“অসমৰ মনোমোহা ৰাষ্ট্ৰীয় উদ্যান আৰু বন্যপ্ৰাণী অভয়াৰণ্যবোৰ কেৱল প্ৰাকৃতিক সম্পদৰ ভৰাঁলেই নহয়, এইবোৰ অঞ্চলটোৰ চহকী জৈৱ বৈচিত্ৰ্যৰো ধ্বজাবাহক। সম্পদেৰে ভৰপূৰ এই সংৰক্ষিত অঞ্চল সমূহৰ বহনক্ষম সংৰক্ষণৰ ক্ষেত্ৰত চেষ্টাৰ কোনো ত্ৰুটী কৰা নাই।” ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকে অনুষ্ঠিত কৰা “চতুৰ্থ ওৰাং প্ৰকৃতি শিবিৰ ২০২৫” অলপতে উদ্বোধন কৰি অসম চৰকাৰৰ প্ৰধান মুখ্য বন সংৰক্ষক (বন্যপ্ৰাণী) ড: বিনয় গুপ্তাই এই মন্তব্য কৰে ।
চাৰিদিনীয়া এই অৱাসিক প্ৰকৃতি শিবিৰত অংশগ্ৰহণ কৰা শিক্ষাৰ্থী সকলক সম্বোধি ড: গুপ্তাই কয় যে এখন ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত আয়োজিত এনে শিবিৰে তেওঁলোকক প্ৰকৃতিৰ কোলাত বহি প্ৰকৃতিক নিৰীক্ষণ কৰি জৈৱ বৈচিত্ৰ্যৰ বিষয়ে জ্ঞান আহৰণৰ সুযোগ দিব। ৰাষ্ট্ৰীয় উদ্যানখনৰ কাষৰীয়া ছখন মাধ্যমিক বিদ্যালয়ৰ ৩২ শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা শিবিৰটোৰ উদ্বোধনী অনুষ্ঠানত ওৰাং ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ ক্ষেত্ৰ সঞ্চালক প্ৰদীপ্ত বৰুৱা আৰু আৰণ্যকৰ সচিব প্ৰধান ড: বিভৱ কুমাৰ তালুকদাৰো উপস্থিত থাকে।
ওৰাং ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ ক্ষেত্ৰ সঞ্চালক প্ৰদীপ্ত বৰুৱাই শিক্ষাৰ্থী আৰু তেওঁলোকৰ সৈতে অহা শিক্ষক সকলক ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল কৰ্তৃপক্ষই আৰণ্যকৰ সহযোগত পূৰ্বে অনুষ্ঠিত কৰা তিনিটা অনুৰুপ আৱাসিক শিবিৰত অংশগ্ৰহণকাৰী সকলে লাভ কৰা অভিজ্ঞতাৰ বিষয়ে উল্লেখ কৰে । তেওঁ শিক্ষাৰ্থী সকলক তেওঁলোকক এই শিবিৰত যি শিকোৱা আৰু দেখুওৱা হয় তাৰ ওপৰত মনোযোগ দিবলৈ পৰামৰ্শ দিয়ে আৰু কয় যে এইবোৰে তেওঁলোকক প্ৰকৃতিৰ জ্ঞানেৰে সমৃদ্ধ একোজন দক্ষ আৰু সু নাগৰিক হোৱাতসহায় কৰিব।