অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ নামত উৎসৰ্গিত কৰা হৈছে জিৰ’ উৎসৱ

অৰুণাচল প্ৰদেশৰ সেউজীয়া পাহাৰীয়া ভূমিত প্ৰত্যেক বছৰৰ দৰে এইবাৰো ২০২৫ বৰ্ষৰ জিৰ’ উৎসৱ ২৫–২৮ ছেপ্টেম্বৰলৈ অনুষ্ঠিত হ’ব । এইবাৰ মহোৎসৱৰ মুকলি দিনটো কিংবদন্তি শিল্পী, অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ নামত উৎসৰ্গিত কৰা হৈছে ৷ এগৰাকী স্বাধীন শিল্পী, যাৰ সংগীত আৰু মনোভাৱে সমগ্ৰ উত্তৰ-পূব আৰু ইয়াৰ বাহিৰৰ প্ৰজন্মক অনুপ্ৰাণিত কৰিছিল, তেওঁৰ নামত উৎসৰ্গা কৰা হৈছে এই মহোৎসৱৰ প্ৰথম দিনটো ৷জিৰ’ ফেষ্টিভেলৰ সহ-প্ৰতিষ্ঠাপক অনুপ কুট্টিয়ে জনায়, ‘‘জুবিন গাৰ্গ হৈছে এনে এজন শিল্পী যি পোনপটীয়াকৈ অনুৰাগীৰ ওচৰলৈ যাব পাৰে । আমি সকলোৱে তেওঁৰ বাবে উদযাপন কৰা উচিত আৰু ইয়াৰ পৰা শিকিব লাগে আমি ৷’’এইবাৰ মহোৎসৱৰ মুকলি দিনটো কিংবদন্তি শিল্পী, অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ নামত উৎসৰ্গিত কৰা হৈছে ৷

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *