বৰুৱা আৰু সাধাৰণ সম্পাদিকা শ্বামিম আখতাৰৰ নেতৃত্বত সন্থাৰ সঁজাতি দলটোৱে জিৰচং ইংতিৰ পৰিয়ালটোক সমবেদনা জ্ঞাপন কৰাৰ লগতে নগদ ধনেৰে আৰ্থিক সহায় প্ৰদান কৰে। কৰ্তব্যৰত অৱস্থাত প্ৰাণ হেৰুওৱা বনকর্মী জিৰচং ইংতিৰ পৰিয়ালক সন্থাৰ সজাতি দলটোৱে নগদ ৫০ হেজাৰ টকা আর্থিক সাহায্য হিচাপে প্রদান কৰে।
সজাতি দলটোত সন্থাৰ সভাপতি, সাধাৰণ সম্পাদিকাৰ লগতে সন্থাৰ কাৰ্যবাহী সদস্য দিপন ডেকা, সদস্য গিৰীশ বৰা, প্ৰভাত বৰুৱা আৰু পিটাৰ সিংনাৰ উপস্থিত থাকে। সহায়ৰ হাত আগবঢ়োৱা বাবে সন্থাক প্রয়াত বনকৰ্মীৰ পৰিয়ালৰ ফালৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছে । আনহাতে সন্থাৰ সজাতি দলটোৱে প্ৰয়াত বনকৰ্মী গৰাকীৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
