কংগ্ৰেছত আন এক মোক্ষম আঘাত; গেৰুৱা শিবিৰত চামিল সাংসদ প্ৰদ্যুৎ বৰদলৈ

বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যত খহিছে কংগ্ৰেছৰ দুৰ্গ। মঙলবাৰে হঠাতে দলৰ পৰা পদত্যাগ কৰাৰ ২৪ ঘণ্টাৰ ভিতৰতে বুধবাৰে শাসকীয় ভাৰতীয় জনতা পাৰ্টিত আনুষ্ঠানিকভাৱে যোগদান কৰে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে।

নতুন দিল্লীস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰী বাসভৱনত আয়োজিত এক অনুষ্ঠানত তেওঁ গেৰুৱা দলটোৰ পতাকা হাতত তুলি লয়। এই বিশেষ কাৰ্যসূচীত বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ লগতে দলৰ কেইবাজনো সাংসদ উপস্থিত থাকে। জ্যেষ্ঠ নেতাগৰাকীক আদৰণি জনাই মুখ্যমন্ত্ৰীয়ে কয়, “কোনো আত্মসন্মান থকা ব্যক্তিয়ে বৰ্তমানৰ কংগ্ৰেছত থাকিব নোৱাৰে। ১৯৭৫ চনৰ পৰা দলটোৰ সৈতে জড়িত থকা বৰদলৈৰ দৰে জ্যেষ্ঠ নেতাক আমি বিজেপিলৈ স্বাগতম জনাইছো।” উল্লেখযোগ্য যে আগন্তুক নিৰ্বাচনৰ বাবে তেওঁক উপযুক্ত সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদানৰ বাবেও দলে বিবেচনা কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে সদৰি কৰে।

ইফালে কেইবা দশকজোৰা সম্পৰ্ক ছেদ কৰি বিজেপিত যোগদান কৰাটো এক কঠিন সিদ্ধান্ত আছিল বুলি মন্তব্য কৰে প্ৰদ্যুৎ বৰদলৈয়ে। তেওঁ লগতে কয়, “১৬ বছৰ বয়সতে কংগ্ৰেছত যোগদান কৰিছিলোঁ আৰু মোৰ জীৱন গঢ়াত দলৰ ভূমিকা অপৰিসীম। কিন্তু শেহতীয়াকৈ দলৰ ভিতৰত মই চৰম অপমান আৰু উশাহ বন্ধ হোৱা পৰিৱেশ অনুভৱ কৰিছোঁ।” অসমক দেশৰ শ্ৰেষ্ঠ ৰাজ্য হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে এতিয়াৰে পৰা বিজেপিৰ হৈ কাম কৰি যাব বুলি তেওঁ মত পোষণ কৰিছে।

অন্যহাতে নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ ইস্তাহাৰ কমিটিৰ অধ্যক্ষৰ দৰে গুৰুত্বপূৰ্ণ পদত থকাৰ পাছতো বৰদলৈৰ এই পদত্যাগে দলটোক শলঠেকত পেলাইছে। লক্ষণীয়ভাৱে তেওঁৰ পুত্ৰ প্ৰতীক বৰদলৈক কংগ্ৰেছে মাৰ্ঘেৰিটা সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। এই সন্দৰ্ভত প্ৰদ্যুৎ বৰদলৈয়ে কয় যে তেওঁৰ পুত্ৰই নিজৰ ব্যক্তিগত সিদ্ধান্ত ল’বলৈ স্বাধীন আৰু পিতৃৰ আদৰ্শই পুত্ৰৰ ওপৰত কোনো প্ৰভাৱ নেপেলায়। বৰ্তমান ৰাজ্যিক ৰাজনীতিত এই দল সলনিৰ ঘটনাই এক বিশেষ চৰ্চাৰ সৃষ্টি কৰিছে।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *