অসমৰ জনজীৱনত গুৰুত্বপূৰ্ণ মাহ হিচাপে পৰিগণিত হৈ অহা ভাদ মাহত হৰি নামেৰে মুখৰিত হৈ থাকে অসমৰ সত্ৰ আৰু নামঘৰ সমূহ । আনকি গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ বৰঝাৰ বিমানবন্দৰৰ পৰা প্ৰায় ৪০ কিঃমিঃ নিলগৰ চুবুৰীয়া মেঘালয়ৰ ৰি-ভয় জিলাৰ মহকুমা সদৰ পাথাৰখামা চহৰৰ পৰা মাত্ৰ ২ কিঃমিঃ নিলগত থকা তথা জিৰাং বিধানসভা সমষ্টিৰ অন্তৰ্গত বাৰেগাওঁ আৰু উমচাও নামৰ গাওঁ দুখনত ২৫০ ঘৰ ৰাভা জনগোষ্ঠীৰ লোক বসবাস কৰি আহিছে। পৰিস্থিতিৰ তাগিদাত পৰি বহিঃ ৰাজ্যত থাকিলেও তাৰ বাসিন্দা সকলে এতিয়াও শিপা এৰি দিয়া নাই । অবিভক্ত অসমত থকাৰ সময়তে তাত স্থাপন কৰা হৈছিল শ্ৰী শ্ৰী কলীয়া ঠাকুৰ নামঘৰ আৰু মন্দিৰ। নামঘৰ পৰিচালনা কমিটীৰ সভাপতি সুৰেন চিনাল, ৰাভা , সম্পাদক শুক্লেশ্বৰ দিয়া , ডাকুৱা ঘেতোৰাম মেগো , ভৰালী হৰি ৰাভা ( ভকত), বাৰিকা তাবিত দিয়া, সহকাৰী সম্পাদক সুনীল ৰাভা, নামঘৰৰ মহিলা সমাজৰ সভানেত্ৰী প্ৰতিভা ৰাভা, সম্পাদিকা বাসন্তী ৰাভা, সহকাৰী সম্পাদিকাদ্বয় চপিলা ৰাভা আৰু নিৰলা ৰাভাই জানিবলৈ দিয়া মতে তেওঁলোকৰ পিতৃ পুৰুষৰ দিনৰে পৰা নামঘৰত ভাদ মাহত পুৰুষ – মহিলা সকলে নাম – প্ৰসংগত ভাগ লৈ আহিছে । ইয়াৰ মাজতে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ আৰু মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ তিৰোভাৱ তিথি দুটাৰ লগতে ভগৱান শ্ৰী কৃষ্ণৰ জন্মাষ্টমীও নাম – প্ৰসংগৰ মাজেৰে উদযাপন কৰা হয় । আনহাতে ঠাকুৰ নামঘৰ কমিটীৰ আমন্ত্ৰণ ক্ৰমে পাৰস্পাৰিক সাংস্কৃতিক বিনিময় কাৰ্যসূচীৰ অংশ হিচাপে অসমৰ গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ খানামুখৰ প্ৰখ্যাত নামতি দল “জ্ঞানমালিনী বিকশিত মহিলা দল”টোৰ সভানেত্ৰী পূৰ্ণিমা কলিতা আৰু সম্পাদিকা জুমি কলিতাৰ নেতৃত্বত যোৱা ১৪ জনীয়া নামতী দলটোৱে তাৰ নামঘৰত নাম – প্ৰসংগ পৰিবেশন কৰি বাৰেগাওঁ আৰু উমচাওৰ পুৰুষ – মহিলা , শিশু নিৰ্বিশেষে কেবা শতাধিক লোকক আপ্লুত কৰে। মহিলা দলটোক নামঘৰৰ পৰিচালনা কমিটীৰ ফালৰ পৰম্পৰাগত ভাৱে আদৰণি জনোৱা হয়। একেদৰে নামতী দলটোৰ সভানেত্ৰী পূৰ্ণিমা কলিতা আৰু সম্পাদিকা জুমি কলিতাই নামঘৰ পৰিচালনা কমিটীৰ সভাপতি – সম্পাদকক একোখনকৈ ফুলাম গামোচাৰে আদৰণি জনায়।
তাৰ পাছত নামতী দলটোৱে কলীয়া ঠাকুৰ নামঘৰৰ পৰা কিছু নিলগৰ চিংক্লি কলনীৰ মূখ্য পৰিচালক , বিশিষ্ট সমাজকৰ্মী ওৰাল চিংক্লিৰ আমন্ত্ৰণ ক্ৰমে সাংস্কৃতিক বিনিময় কাৰ্যসূচীৰ অংশ হিচাপে চৌহদত থকা টেনচন ফ্ৰী মঞ্চত দিহানাম পৰিবেশন কৰি উপস্থিত সকলোকে আপ্লুত কৰে । এই সন্দৰ্ভত বাৰেগাঁৱৰ গাওঁবুঢ়া বিতেশ্বৰ পাথো , উমচাও গাওঁৰ গাওঁবুঢ়া হুবিৰাম দিয়া, উমচাও মহিলা সমাজৰ সভানেত্ৰী জিতুমণি নংবাক, প্ৰাক্তন সভানেত্ৰী বাসন্তী ৰাভা, সম্পাদিকা ৰঞ্জিতা মেগোৱে জানিবলৈ দিয়া মতে অসমৰ পৰা দূৰত থাকিলেও তেওঁলোকে নীৰৱে অসমীয়া সংস্কৃতিৰ চৰ্চা কৰি আহিছে। গাওঁ দুখনৰ পুৰুষ – মহিলা নিৰ্বিশেষে সকলোৱে কম – বেছি পৰিমাণে দিনৰ ভাগত কৃষি – কৰ্মত ব্যস্ত হৈ থকা বাবে নামঘৰত প্ৰতি সোমবাৰে সন্ধিয়াৰ পাছত মহিলা সকলে নাম – কীৰ্তন পৰিবেশন কৰি আহিছে। আনকি পৰিবৰ্তিত পৰিস্থিতিত গাওঁ দুখনৰ উঠি অহা মহিলা – যুৱতী সকলেও যাতে বিশুদ্ধ ৰূপত দিহানাম শিকিব পাৰে তাৰ বাবে শ্বিলং , নংপো, বৰাপানী আদিকে ধৰি মেঘালয়ৰ বিভিন্ন প্ৰান্তত বাস কৰা অসমীয়া সমাজত সময়ে সময়ে দিহানাম পৰিবেশন কৰি ভূয়সী প্ৰশংসা লাভ কৰি অহা অসমৰ প্ৰখ্যাত নামতী দল হিচাপে পৰিচিত গুৱাহাটীৰ খানামুখৰ জ্ঞানমালিনী বিকশিত মহিলা দলটোক সাংস্কৃতিক বিনিময় কাৰ্যসূচীৰ অংশ হিচাপে নাম পৰিবেশন কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছিল। আমন্ত্ৰণ ৰক্ষা কৰি প্ৰায় তিনি ঘণ্টা ধৰি দিহানাম পৰিবেশন কৰা বাবে ৰাইজে দলটোৰ শলাগ লৈছে। ইফালে অঞ্চলটোৰ উদ্যমী যুৱক ৰণো চাম্বাই জানিবলৈ দিয়া মতে প্ৰতি বছৰে অসমীয়া নৱবৰ্ষৰ বহাগ মাহৰ ৮ তাৰিখে তাত পৰম্পৰাগতভাৱে সুঁৱৰি উৎসৱ পালন কৰি অহা হৈছে । একেদৰে মাঘ বিহুৰ উৰুকাৰ নিশা ৰাইজে সমূহীয়াভাৱে ভোজ খাই পাছদিনা মেজি প্রজ্বলন কৰে গাঁওবাসীয়ে। অৱশ্যে অঞ্চলটোৰ বেছিভাগ বাসিন্দা দুখীয়া হোৱা বাবে নামঘৰটো জৰাজীৰ্ণ ৰূপ ধাৰণ কৰা স্বত্বেও তেওঁলোকে নতুনকৈ নিৰ্মাণ কৰিব পৰা নাই। ২০১৮ চনত পূৰ্বৰ তথা বৰ্তমানৰো মেঘালয়ৰ জিৰাং বিধানসভা সমষ্টিৰ বিধায়কজনে ৰাইজৰ দাবীৰ প্ৰতি সঁহাৰি জনাই নামঘৰৰ চাৰিওফালে চৰকাৰী আঁচনিৰ জৰিয়তে সীমাৰ দেৱাল নিৰ্মাণ কৰি দিয়াত এটা বহুদিনীয়া অভাৱ পূৰণ হৈছে।
কিন্তু নামঘৰৰ মূল গৃহ তথা ঘৰটোৰ লগতে ভঁৰাল আৰু আন আনুসংগিক গৃহৰ টিনৰ চালি সমুহ ক্রমান্বয়ে জহি খহি যোৱাৰ উপক্ৰম হৈছে । যাৰ বাবে তাৰ বাসিন্দা সকলৰ আৰ্থিক অনাটনৰ প্ৰতি লক্ষ্য ৰাখি ৰাইজে অসম চৰকাৰ , অসমৰ বিভিন্ন দল – সংগঠনৰ ওচৰত প্ৰার্থনা জনাইছে যাতে অসমীয়া সংস্কৃতিৰ এক অভিন্ন অংগ স্বৰূপ নামঘৰটোৰ পূৰ্ণনিৰ্মাণৰ ক্ষেত্ৰত সহায়ৰ হাত আগবঢ়ায়। এইক্ষেত্ৰত অসমৰ মূখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাক বিষয়টোত বিশেষ গুৰুত্ব দিবলৈও ৰাইজে আহ্বান জনাইছে। কিয়নো তাৰ বাসিন্দা সকলৰ আৰ্থিক অনাটনৰ প্ৰতি লক্ষ্য ৰাখি এইখিনী উপকাৰ কৰিলে অসমীয়া কৃষ্টি, সংস্কৃতি, নামধৰ্মৰ চৰ্চাৰ অন্যতম প্ৰাণকেন্দ্ৰ স্বৰূপ নামঘৰটো ৰক্ষা পৰাৰ লগতে অঞ্চলটোৰ ৰাভা জনগোষ্ঠীৰ লোকসকলৰ এটা বহুদিনীয়া অভাৱ পূৰণ হব। উল্লেখ্য যে পূর্বতে তাত দুখনকৈ অসমীয়া মাধ্যমৰ বিদ্যালয় ক্রমে – উমচাও প্রাথমিক বিদ্যালয় আৰু বাৰেগাঁও প্রাথমিক বিদ্যালয় আছিল। কিন্তু পৰিবৰ্তিত পৰিস্থিতিত সময়ৰ সোঁতত সেই বিদ্যালয় দুখন ইংৰাজী মাধ্যমৰ বিদ্যালয়লৈ সলনি হৈ গৈছে। অথচ বিদ্যালয়ত পঢ়াৰ বাহিৰে তাত বাস কৰা ৰাভা জনগোষ্ঠীৰ লোকসকলৰ সকলোৱে তাত দৈনন্দিন জীৱনত নিজৰ মাজত কথা – বাৰ্তাত অসমীয়া ভাষা ব্যৱহাৰ কৰি আহিছে। উঠি অহা প্ৰজন্মৰ যুৱক – যুৱতী বা ছাত্ৰ – ছাত্ৰীসকলে অসমীয়া আখৰ বা লিপি চিনি নাপালেও সকলোৱে অসমীয়া ভাষা কয় আৰু বুজি পাই। অথচ ইচ্ছা থকা স্বত্তেও তেওঁলোকে এতিয়া অসমীয়া পঢ়াৰ সুযোেগ নাপাই আক্ষেপ প্ৰকাশ কৰি আহিছে। তাৰ পুৰণি বাসিন্দা সকলে অসম চৰকাৰক অনুৰোধ জনাইছে যাতে মেঘালয় চৰকাৰৰ জৰিয়তে তাত প্ৰাথমিক আৰু মাধ্যমিক পৰ্যায়লৈকে বিদ্যালয়ত অসমীয়া ভাষাটো প্ৰচলন কৰে।
