ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদে, অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠ্যপুথি ‘ভাৰত আৰু ইয়াৰ বাহিৰৰ সমাজৰ সন্ধান’ৰ চতুৰ্থ অধ্যায়ত ন্যায়পালিকাৰ ভূমিকাক লৈ কৰা বিতৰ্কিত মন্তব্যৰ বাবে ক্ষমা বিচাৰিছে। অধ্যায়টোত ন্যায়পালিকাৰ দুৰ্নীতিৰ ওপৰত আলোচনা কৰা হৈছিল, যাৰ ফলস্বৰূপৰূপে উচ্চতম ন্যায়ালয়ে শিক্ষা পৰিষদক কঠোৰ ভাষাৰে ভৰ্ৎসনা কৰা আৰু পাঠ্যপুথি সমূহক বজাৰৰ পৰা আছড়াই পেলাবলৈ নিৰ্দেশ দিছে। পাঠ্যপুথিখনৰ ডিজিটেল আৰু ছপা কপি বাজেয়াপ্ত কৰিবলৈ নির্দেশ দিয়া হৈছে আৰু শিক্ষাদানৰ বাবে ইয়াক ব্যৱহাৰ নকৰিব বিচাৰিছে। পৰিষদৰ সঞ্চালক আৰু বিদ্যালয়ৰ অধ্যক্ষৰ ওপৰত এই নিৰ্দেশনা পালন কৰাৰ দায়িত্ব অৰ্পিত হৈছে। ন্যায়ালয়ে ন্যায়পালিকাৰ মৰ্যাদা হানি কৰা যিকোনো বিষয় পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰাৰ ক্ষেত্ৰত সতর্কতা অৱলম্বন কৰিবলৈ উপদেশ দিছে।
বিতৰ্কিত অধ্যায়ৰ বাবে এনচিইআৰটিৰ নিঃচৰ্ত ক্ষমা প্ৰাৰ্থনা; দেশজুৰি পাঠ্যপুথি বাজেয়াপ্ত কৰাৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ
