বানৰ কবলত ৰাজ্য

নেৰানেপেৰা বৰষুণৰ ফলত অসমৰ একাধিক অঞ্চল বানত প্লাৱিত হোৱাৰ তথ্য পোৱা গৈছে । গ্ৰাম্যাঞ্চল আৰু চহৰীয়া অঞ্চল উভয়তে বসবাস কৰা লোকসকল ব্যাপক সমস্যাৰ সন্মুখীন হৈছে । চৰকাৰী সূত্ৰ অনুসৰি ছখন জিলা- ধেমাজি, লখিমপুৰ, গোলাঘাট, কামৰূপ, কামৰূপ মহানগৰ, আৰু কাছাৰত বাঢ়নী পানীৰ ফলত ক্ষয়-ক্ষতি হোৱাৰ বাতৰি পোৱা গৈছে । গুৱাহাটী মহানগৰীৰ বিভিন্ন অঞ্চলত ৰাজপথ সমূহ বাঢ়নী পানীয়ে বুৰাই পেলোৱাৰ ফলত শনিবাৰে শিক্ষানুষ্ঠানসমূহ বন্ধ ঘোষণা কৰা হয় ।ইফালে গুৱাহাটীৰ বৰঝাৰস্থিত ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আজি অসমৰ কেইবাখনো জিলাত বজ্ৰপাতৰ লগতে প্ৰচণ্ড ধুমুহাৰ সতৰ্কবাণী জাৰি কৰিছে । এই সতৰ্কবাণী অনুসৰি পুৱা ১০ বজাৰ পৰা ১:০০ বজাৰ ভিতৰত প্ৰতিকূল বতৰৰ পৰিস্থিতিয়ে কাছাৰ, ডিমা হাচাও, হাইলাকান্দি, কামৰূপ, কামৰূপ মহানগৰ আৰু শ্ৰীভূমি জিলাত প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা আছে ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *