প্ৰথমখন খেলত সুন্দৰ প্ৰদৰ্শনৰ পিছত জয় অৰ্জন কৰিবলৈ সংগ্ৰাম কৰি থকা ছানৰাইজাৰ্ছ হায়দৰাবাদে শনিবাৰে ইয়াত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)ৰ খেলখনত পঞ্জাৱ কিংছৰ বিৰুদ্ধে শক্তিশালী প্ৰত্যাৱৰ্তন কৰিবলৈ আগ্ৰহী হ’ব। যোৱা বছৰৰ ইয়াৰ উপ-বিজয়ী ছানৰাইজাৰ্ছে ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে তেওঁলোকৰ প্ৰথমখন খেলত ২৮৬ ৰান সংগ্ৰহ কৰি ৪৪ ৰানত জয়লাভ কৰিছিল কিন্তু তাৰ পিছত তেওঁলোকৰ বেটছমেনসকলে দুৰ্বল প্ৰদৰ্শন দাঙি ধৰে।আক্ৰমণাত্মকভাৱে বেটিং কৰাৰ বাবে জনাজাত ছানৰাইজাৰ্ছে যোৱা তিনিখন মেচত ভাল প্ৰদৰ্শন কৰিবলৈ ব্যৰ্থ হৈছে। তেওঁলোকে এই খেলসমূহত ক্ৰমান্বয়ে ১৬৩, ১২০ আৰু ১৫২ ৰান সংগ্ৰহ কৰিছিল।
বেটছমেনসকলৰ বিফলতাৰ বাবে, তেওঁলোকে এই মেচবোৰত পৰাজয়ৰ সন্মুখীন হ’ব লগা হৈছিল। ফলস্বৰূপে, তেওঁলোকৰ মুঠ ৰানৰ হাৰো অৱনতি হৈছে। ছানৰাইজাৰ্ছৰ ট্ৰেভিছ হেড, অভিষেক শৰ্মা, ঈশান কিষাণ আৰু হেইনৰিখ ক্লাসেনৰ দৰে বিস্ফোৰক বেটছমেন আছে কিন্তু অত্যাধিক আক্ৰমণাত্মকতাৰ বাবে যোৱা কেইখনমান মেচত উইকেট হেৰুৱাইছে। যোৱা বছৰ ছানৰাইজাৰ্ছৰ সফলতাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা হেড আৰু অভিষেকে এতিয়ালৈকে দলটোক ভাল আৰম্ভণি দিবলৈ সক্ষম হোৱা নাই। চলিত অধিৱেশনত দুয়োজনৰ মাজত প্ৰথম উইকেটৰ বাবে আটাইতকৈ ডাঙৰ অংশীদাৰীত্ব হৈছে ১৫ ৰান।
কিষাণে প্ৰথমখন খেলত অপৰাজিত শতক অৰ্জন কৰিছিল কিন্তু তাৰ পিছত তেওঁ নিজৰ প্ৰদৰ্শন বজাই ৰাখিব নোৱাৰিলে। ছানৰাইজাৰ্ছৰ মাজভাগৰ মুখ্য বেটছমেন ক্লাসেনেও এতিয়ালৈকে আশা পূৰণ কৰিবলৈ সক্ষম হোৱা নাই। ইয়াৰ বিপৰীতে, নতুন অধিনায়ক শ্ৰেয়াছ আয়াৰৰ নেতৃত্বত এতিয়ালৈকে পঞ্জাৱ কিংছে ভাল প্ৰদৰ্শন কৰিছে। এই ভাৰতীয় বেটছমেনজনে সন্মুখৰ পৰা আগবাঢ়ি আছে। তেওঁ প্ৰিয়ংক আৰ্যৰ ৰূপত এজন সুন্দৰ অপেনাৰ লাভ কৰিছে। এই দুয়োটা দলৰ মাজত খেলখন সন্ধিয়া ৭.৩০ বজাৰ পৰা অনুষ্ঠিত হ’ব।