মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই বুধবাৰে স্পষ্টভাৱে উল্লেখ কৰে যে ৰাজ্য চৰকাৰে কোনো কাৰণতে চৰকাৰী ভূমিৰ অবৈধ দখল সহ্য নকৰে আৰু খিলঞ্জীয়া জনগোষ্ঠীৰ অস্তিত্বত প্রভাৱ পেলোৱা যিকোনো শক্তিক কঠোৰভাৱে প্রতিহত কৰিব৷ তেওঁ কয় যে ৰাজনীতিৰ স্বাৰ্থত পূৰ্বৰ চৰকাৰসমূহে চৰকাৰী ভূমিত বৃহৎ পৰিসৰৰ বেদখলৰ অনুমতি দিছিল যদিও বৰ্তমানৰ চৰকাৰখনে এই মানসিকতা সলনি কৰি অসমৰ ভূমি আৰু সাংস্কৃতিক ঐতিহ্য ৰক্ষাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ।
বহু বেদখলকাৰীয়ে তেওঁলোকৰ বিৰুদ্ধে কোনো ব্যৱস্থা লোৱা নহ’ব বুলি বিশ্বাসৰে বেদখল অব্যাহত ৰাখিছে বুলি উল্লেখ কৰে মুখ্যমন্ত্রীয়ে৷ কিন্তু প্ৰশাসন এতিয়া এনে সকলো কাৰ্যকলাপ নাইকিয়া কৰিবলৈ দৃঢ়প্ৰতিজ্ঞ। সকলোৱে আইন মানি চলিব লাগিব আৰু অবৈধ বেদখল খালী কৰিব লাগিব।
উল্লেখযোগ্য যে বিগত ২৪ ঘন্টাত বঙাইগাঁৱত বৃহৎ পৰিসৰৰ উচ্ছেদ অভিযান চলোৱাৰ ফলত প্ৰায় ১৫ একৰ ভূমি অবৈধ দখলৰ পৰা মুক্ত কৰা হয়। অসমৰ ভূমি আৰু সাংস্কৃতিক পৰিচয়ৰ সুৰক্ষা সুনিশ্চিত কৰি য’তেই অবৈধ বেদখল পোৱা যাব তাতেই কঠোৰ ব্যৱস্থা অব্যাহত থাকিব বুলি চৰকাৰে স্পষ্ট কৰি দিয়ে৷
