দীঘলীয়া সংঘাতৰ পিছত আৰ্মেনিয়া আৰু আজাৰবাইজানৰ মাজত শান্তি চুক্তি স্বাক্ষৰ

আৰ্মেনিয়া আৰু আজাৰবাইজানৰ মাজত দশক দশক ধৰি চলি অহা সংঘাতৰ অন্ত পেলাবলৈ শুকুৰবাৰে হোৱাইট হাউছত শান্তি চুক্তি স্বাক্ষৰিত হয়। দুয়োখন দেশৰ মাজত শান্তি চুক্তি স্বাক্ষৰ ড’নাল্ড ট্ৰাম্পৰ মধ্যস্থতাত হয়। এই চুক্তিৰ পিছতে আজাৰবাইজানৰ ৰাষ্ট্ৰপতি ইলহাম আলিয়েভ আৰু আৰ্মেনিয়াৰ প্ৰধানমন্ত্ৰী নিকল পাছিনিয়ানে হাত মিলাই। আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে এই মুহূৰ্তক এক ঐতিহাসিক পৰিঘটনা বুলি অভিহিত কৰে। এই চুক্তিৰ বিষয়ে ট্ৰাম্পে কয় যে ইয়াৰ বাবে বহু সময় লাগিছিল।

এই চুক্তিৰ জৰিয়তে দুয়োখন দেশৰ মাজত কিছুমান গুৰুত্বপূৰ্ণ পৰিবহণ পথ পুনৰ মুকলি হোৱাৰ লগতে অঞ্চলটোত আমেৰিকাৰ প্ৰভাৱ বৃদ্ধি পাব।১৯৮০ আৰু নব্বৈৰ দশকত আজাৰবাইজানৰ আৰ্মেনিয়ান মূলৰ অঞ্চল নাগৰ্নো-কাৰাবাখক লৈ আৰ্মেনিয়া আৰু আজাৰবাইজানৰ মাজত যুদ্ধ হৈছিল আৰু তেতিয়াৰ পৰাই হিংসাত্মক পৰিস্থিতি বৃদ্ধি পাইছিল। ট্ৰাম্পে কয় যে আৰ্মেনিয়া আৰু আজাৰবাইজানে সকলো যুদ্ধ চিৰদিনৰ বাবে বন্ধ কৰাৰ লগতে মুক্ত ভ্ৰমণ, বাণিজ্য আৰু কূটনৈতিক সম্পৰ্ক বাহাল কৰাৰ প্ৰতিশ্ৰুতি দিছে।

আলিয়েভে কয়-আজি আমি ককেছাছত শান্তি প্ৰতিষ্ঠা কৰিছো। আমি যুদ্ধ, দখল আৰু ৰক্তপাতৰ সৈতে জড়িত হৈ বহু বছৰ নষ্ট কৰিলোঁ। পাছিনিয়ানে এই চুক্তি স্বাক্ষৰ কৰাটো দুয়োখন দেশৰ সম্পৰ্কত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি বুলি অভিহিত কৰে। ট্ৰাম্পে কয় যে তেওঁলোকে ৩৫ বছৰ যুঁজিছিল, এতিয়া তেওঁলোক বন্ধু আৰু দীৰ্ঘদিন ধৰি বন্ধু হৈ থাকিব।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *