আলফা(স্বা)ৰ হৈ পোষ্ট দি আটক এজন যুৱক

আলফা(স্বা)ৰ হৈ পোষ্ট দি আটক এজন যুৱক। গুৱাহাটীৰ পৰা আটক হোৱা যুৱকজন শিৱসাগৰৰ ডিমৌৰ প্ৰণৱজ্যোতি চেতিয়া বুলি জানিব পৰা গৈছে। ঘটনা সন্দৰ্ভত অব্যাহত আছে তদন্ত।জাতীয় দল অসমৰ সাধাৰণ সম্পাদক প্ৰণৱ জ্যোতি চেতিয়াক আটক। বৃহস্পতিবাৰে পুৱতি নিশা হাতীগাওঁ আৰক্ষীয়ে আটক কৰে প্ৰণৱক। ছাৰ্ভেৰ ঘৰৰ পৰাই আটক কৰা হয় প্ৰণৱ জ্যোতি চেতিয়াক।জানিব পৰা মতে, সামাজিক মাধ্যমত আলফাৰ সমৰ্থন পোষ্ট দিছিল প্ৰণৱে। ০২/২৫ গোচৰত ধৰি আনি ক্ৰাইম বান্সলৈ নিয়া হৈছে অভিযুক্তগৰাকীক। আৰক্ষীৰ জিম্মালৈ আনি তেওঁক সোধা পোচা কৰা হব।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *