প্ৰতিৰক্ষাৰ বাবে দেশসমূহে বৃহৎ হাৰত খৰচ কৰাৰ বিপৰীতে কিন্তু এইক্ষেত্ৰত সম্পূৰ্ণ উদাসীন হৈ থাকে কেইখনমান দেশ। উদাসীন বুলি ক’লেও প্ৰকৃততে ভুল কোৱা হ’ব, কিয়নো এই দেশকেইখনৰ কোনো সেনা বা প্ৰতিৰক্ষা বাহিনীয়েই নাই।প্ৰতিৰক্ষাৰ দৰে এক গুৰুত্বপূৰ্ণ বিভাগ নৰখাৰেই সাহসী সিদ্ধান্ত লৈছে এই দেশকেইখনে। ইয়াৰ ভিতৰত কোষ্টা ৰিকা, আইচলেণ্ডৰ দৰে দেশো আছে। দক্ষিণ আমেৰিকাৰ দেশ কোষ্টা ৰিকাই ১৯৪৯ চনত প্ৰতিৰক্ষা বাহিনী নৰখাৰ সাহসী সিদ্ধান্ত লৈছিল। এই দেশৰ উত্তৰত নিকাৰাগুয়া আৰু দক্ষিণে পানামা। কোষ্টা ৰিকা আজি দক্ষিণ আমেৰিকাৰ আটাইতকৈ সুখী আৰু সুস্থিৰ দেশ।আইচলেণ্ডৰ দৰে দেশতো সেনাবাহিনী নাই। এই দেশখন নিজৰ নিৰাপত্তাৰ বাবে নাটোৰ ওপৰত নিৰ্ভৰশীল। ভৌগোলিকভাৱে বিচ্ছিন্নতাৰ বাবে এই দেশত শক্তিশালী উপকূল ৰক্ষক আছে। ইউৰোপীয় দেশ লিচেনষ্টাইনতো কোনো সামৰিক বাহিনী নাই। ১৮৬৮ চনত তেওঁলোকে নিজৰ সামৰিক বাহিনী বিলুপ্ত কৰে। দেশখনত আৰক্ষী বাহিনী আছে যদিও চুইজাৰলেণ্ডে তেওঁলোকক সামৰিক সুৰক্ষা প্ৰদান কৰে।
এই দেশকেইখনৰ কোনো সেনা বা প্ৰতিৰক্ষা বাহিনীয়েই নাই
